আকাশ কুসুম
অৱয়ব
আকাশ কুসুম | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | মৃণাল সেন |
ৰচনা | আশীষ বৰ্মন |
প্ৰযোজক | পূৰ্বাঞ্চল ফিল্ম প্ৰডাকচনছ |
অভিনয়ত | সৌমিত্ৰ চেটাৰ্জী অপৰ্ণা সেন শুভেন্দু চেটাৰ্জী |
চিত্ৰগ্ৰহণকাৰী | শৈলজা চেটাৰ্জী |
সংগীত পৰিচালক | সুধীন দাশগুপ্ত |
মুক্তি |
১৯৬৫ |
দেশ | ভাৰত |
ভাষা | বঙালী |
আকাশ কুসুম (ইংৰাজী: Akash Kusum) ১৯৬৫ চনত সমান্তৰাল চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ দ্বাৰা পৰিচালিত নিৰ্মিত এখন ভাৰতীয় বঙালী ছবি।[1]
কাহিনী
[সম্পাদনা কৰক]অজয় এজন স্নাতক, কিন্তু তেওঁ দুখীয়া পৰিয়ালৰ ল’ৰা। এদিন এখন বিয়াত মণিকা নামৰ ছোৱালী এজনীক লগ পায় আৰু অজয়ৰ তাইক ভাল লাগি যায়। অজয়ে মনিকাৰ ওচৰত এজন ধনী পৰিয়ালৰ সন্তান আৰু সামাজিকভাবে প্ৰতিষ্ঠিত এজন উচ্চ পৰ্যায়ৰ ব্যক্তি সাজে। কাৰণ মণিকা ধনী পৰিয়ালৰ ছোৱালী। অজয় আৰু মণিকা দুয়ো দুয়োৰে প্ৰেমত পৰি যায়। কিন্তু যেতিয়া অজয়ৰ প্ৰকৃত পৰিচয় উন্মোচিত হয়, তেতিয়া মণিকাৰ পৰিয়ালে অজয়ক মানি নলয় আৰু মণিকায়ো অজয়ৰ লগত প্ৰেমৰ সম্পৰ্ক অব্যাহত নৰখাৰ সিদ্ধান্ত লয়, যদিও মণিকা অতিকৈ ব্যথিত হয়।[2]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- সৌমিত্ৰ চেটাৰ্জী - অজয়
- অপৰ্ণা সেন - মণিকা
- শুভেন্দু চেটাৰ্জী - সত্যেন
- হাৰাধন বেনাৰ্জী - মণিকাৰ দেউতাক
- শোভা সেন - মণিকাৰ মাক[1]
বঁটা
[সম্পাদনা কৰক]- ত্ৰয়োদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৫)
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।[2]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Akash Kusum (Up in thge Clouds)". mrinalsen.org. https://www.mrinalsen.org/akash_kusum.html। আহৰণ কৰা হৈছে: 16 April 2025.
- ↑ 2.0 2.1 "Recipients of State Awards for Film 1965". DIRECTORATE OF FILM FESTIVALS. https://www.dff.gov.in/images/Documents/101_13thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 10 September 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আকাশ কুসুম সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।