আকাশ দীপ
| ব্যক্তিগত তথ্য | ||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| জন্ম | ১৫ ডিচেম্বৰ, ১৯৯৬ (২৯ বছৰ) দেহৰী, বিহাৰ, ভাৰত | |||||||||||||||
| বেটিং শৈলী | সোঁহতীয়া | |||||||||||||||
| বলিং শৈলী | সোঁহতীয়া মিডিয়াম ফাষ্ট বলাৰ | |||||||||||||||
| ভূমিকা | বলাৰ | |||||||||||||||
| আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||||||||||||||
| জাতীয় দল | ভাৰত | |||||||||||||||
| টেষ্ট অভিষেক (কেপ ৩১৩) | ২৩ ফেব্ৰুৱাৰী ২০২৪ বনাম ইংলেণ্ড | |||||||||||||||
| অন্তিম টেষ্ট | ২ জুলাই ২০২৫ বনাম ইংলেণ্ড | |||||||||||||||
| ঘৰুৱা দলৰ তথ্য | ||||||||||||||||
| বছৰ | দল | |||||||||||||||
| ২০১৬–বৰ্তমানলৈকে | মোহন বাগান | |||||||||||||||
| ২০১৯–বৰ্তমানলৈকে | বংগ ক্ৰিকেট দল | |||||||||||||||
| ২০২২–২০২৪ | ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু | |||||||||||||||
| ২০২৪ | চাৰ্ভোটেক শিলিগুৰি ষ্ট্ৰাইকাৰছ | |||||||||||||||
| ২০২৫–বৰ্তমানলৈকে | লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ | |||||||||||||||
| কেৰিয়াৰ পৰিসংখ্যা | ||||||||||||||||
| প্ৰতিযোগিতা | টেষ্ট ক্ৰিকেট | প্ৰথম শ্ৰেণী | লিষ্ট এ ক্ৰিকেট | টি-২০ | ||||||||||||
| মুঠ খেল | ৮ | ৩৯ | ২৮ | ৪৮ | ||||||||||||
| ৰাণ | ৮৯ | ৫৬৬ | ১৪০ | ৮৪ | ||||||||||||
| বেটিং গড় | ৮.০৯ | ১১.৭৯ | ১২.৭২ | ১০.৫০ | ||||||||||||
| শতক/অৰ্ধশতক | ০/০ | ০/১ | ০০0 | ০/০ | ||||||||||||
| সৰ্বোচ্চ ৰাণ | ৩১ | ৫৩* | ৪৪ | ১৭ | ||||||||||||
| বল | ১,১২৮ | ৬,২২৬ | ১,২৮০ | ১,০০৮ | ||||||||||||
| উইকেট | ২৫ | ১৩৮ | ৪২ | ৫২ | ||||||||||||
| বলিং গড় | ২৮.৬০ | ২৩.৭৯ | ২৪.৫০ | ২৬.৫১ | ||||||||||||
| এটা ইনিংছত ৫টা উইকেট | ১ | ৬ | ০ | ০ | ||||||||||||
| এখন খেলত ১০টা উইকেট | ১ | ২ | – | – | ||||||||||||
| শ্ৰেষ্ঠ বলিং | ৬/৯৯ | ৬/৬০ | ৩/৬ | ৪/৩৫ | ||||||||||||
| কেচ্চ/ষ্টাম্পিং | ১/– | ১৫/– | ৪/– | ১০/– | ||||||||||||
পদক অভিলেখ
| ||||||||||||||||
| উৎস: https://www.espncricinfo.com/cricketers/akash-deep-1176959 Espncricinfo, ৭ জুলাই ২০২৫ {{{year}}} | ||||||||||||||||
আকাশ দীপ (ইংৰাজী: Akash Deep; জন্ম:-১৫ ডিচেম্বৰ ১৯৯৬) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ।[1] তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ, ঘৰুৱা ক্ৰিকেটত বংগ ক্ৰিকেট দলৰ হৈ, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ আৰু বেংগল প্ৰ’ টি-২০ লীগত চাৰ্ভোটেক চিলিগুৰি ষ্ট্ৰাইকাৰছৰ হৈ ৰাইট আৰ্ম ফাষ্ট বলাৰ আৰু ৰাইট হেণ্ড লোয়াৰ অৰ্ডাৰ বেটাৰ হিচাপে খেলে। বিহাৰৰ ডেহৰীত জন্মগ্ৰহণ কৰা আকাশ দীপে পশ্চিমবংগৰ কলকাতাত ডাঙৰ-দীঘল হৈছিল। ২০২৪ চনৰ শৃংখলাৰ চতুৰ্থখন টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁৰ পিতৃ ৰামজী সিঙে বিহাৰৰ সাছাৰামত চৰকাৰী বিদ্যালয়ৰ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শৈক্ষিক দিশতকৈ ক্ৰিকেট খেলাৰ প্ৰতি থকা আকৰ্ষণৰ বাবে আকাশ দীপ পিতৃ-মাতৃ আৰু ওচৰ-চুবুৰীয়াৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। যি সময়ত বিহাৰ ক্ৰিকেট সন্থা নিলম্বিত হৈছিল, সেই সময়ত বিহাৰত উদীয়মান ক্ৰিকেটাৰৰ বাবে ক্ৰিকেটত নিজৰ কেৰিয়াৰৰ সম্ভাৱনাক আগুৱাই নিয়াৰ কোনো উপযুক্ত মঞ্চ নাছিল, আৰু ইয়াৰ অন্যতম বলি আছিল আকাশ দীপ। একাংশ অভিভাৱকে নিজৰ সন্তানক আকাশ দীপৰ লগত মিলি নাযাবলৈ আহ্বান জনায়, কিয়নো আকাশেই আছিল একমাত্ৰ ব্যক্তি যিয়ে সাছাৰামত ক্ৰিকেটত আবেগিকভাৱে লিপ্ত হৈছিল। ইফালে সেই অভিভাৱকসকলৰ কিছুমানে সন্তানক সাৱধান কৰি দিছিল যে তেওঁলোকৰ সন্তানে যাতে শিক্ষাবিদ্যা পৰিত্যাগ কৰি আকাশ দীপৰ পদাংক অনুসৰণ নকৰে।[3]
আকাশ দীপৰ পিতৃয়ে আপাত দৃষ্টিত বিচাৰিছিল যে তেওঁৰ পুত্ৰই এনে পৰীক্ষাত অৱতীৰ্ণ হওক যিয়ে তেওঁক চৰকাৰী চাকৰি লাভ কৰাত সহায় কৰিব, কিন্তু আকাশে ক্ৰিকেটৰ প্ৰতি থকা আগ্ৰহ এৰি দিয়া নাছিল। দেউতাকে তেওঁক বিহাৰ পুলিচ কনিষ্টবলৰ পৰীক্ষাত উপস্থিত থাকিবলৈ বা অন্ততঃ ৰাজ্য চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ ষ্টাফ পিয়নৰ চাকৰিৰ বাবে চেষ্টা কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু যি সময়ত তেওঁ নিজৰ কেৰিয়াৰৰ উচ্চাকাংক্ষাত মনোনিৱেশ কৰি আছিল, সেই সময়ত তেওঁ বিপৰ্যয়ৰ সন্মুখীন হৈছিল৷ তেওঁৰ পিতৃ আৰু ডাঙৰ ভাতৃৰ অভাৱনীয় মৃত্যু হৈছিল আৰু আকাশৰ লগতে পৰিয়ালত দুগৰাকী ভগ্নীকো এৰি থৈ গৈছিল। ছমাহৰ ভিতৰতে তেওঁৰ পিতৃ আৰু ডাঙৰ ভাতৃৰ মৃত্যু হয় আৰু আকাশ তেওঁৰ পৰিয়ালৰ তাৎক্ষণিক জীৱিকাৰ উৎস হৈ পৰে।[4]
প্ৰাৰম্ভিক কেৰিয়াৰ
[সম্পাদনা কৰক]তেওঁৰ এজন ঘনিষ্ঠ বন্ধুৱে তেওঁক দুৰ্গাপুৰৰ ক্ৰিকেট ক্লাবত যোগদান কৰি দৈনন্দিন খৰচ পৰিচালনা কৰাত সহায় কৰিছিল। তেওঁ দুৰ্গাপুৰৰ আশে-পাশে টেনিছ-বল খেল খেলিবলৈ আৰম্ভ কৰিছিল আৰু প্ৰতিদিনে ৬০০ টকা উপাৰ্জন কৰিছিল আৰু টেনিছ-বল খেল খেলি প্ৰতিমাহে প্ৰায় ২০,০০০ টকা উপাৰ্জন কৰিছিল।[3]
ক্ৰিকেট কেৰিয়াৰৰ সপোন বাস্তৱায়িত কৰিবলৈ ২০১০ চনত কলিকতাৰ ক্ৰিকেট সন্থাৰ প্ৰথম বিভাগৰ লীগত ইউনাইটেড ক্লাবত যোগদান কৰে। প্ৰথমতে তেওঁ ফ্ৰণ্টলাইন বেটছমেন হিচাপে স্থানীয় একাডেমীত যোগদান কৰিছিল যদিও প্ৰশিক্ষকৰ অনুৰোধ আৰু পৰ্যায়ক্ৰমে তেওঁৰ উচ্চতা বৃদ্ধি পাবলৈ ধৰাত তেওঁ নিজৰ পাৰদৰ্শিতা দ্ৰুত বলিঙলৈ সলনি কৰে। তেওঁ ভাৰতৰ ভিজন ২০২০ কাৰ্যসূচীৰ অংশ হিচাপে বংগৰ প্ৰাক্তন বেগী বলাৰ ৰানাদেব বসুৰ সৈতে কাম কৰিছিল আৰু এবছৰৰ ভিতৰতে তেওঁ বংগৰ ২৩ বছৰ অনুৰ্ধ ক্ৰিকেট দলৰ বাবে নিৰ্বাচিত হৈছিল।[5] কিন্তু সেই সময়ত তেওঁ কেৰিয়াৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা পিঠিৰ আঘাতৰ সন্মুখীন হৈছিল আৰু তেওঁৰ পুনৰ্বাসন প্ৰক্ৰিয়া চোৱাচিতা কৰা বংগৰ ২৩ বছৰ অনুৰ্ধৰ মুখ্য প্ৰশিক্ষক সৌৰশিশ লাহিৰীৰ পৰা সমৰ্থন লাভ কৰিছিল।[4]
ঘৰুৱা ক্ৰিকেট
[সম্পাদনা কৰক]২০১৯ চনৰ ৯ মাৰ্চত ২০১৮–১৯ চৈয়দ মুস্তাক আলী ট্ৰফীত বংগৰ হৈ তেওঁ টি-২০ত অভিষেক ঘটায়।[6] ২০১৯ চনৰ ২৪ ছেপ্টেম্বৰত তেওঁ লিষ্ট এত অভিষেক ঘটায়, ২০১৯–২০ চনৰ বিজয় হাজাৰে ট্ৰফীত বংগৰ হৈ খেলে।[7] ২০১৯ চনৰ ২৫ ডিচেম্বৰত তেওঁ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায় আৰু ২০১৯–২০ চনৰ ৰঞ্জি ট্ৰফীত বংগৰ হৈ খেলে।[8]
২০২১ চনৰ ৩০ আগষ্টত ইউ এ ইত অনুষ্ঠিত হোৱা ২০২১ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ দ্বিতীয় পৰ্যায়ৰ বাবে দীপক ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু দলত অন্তৰ্ভুক্ত কৰা হয়।[9] ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ২০২২ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতাৰ নিলামত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে তেওঁক ক্ৰয় কৰে।[10]ইয়াৰ উপৰিও তেওঁ টেষ্ট-নিমন্ত্ৰণৰ পূৰ্বে ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে ইণ্ডিয়া এৰ হৈ দুখন ভ্ৰমণ খেলত দুটা চাৰি উইকেটৰ হ’লকে ধৰি এঘাৰটা উইকেট লয়।
আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰ
[সম্পাদনা কৰক]২০২২ চনৰ এছিয়ান গেমছৰ বাবে আঘাতপ্ৰাপ্ত শিৱম মাভিৰ ঠাইত আকাশ দীপে ভাৰতৰ দলত যোগদান কৰে।[11] ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁ দীপক চাহাৰৰ আঘাতৰ সলনি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দলত অন্তৰ্ভুক্ত হয় যদিও তেওঁ কোনো এখন মেচতে খেলা নাছিল।[12]
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ বাবে শেষৰ তিনিখন টেষ্ট খেলৰ বাবে তেওঁ প্ৰথম টেষ্ট নিমন্ত্ৰণ লাভ কৰে। বংগক প্ৰতিনিধিত্ব কৰি ২০২৩–২৪ চনৰ ৰঞ্জি ট্ৰফী খেলি থকাৰ সময়তে তেওঁ নিৰ্বাচিত হোৱাৰ খবৰ লাভ কৰে।[13]
২০২৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হৈ এণ্ডাৰছন–তেণ্ডুলকাৰ ট্ৰফী দলত স্থান লাভ কৰিছিল। যদিও প্ৰথমখন টেষ্টত তেওঁক বাছনি কৰা হোৱা নাছিল৷ দ্বিতীয়খন টেষ্টত তেওঁ যশপ্ৰীত বুমৰাহৰ ঠাইত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ প্ৰথম ইনিংছত ৪ আৰু দ্বিতীয় ইনিংছত ৬ উইকেটৰ সৈতে প্ৰথমবাৰৰ বাবে ১০ উইকেটৰ জয় লাভ কৰি ভাৰতে বাৰ্মিংহামত প্ৰথমটো জয় লাভ কৰাত সহায় কৰে।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Akash Deep". ESPNcricinfo. http://www.espncricinfo.com/ci/content/player/1176959.html। আহৰণ কৰা হৈছে: 9 March 2019.
- ↑ "India vs England, 4th Test, Ranchi, February 23 - 26, 2024". ESPNcricinfo. https://www.espncricinfo.com/series/england-in-india-2023-24-1389386/india-vs-england-4th-test-1389402/full-scorecard। আহৰণ কৰা হৈছে: 8 January 2025.
- ↑ 3.0 3.1 "Call-up to Test squad reward for Akash Deep's years of toil" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/ind-vs-eng-call-up-to-test-squad-reward-for-akash-deep-s-years-of-toil-1420625। আহৰণ কৰা হৈছে: 2024-02-11.
- ↑ 4.0 4.1 "From twin tragedies within 6 months, Akash Deep now ready to realise his dream". The Times of India. 2024-02-11. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/cricket/england-in-india/akash-deep-from-twin-tragedies-to-realizing-his-dream/articleshow/107593954.cms.
- ↑ "Akash Deep: From Sasaram to Indian dressing room via Kolkata Maidans". The Times of India. 2023-12-16. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/cricket/india-in-south-africa/akash-deep-from-sasaram-to-indian-dressing-room-via-kolkata-maidans/articleshow/106048341.cms.
- ↑ "Super League Group A, Syed Mushtaq Ali Trophy at Indore, Mar 9 2019". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/1175029.html। আহৰণ কৰা হৈছে: 9 March 2019.
- ↑ "Elite, Group C, Vijay Hazare Trophy at Jaipur, Sep 24 2019". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/1200640.html। আহৰণ কৰা হৈছে: 24 September 2019.
- ↑ "Elite, Group A, Ranji Trophy at Kolkata, Dec 25–28 2019". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/1203481.html। আহৰণ কৰা হৈছে: 25 December 2019.
- ↑ "Akash Deep replaces injured Washington in RCB" (en ভাষাত). CricBuzz. 30 August 2021. https://www.cricbuzz.com/cricket-news/118798/ipl-2021-akash-deep-replaces-injured-washington-sundar-in-rcb-cricbuzzcom। আহৰণ কৰা হৈছে: 30 August 2021.
- ↑ "IPL 2022 auction: The list of sold and unsold players". ESPNcricinfo. https://www.espncricinfo.com/story/ipl-2022-auction-the-list-of-sold-and-unsold-players-1300689। আহৰণ কৰা হৈছে: 13 February 2022.
- ↑ "Akash Deep replaces injured Shivam Mavi in Asian Games squad". The Times of India. 2023-09-16. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/asian-games-2023/india-asian-games/akash-deep-replaces-injured-shivam-mavi-in-asian-games-squad/articleshow/103720504.cms.
- ↑ Sinha, Ravi (2023-12-16). "It would be a new chapter in Indian ODI cricket when they step against South Africa in their home with plenty of new faces, including Akash Deep, who replaced Deepak Chahar in the squad." (en-in ভাষাত). www.sportskeeda.com. https://www.sportskeeda.com/cricket/3-reasons-aakash-deep-replacing-deepak-chahar-india-s-odi-squad-vs-south-africa-right-move। আহৰণ কৰা হৈছে: 2024-02-11.
- ↑ Chandran, M. R. Praveen (2024-02-10). "Akash Deep says "was expecting" his maiden India Test call-up vs England" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/cricket/india-vs-england-test-squad-akash-deep-maiden-call-up-bengal-ranji-trophy/article67832646.ece। আহৰণ কৰা হৈছে: 2024-02-11.
- ↑ "1st Time In 49 Years: Akash Deep Achieves Big Record With 10-Wicket Haul Against England | Cricket News" (en ভাষাত). NDTV Sports. https://sports.ndtv.com/england-vs-india-2025/1st-time-in-49-years-akash-deep-achieves-big-record-with-10-wicket-haul-against-england-8833760। আহৰণ কৰা হৈছে: 2025-07-06.[সংযোগবিহীন উৎস]