আকুৰী
অৱয়ব
![]() বিলাহী আৰু ৰুটিৰ সৈতে আকুৰী | |
উৎপত্তিৰ স্থান | ভাৰত |
---|---|
অঞ্চল | পশ্চিম ভাৰত |
মুখ্য উপাদান | স্ক্ৰেম্বল্ড এগ |
আকুৰী ভাৰতৰ পাৰ্চী খাদ্যত খোৱা টেঙা স্ক্ৰেম্বলড এগ ডিচ৷[1][2][3] আকুৰী প্ৰায় পানী ওলোৱালৈকে সিজোৱা হয়; কণীবোৰ কেতিয়াও অতিমাত্ৰা সিজোৱা নহয়। মূল সোৱাদটো হৈছে পিয়াঁজ ভাজি আৰু ব্যৱহাৰ কৰা মছলাসমূহ হ'ল আদা, ধনীয়া, কটা জলকীয়া, আৰু ক'লা জালুক৷[2] পৰম্পৰাগতভাৱে পাভ বা ডাবল ৰোটি (ভাৰতীয় ৰুটিৰ প্ৰকাৰ)ৰ লগত আকুৰী খোৱা হয়।
আকুৰীৰ কম সাধাৰণ সংস্কৰণ হ'ল ভৰুচি আকুৰী, য'ত আন মছলাৰ উপৰিও বাদাম আৰু কাজু, আলমণ্ড আৰু কিচমিচৰ দৰে শুকান ফল থাকে। এই খাদ্যৰ নামৰ উৎপত্তি কথিতভাৱে গুজৰাটৰ ভাৰুচ চহৰৰ পৰাই হৈছে।
কণী ভূৰজী ভাৰত উপমহাদেশৰ বহু ঠাইত খোৱা একেধৰণৰ কণীৰ ব্যঞ্জন। এই ভাৰতীয় স্ক্ৰেম্বল্ড কণীৰ ৰসিকসকলে যুক্তি দিব যে কণী ভূৰ্জী আৰু আকুৰি প্ৰায় একে যদিও সোৱাদত সুকীয়া।
সামগ্ৰীসমূহ
[সম্পাদনা কৰক]- ৬টা কণী
- একাপৰ চাৰি ভাগৰ এভাগ গাখীৰ
- আধা চামুচ নিমখ
- ক'লা জলকীয়া
- ৩ চামুচ চিলেণ্ট্ৰ’ (কাটি লোৱা)
- ৩ চামুচ মাখন (বা ঘিউ)
- এটা পিঁয়াজৰ আধা (মিহিকৈ কাটি লোৱা)
- এটা জালাপিনো জলকীয়া (কিমা কৰা)
- ১ চামুচ সতেজ আদা (কিমা কৰা)
- আধা চামুচ শুকান ৰঙা জলকীয়া (থেতেলিয়াই লোৱা)
- আধা চামুচ হালধি (পিহি লোৱা)
- আধা চামুচ জিৰা (পিহি লোৱা)
প্ৰস্তুত প্ৰণালী
[সম্পাদনা কৰক]- গাখীৰ, নিমখ, জলকীয়া আৰু কটা চিলেণ্ট্ৰ’ৰ সৈতে কণীখিনি লাহে লাহে বিট কৰক।
- এটা ডাঙৰ স্কাইলেটত মাখন, বা ঘিউ গৰম কৰি কটা পিঁয়াজবোৰ ৰং হ’বলৈ আৰম্ভ নকৰালৈকে ভাজিব।
- জলকীয়া, আদা, ৰঙা জলকীয়া, হালধি আৰু জিৰা দিব।
- মধ্যমীয়া জুইত ২ মিনিটমান লৰাই থাকিব।
- জুই অলপ বঢ়াই কণী খিনি ঢালি দিব।
- কণীবোৰ মাত্ৰ চেট হোৱালৈকে কিন্তু তথাপিও ক্ৰীমযুক্ত হোৱালৈকে অনবৰতে লৰাই থাকিব।
- লগে লগে চাপাটিৰ সৈতে পৰিবেশন কৰক।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Akuri (Spiced Scrambled Eggs)". http://www.food.com/recipe/akuri-spiced-scrambled-eggs-312713.
- ↑ 2.0 2.1 Wright, Clifford A. (2005). "Indian Chilli Eggs". Some like it hot: spicy favorites from the world's hot zones. Harvard Common Press. ISBN 978-1-55832-269-1. https://archive.org/details/isbn_9781558322691.
- ↑ . প্ৰকাশক Chennai, India. 2007-09-08. Archived from the original on 2011-06-04. https://web.archive.org/web/20110604122444/http://www.hindu.com/mp/2007/09/08/stories/2007090852480300.htm.