সমললৈ যাওক

আক্কাই পদ্মশালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আক্কাই পদ্মশালী
জন্ম বেংগালুৰু, ভাৰত (প্ৰায় ৩৮ বছৰ)
পেচা
  • ট্ৰান্সজেণ্ডাৰ অধিকাৰ কৰ্মী
  • প্ৰেৰণা মূলক বক্তা
  • গায়িকা
বঁটা, সন্মান, পুৰস্কাৰ আদি কৰ্ণাটক ৰাজ্যোৎসৱ পুৰস্কাৰ

আক্কাই পদ্মশালী এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ অধিকাৰ কৰ্মী, প্ৰেৰণা মূলক বক্তা আৰু গায়িকা। ট্ৰান্সজেণ্ডাৰ অধিকাৰ ক্ষেত্ৰত কৰা কামৰ বাবে তেওঁ কৰ্ণাটক ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ৰাজ্যোৎসৱ পুৰস্কাৰ লাভ কৰিছে। লগতে তেওঁ Indian Virtual University for Peace and Education-ৰ পৰা মানপত্ৰ লাভ কৰে।[1][2][3][4] তেওঁ কৰ্ণাটকত বিবাহ পঞ্জীয়ন কৰা প্ৰথম ট্ৰান্সজেণ্ডাৰ ব্যক্তি।[5]

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

পদ্মশালী বাংগালোৰৰ বাসিন্দা।[6] তেওঁৰ পিতৃ বায়ুসেনাত আছিল আৰু মাতৃ এগৰাকী গৃহিনী। পদ্মশালীয়ে তেওঁক জন্মগতভাৱে প্ৰদান কৰা পুৰুষ লিংগ ভূমিকা পালন কৰিবলৈ সাধ্যমান চেষ্টা কৰিছিল, যাৰ ফলস্বৰূপে ১২ বছৰ বয়সত তেওঁ আত্মহত্যাৰ চেষ্টাও কৰিছিল। লাহে লাহে তেওঁ নিজৰ ভাতৃৰ ওচৰত নিজৰ লিংগ পৰিচয় প্ৰকাশ কৰে। স্কুললৈ যোৱাৰ সময়ত তেওঁ বাংগালোৰৰ কাব্বন পাৰ্কৰ ওচৰত ট্ৰান্স মহিলাসকলক দেখিছিল আৰু তেওঁলোকৰ দৰে হ’ব বিচাৰিছিল।[7] এটা সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছিল যে প্ৰতিবাৰেই তেওঁ ভনীয়েকৰ কাপোৰ পিন্ধিলে বা ছোৱালীৰ সৈতে খেলিলে মাক-দেউতাকে কেনেকৈ খং কৰিছিল আৰু গালি পাৰিছিল, যাৰ ফলত তেওঁৰ শৈশৱটো খুবেই বিভ্ৰান্তিকৰ হৈ পৰিছিল।[6] তেওঁৰ ভাতৃয়েই মাক-দেউতাকক বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে পদ্মশালী যিধৰণৰ আছিল তেনেদৰে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে তেওঁক চিকিৎসক আৰু অন্যান্য বিশেষজ্ঞৰ ওচৰলৈ লৈ গৈছিল। পদ্মশালীয়ে দশম শ্ৰেণীৰ পিছত পঢ়া-শুনা এৰিবলগীয়া হৈছিল। পিছলৈ তেওঁ যৌন বৃত্তিত নামিবলৈ বাধ্য হৈছিল আৰু চাৰি বছৰ ধৰি এই কাম অব্যাহত ৰাখিছিল। সেই সময়তে তেওঁ অন্যান্য ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ সংস্পৰ্শলৈ আহে আৰু তেওঁলোকৰ অভিজ্ঞতাৰ সৈতে সহমৰ্মিতা অনুভৱ কৰিবলৈ সক্ষম হয়।[1]

এটা সাক্ষাৎকাৰত পদ্মশালীয়ে কৈছিল, "মই সমাজৰ বাবে অসামাজিক উপাদান বা অপ্ৰয়োজনীয় ব্যক্তি হ’বলৈ বাছি লোৱা নাছিলোঁ। মোৰ যুঁজ আছিল 'স্বীকৃতি আৰু সামাজিক অন্তৰ্ভুক্তি'ৰ বাবে, পৰিৱৰ্তনৰ বাবে আৰু জন্মৰ পৰা মোৰ সৈতে থকা জৈৱিক লিংগৰ বিৰুদ্ধে হোৱা বৈষম্যৰ বিৰুদ্ধে।" পদ্মশালীয়ে অন্যান্য ট্ৰান্স ব্যক্তিসকলৰ সান্নিধ্যত উপলব্ধি কৰিছিল যে চৰকাৰী নীতিসমূহ ট্ৰান্সজেণ্ডাৰ সম্প্ৰদায়ৰ অনুকূলে নাছিল আৰু তেওঁলোকে বিভিন্ন পৰিস্থিতিত কঠোৰ অসমতাৰ সন্মুখীন হয়।[7]

২০১৭ চনৰ ১ নৱেম্বৰত যেতিয়া আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা ভাৰত ভ্ৰমণলৈ আহিছিল, তেতিয়া আক্কাই পদ্মশালী টাউন হলৰ অংশ হ’বলৈ আমন্ত্ৰিত হোৱা প্ৰথমগৰাকী ট্ৰান্স মহিলা আছিল। ইয়াৰ আগতে ২০১৫ চনতো তেওঁক হোৱাইট হাউচ লৈ নিমন্ত্ৰণ কৰা হৈছিল, কিন্তু সেই সময়ত তেওঁ উপস্থিত থাকিব পৰা নাছিল।[8]

তেওঁ দেশৰ ভিতৰত প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি যিয়ে লিংগ 'মহিলা' হিচাপে উল্লেখ কৰি ড্ৰাইভিং লাইচেন্স লাভ কৰিছিল। পদ্মশালীক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈও আমন্ত্ৰণ জনাইছিল। তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া সংগী বাসুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে, যি এগৰাকী ট্ৰান্স পুৰুষ। পদ্মশালী কৰ্ণাটকৰ প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি যিয়ে কৰ্ণাটকত নিজৰ বিবাহ পঞ্জীয়ন কৰিছে।[7][9]

সক্ৰিয়তা

[সম্পাদনা কৰক]

পদ্মশালীয়ে বাংগালোৰৰ এলজিবিটি (LGBT) অধিকাৰ গোট 'সংগম'ত নিজৰ সক্ৰিয়তাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, য'ত তেওঁ আৰু বহু লোকক অনুপ্ৰাণিত কৰিবলৈ উৎসাহিত হৈছিল। তেতিয়াৰে পৰা তেওঁ ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ লগতে যৌন সংখ্যালঘুসকলৰ মৰ্যাদা আৰু অধিকাৰ সুনিশ্চিত কৰাৰ বাবে যুঁজ দি আহিছে।[6][10] তেওঁ অনুভৱ কৰিছিল যে ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাৰ দৰে কঠোৰ আইন বাতিল কৰা উচিত, কাৰণ এই আইনৰ অধীনত আৰক্ষীয়ে তেওঁক কেইবাবাৰো দুৰ্ব্যৱহাৰ আৰু উলংঘন কৰিছিল।[11] কেইবাটাও ঘটনাত আৰক্ষীয়ে ট্ৰান্সজেণ্ডাৰ ব্যক্তিসকলক যৌন সম্পৰ্কৰ বাবে বাধ্য কৰিছিল অথবা তেওঁলোকক ভাবুকি, বদনাম বা দুৰ্ব্যৱহাৰ কৰিছিল। তেওঁ শিশু, মহিলা আৰু যৌন সংখ্যালঘুসকলৰ অধিকাৰৰ হকে কাম কৰিবলৈ 'অণ্ডেডে' নামৰ এটা মানৱ অধিকাৰ সংস্থা প্ৰতিষ্ঠা কৰিছিল।[7]

পদ্মশালীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ত ৩৭৭ ধাৰাৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰিছিল আৰু উল্লেখ কৰিছিল যে এই ঔপনিৱেশিক আইনখনে সাংবিধানিক অধিকাৰৰ লগতে ২০১৪ চনৰ নালচা (NALSA) ৰায়দানকো উলংঘন কৰে।[12][13] তেওঁ কেন্দ্ৰৰ প্ৰস্তাৱিত ট্ৰান্সজেণ্ডাৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) বিধেয়ক ২০১৭-ৰ বিৰোধিতা কৰিছিল। এটা সাক্ষাৎকাৰত পদ্মশালীয়ে কৈছিল যে তেওঁ নিজক ট্ৰান্স মহিলা নহয়, বৰঞ্চ এগৰাকী মহিলা বুলি অভিহিত কৰাটোহে পছন্দ কৰিব।

পদ্মশালীয়ে বাংগালোৰৰ 'জেণ্ট্ৰিফিকেচন' বা নগৰীয় নবীকৰণে যৌন কৰ্মী আৰু এলজিবিটি সম্প্ৰদায়ৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে সৰৱ হৈ আহিছে, বিশেষকৈ বৰ্ধিত মূল্য, অপৰাধীকৰণ আৰু কাব্বন পাৰ্কৰ দৰে ৰাজহুৱা স্থানত প্ৰৱেশ নিষিদ্ধ কৰাৰ বিৰুদ্ধে তেওঁ মাত মাতি আহিছে।[14]

প্ৰকাশনা

[সম্পাদনা কৰক]
  • A small step in a long journey: a memoir — আক্কাই পদ্মশালী; গৌৰী বিজয়কুমাৰৰ সৈতে। নতুন দিল্লী : Zubaan, ২০২২। আই.এচ.বি.এন. 9789390514793

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Ralph Alex Arakal (2017-11-04). "Urban Legend: 'Gender is about the right to choose'". https://www.deccanchronicle.com/lifestyle/viral-and-trending/041117/gender-is-about-the-right-to-choose-akkai-padmashali.html.
  2. "In a First, Karnataka Govt to Honour a Transgender with the Rajyotsava Award". The Better India. 2015-10-31. https://www.thebetterindia.com/37454/in-a-first-karnataka-govt-to-honour-a-transgender-with-the-rajyotsava-award/ আহৰণ কৰা হৈছে: 2019-06-11.
  3. Sebastian, Shilpa R. (2019-01-16). "A moment of pride" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/life-and-style/a-moment-of-pride/article26002391.ece.
  4. "Transgender felicitated with Karnataka Rajyotsava Award". DNA India. https://www.dnaindia.com/india/report-transgender-felicitated-with-karnataka-rajyotsava-award-2141482 আহৰণ কৰা হৈছে: 2024-01-04.
  5. "Akkai Padmashali is 1st transgender to register for marriage in Karnataka". The Times of India. https://timesofindia.indiatimes.com/india/akkai-padmashali-is-1st-transgender-to-register-for-marriage-in-karnataka/articleshow/62639638.cms.
  6. 1 2 3 "At 12 She Wanted To Die. Today She Is Inspiring Hundreds To Fight For Transgender Rights & Justice.". The Better India. 2015-04-14. https://www.thebetterindia.com/21961/how-jagadeesh-became-akkai-padmashali-and-a-transgender-activist-was-born/.
  7. 1 2 3 4 "I Am A Transgender, I Am A Proud Woman Born Without Vagina, Breasts And Uterus : Akkai Padmashali". 2015-07-31. Archived from the original on 2021-04-14. https://web.archive.org/web/20210414175539/http://womenpla.net/i-am-a-transgender-i-am-a-proud-woman-born-without-vagina-breasts-and-uterus-akkai-padmashali/.
  8. "Bengaluru activist Akkai Padmashali invited to Obama's Town Hall". Deccan Chronicle. 2017-11-30. https://www.deccanchronicle.com/nation/in-other-news/301117/bengaluru-activist-akkai-padmashali-invited-to-obamas-town-hall.html.
  9. Ram, Theja (2017-01-30). "Wedding bells for Bengaluru's award winning transgender rights activist Akkai Padmashali" (en ভাষাত). The News Minute. https://www.thenewsminute.com/karnataka/wedding-bells-bengaluru-s-award-winning-transgender-rights-activist-akkai-padmashali-56529 আহৰণ কৰা হৈছে: 2024-01-04.
  10. Prarthana, Ruth (2019-01-23). "Pride against prejudice" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/lifestyle/viral-and-trending/230119/pride-against-prejudice.html আহৰণ কৰা হৈছে: 2019-06-11.
  11. "Let's Talk About 377 | This regressive law denies me dignity: Transgender activist Akkai Padmashali". Hindustan Times. 2018-02-08. https://www.hindustantimes.com/india-news/let-s-talk-about-377-this-regressive-law-denies-me-dignity-transgender-activist-akkai-padmashali/story-Ix7B0WKyoyyznbVw4MsmGM.html.
  12. "Centre's Transgender Bill ridiculous, laments activist Akkai Padmashali". Deccan Chronicle. 2017-11-21. https://www.deccanchronicle.com/nation/in-other-news/211117/centres-transgender-bill-ridiculous-laments-activist-akkai-padmashali.html.
  13. Doulatramani, Chandni. "India's transgender community celebrates victory, but needs more". www.aljazeera.com. https://www.aljazeera.com/indepth/features/india-transgender-community-celebrates-victory-190528114348151.html আহৰণ কৰা হৈছে: 2019-06-11.
  14. Padmashali, Akkai (2024-04-02). "'The growth of a city must come with inclusivity and economic justice for all'" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/bangalore/the-growth-of-a-city-must-come-with-inclusivity-and-economic-justice-for-all/article68001294.ece.