সমললৈ যাওক

আক্ৰোশ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আক্ৰোশ
পৰিচালক গোবিন্দ নিহালিনী
ৰচনা বিজয় টেণ্ডুলকাৰ
প্ৰযোজক দেৱী দত্ত
ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগম
অভিনয়ত নাচিৰুদ্দিন শ্বাহ
স্মিতা পাতিল
অমৰীশ পুৰী
ওম পুৰী
চিত্ৰগ্ৰহণকাৰী গোবিন্দ নিহালিনী
সম্পাদনা কেশৱ নাইডু
সংগীত পৰিচালক অজিত বৰ্মন
পৰিবেশক Krsna Movies Enterprise
মুক্তি
১৯৮০ (1980)
দৈৰ্ঘ্য
১৪৪ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ০.৮০ কোটি (১,১২,১৬০ ডলাৰ)
সৰ্বমুঠ আয় ১.২২ কোটি (১,৭১,০৪৪ ডলাৰ)

আক্ৰোশ (ইংৰাজী: Akrosh) ১৯৮০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ আইনী নাট্যধৰ্মী চলচ্চিত্ৰ। এইখন গোবিন্দ নিহালানী পৰিচালিত আৰু বিজয় টেণ্ডুলকাৰ ৰচিত প্ৰথম ছবি আছিল।[1] নাছিৰুদ্দিন শ্বাহ, ওম পুৰী আৰু অমৰীশ পুৰীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা ছবিখনে বহুল ইতিবাচক সমালোচনাৰ উপৰিও হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে ই অষ্টম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ গোল্ডেন পিকক বঁটাও লাভ কৰিছিল। [2]

নিহালিনীক অৰ্ধ সত্য আৰু তমছৰ দৰে অন্যান্য ঐতিহাসিক বৈকল্পিক ছবিত মানৱীয় ক্ষোভৰ অন্ধকাৰ আৰু ভয়ংকৰ বাস্তৱিক চিত্ৰণৰ বাবে পৰিচিত।[3] ছয় দশক যোৰা সময়ছোৱাত ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক আকাৰ দিয়া ৬০খন ছবিৰ ভিতৰত আক্ৰোশো অন্তৰ্ভূৰ্ক্ত হৈছে।[4]

কাহিনীটো এজন কৃষকৰ, যিয়ে জীৱন নিৰ্বাহৰ বাবে দৈনন্দিন শ্ৰমিক হিচাপে কাম কৰাৰ সময়ত মাটিৰ মালিক আৰু তেওঁৰ মহৰীজনৰ উৎপীড়নৰ সন্মুখীন হোৱা দেখা যায়। তেওঁৰ পত্নীক মহৰীজনে ধৰ্ষণ কৰে আৰু তাৰ পিছত তেওঁক তেওঁ নকৰা অপৰাধৰ বাবে দোষী সাব্যস্ত কৰে। চৰম লজ্জিত হৈ তেওঁৰ পত্নীয়ে আত্মহত্যা কৰে।

দেউতাকৰ মৃত্যু হোৱাত আৰক্ষীয়ে তেওঁক বন্দী অৱস্থাতে ৰীতি-নীতিখিনি কৰিবৰ বাবে অন্ত্যেষ্টিক্ৰিয়াৰ ঠাইলৈ লৈ যায়। জ্বলি থকা চিতাৰ জুইকুৰাৰ কাষত থিয় হৈ থাকোঁতে তেওঁ লক্ষ্য কৰে যে মহৰীজনে এতিয়া যৌৱনপ্ৰাপ্তি নোহোৱা তেওঁৰ ভনীয়েকৰ ফালে কামুক দৃষ্টিৰে চাই আছে। এজন চিৰন্তন ভুক্তভোগী হিচাপে তাইৰ অনিবাৰ্য ভাগ্যৰ বিষয়ে আগতীয়া অনুমান কৰি তেওঁ কুঠাৰ এখন কাঢ়ি লৈ ভনীয়েকৰ মূৰ কাটি পেলায়, যাতে ভনীয়েকে ভৱিষ্যতে তেওঁৰ আৰু পত্নীৰ দৰে পীড়া নাপায়। এই হতাশজনক আৰু মৰ্মান্তিক কাণ্ডৰ পিছত নিপীড়িত মানুহজনে বাৰে বাৰে আকাশলৈ চিঞৰি উঠে।

বিষয়বস্তু আৰু প্ৰভাৱ

[সম্পাদনা কৰক]

এখন স্থানীয় বাতৰি কাকতৰ ৭ নং পৃষ্ঠাত প্ৰকাশ পোৱা এটা সঁচা কাণ্ডৰ আধাৰত নিৰ্মিত এই ছবিখন ন্যায়িক ব্যৱস্থাৰ দুৰ্নীতি আৰু সক্ষম আৰু শক্তিশালী লোকৰ দ্বাৰা বঞ্চিতজনক উৎপীড়ন কৰাৰ বিষয়ে ছবিখন এক তীব্ৰ ব্যংগ আছিল।[5]

আক্ৰোশে হিংসাৰ অন্বেষণৰ আধাৰত নিৰ্মিত এই শৃংখলা সমূহৰ এটা অংশ গঠন কৰে, যিখনৰ কাহিনী বিশিষ্ট নাট্যকাৰ বিজয় তেণ্ডুলকাৰে লিখিছিল। ইয়াৰ পূৰ্বে তেওঁ শ্যাম বেনেগালৰ নিশান্ত (১৯৭৪) ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ গোবিন্দ নিহালানীৰ আশ্চৰ্য্যজনক হিট ছবি অৰ্ধ সত্য (১৯৮৩) লিখিছিল। .

ইয়াত ভুক্তভোগীক অত্যধিক অত্যাচাৰ আৰু তেওঁৰ মানৱতা উলংঘাৰ ফলত ইমানেই মানসিক ভাবে আহত হোৱা দেখা গৈছে যে তেওঁ সম্পূৰ্ণ ছবিখনতে এটাও শব্দও উচ্চাৰণ নকৰে আৰু কেৱল এক স্তম্ভিত ভাব বহন কৰে।[6] যদিও পিছলৈ তেওঁ একে হিংসাক নিজৰ উলংঘন আৰু ক্ৰোধৰ বহিৰ্প্ৰকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল।[7]

ছবিখনৰ শেষত আমি দ্বিতীয়বাৰৰ বাবে ভুক্তভোগীৰ মাত শুনিবলৈ পাওঁ (প্ৰথমটো ফ্লেছবেকত, য’ত তেওঁ নিজৰ পত্নীক উদ্ধাৰ কৰিবলৈ বৃথা চেষ্টা কৰিছিল), যিটো আন্দ্ৰেই টাৰ্ক’ভস্কিয়ে তেওঁৰ তিনি ঘণ্টাৰ ক’লা-বগা ছবি আন্দ্ৰেই ৰুৱ্লেভৰ শেষৰ দৃশ্যত আইকনবোৰক উজ্জ্বল ৰঙেৰে দেখুওৱাৰ দৰেই আছিল।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
২৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮০)
  • হিন্দী ভাষাৰ শ্ৰেষ্ঠ ছবি
২৮তম ফিল্মফেয়াৰ বঁটা (১৯৮১)
  • শ্ৰেষ্ঠ ছবি
  • শ্ৰেষ্ঠ পৰিচালক- গোবিন্দ নিহালিনী
  • শ্ৰেষ্ঠ অভিনেতা- নাছিৰুদ্দিন শ্বাহ
  • শ্ৰেষ্ঠ সহযোগী অভিনেতা- ওম পুৰী
  • শ্ৰেষ্ঠ কাহিনী- বিজয় টেণ্ডুলকাৰ
  • শ্ৰেষ্ঠ চিত্ৰনাট্য- বিজয় টেণ্ডুলকাৰ
  • শ্ৰেষ্ঠ কলা নিৰ্দেশক- চি এচ ভাট্টি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]