সমললৈ যাওক

আক আনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আক আনা
সম্পৰ্ক পানীৰ দেৱী, সৃষ্টিৰ দেৱী
প্ৰতীকসমুহ পবিত্ৰ হাঁহ, পানী

আক আনা (Ağ Ana বা Ak Ene, "পবিত্ৰ মাতৃ") তুৰ্কী জনগোষ্ঠী আৰু চাইবেৰিয়াৰ খাণ্টি আৰু মানচি জনগোষ্ঠীৰ আদিম সৃষ্টিকৰ্তা-দেৱী। পানীৰ দেৱী বুলিও জনা যায়। কায়ৰা হানৰ পত্নী আৰু কন্যা আছিল তেওঁ।

পৃথিৱীতকৈ আগতেই পানীৰ সৃষ্টি হৈছিল। সেয়েহে তাইক পৃথিৱীৰ জ্যেষ্ঠ ভগ্নী বুলি বিশ্বাস কৰা হৈছিল। পৃথিৱীৰ আৰম্ভণি পানীৰ পৰাই নিৰ্গত হৈছিল।[1] প্ৰাচীন তুৰ্কী বিশ্বাসত টেংগ্ৰী (ঈশ্বৰ) কাইৰা খান হৈছে এটা বিশুদ্ধ, বগা হাঁহ যিয়ে অন্তহীন পানীৰ (সময়) বিস্তৃতিৰ ওপৰেৰে অহৰহ উৰি থাকে। কিন্তু আক-আনাই কাইৰা খানক সৃষ্টি কৰিবলৈ আহ্বান জনোৱা যেন দেখা দিয়াৰ আগতে[2] তেওঁ নিজৰ শান্তিৰ বিঘিনি অনুভৱ কৰে। পানীৰ তলৰ পৰা এটা "পবিত্ৰ হাঁহ" লুৰাই বালি, মাটি আৰু পলি তুলি লৈছিল, যাৰ পৰা পৃথিৱীখন সৃষ্টি হৈছিল। অস্তিত্বৰ সকলো বস্তুৰে প্ৰাৰম্ভিক অৱস্থা আছিল পানী। পানীয়ে সমানে বিদেশী আৰু শত্ৰু দুয়োটা উপাদানৰ জন্ম দিছিল। ই আছিল আত্মাৰ অধিকাৰী আৰু আনটো ৰাজ্যত প্ৰৱেশৰ পথ। মাটিৰ জীৱন, উৰ্বৰতা আৰু উৎপাদনশীলতা আক আনাৰ ওপৰত নিৰ্ভৰশীল আছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Bahaeddin Ögel, Türk Mitolojisi (Vol-1, Page 570)
  2. Türk Mitolojisi Ansiklopedik Sözlük, Celal Beydili, Yurt Yayınevi (Page - 24)