সমললৈ যাওক

আগলি বাঁহৰে লাহৰী গগনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগলি বাঁহৰে লাহৰী গগনা  
লেখক ভূপেন হাজৰিকা
অংগসজ্জা ও. চি. গাংগুলী, ভূপেন হাজৰিকা
প্ৰচ্ছদ শিল্পী মান্না
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ গীত
প্ৰকাশক গতি প্ৰকাশ (১ম প্ৰকাশ), লয়াৰ্ছ বুক ষ্টল (২য় প্ৰকাশ)
প্ৰকাশ অক্টোবৰ, ১৯৬৪
মিডিয়া প্ৰকাৰ ছপা
পৃষ্ঠা সংখ্যা ২৪

আগলি বাঁহৰে লাহৰী গগনা (১৯৬৪, ইংৰাজী: Agali Bahare Lahari Gagana) অসমীয়া ভাষাৰ গীতৰ সংকলন৷ ৰচক ড ভূপেন হাজৰিকা[1]

বিষয়বস্তু

[সম্পাদনা কৰক]

সংকলনটিত মুঠ বাৰটি গীত সন্নিৱিষ্ট হৈছে৷ সন্নিৱিষ্ট হোৱা গীতসমূহ হ’ল: ‘আগলি বাঁহৰে লাহৰী গগনা’, ‘যায় যদি যায় জীৱনটো যাক’, ‘হেজাৰজনৰ বেজাৰ দেখি’, ‘তোমাৰ লিখা : মিছা’,  ‘দুঃসহ বেদনাত ভুগিলেও’, ‘লাগে পিচে বহাগতে ৰং’, ‘হংসকাপেৰে বুৰঞ্জী লিখে’, ‘খুবলেই শ্বিবুন’, ‘দুয়োটি বাঁহী বাঁহৰে বাঁহী’, ‘ৰঙাকৈ গোলাপৰ কলি হীৰালালে’, ‘গীত গাই কঁপাম দিগন্ত’ আৰু ‘বৈধ কি অবৈধ কি : প্ৰশ্ন হ’ব’৷[1] লেখকে প্ৰতিটো গীতৰে বিষয়বস্তুৰ একোটাকৈ চিত্তাকৰ্ষক চমু পৰিচয় সন্নিৱিষ্ট কৰিছে৷ চমু পৰিচয়বোৰে পঢ়ুৱৈক গীতকেইটাৰ বিষয়বস্তুৰ ভিতৰত সোমোৱাত সহায় কৰিব৷ উদাহৰণস্বৰূপে সংকলনটোৰ প্ৰথম গীত ‘আগলি বাঁহৰে লাহৰী গগনা’ৰ পৰিচয়টো উল্লেখ কৰা হ’ল:

“গভীৰ নিশা ন কইনাক গগনা বজাই শুনাব খোজা ন দৰা আছে, যদি কইনাই শুনিব খোজে৷ সি আৰু নো কি দিব? কুবেৰৰো পো নহয় যে সি ধন-সোণ দিব৷ আনৰ ধন চান কাঢ়িবলৈ বা মিঠা তেলত বিহ ঢালিবলৈ পিতায়ে শিক্ষা নিদিলে যে৷ সি কংসবধৰ ভাওনা দেখুৱাব পাৰে— যদি তাই বিচাৰে!”[1]

প্ৰকাশন ইতিহাস

[সম্পাদনা কৰক]

এইখন ভূপেন হাজৰিকাৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ৷ গ্ৰন্থখনৰ প্ৰথম তাঙৰণটি ১৯৬৪ চনৰ অক্টোবৰ মাহত প্ৰকাশ পায়৷ প্ৰকাশৰ পিছৰ মাহটোতে সংকলনটিৰ দ্বিতীয় তাঙৰণো প্ৰকাশ পায়৷ ১৯৬৭ চনত সংকলনটিৰ তৃতীয় তাঙৰণটি প্ৰকাশ পায়৷ সংকলনটিৰ প্ৰথম প্ৰকাশক আছিল গতি প্ৰকাশ৷ দ্বিতীয় তাঙৰণটি লয়াৰ্ছ বুক ষ্টলে প্ৰকাশ কৰে৷[1]

গ্ৰন্থখনৰ বেটুপাতৰ পৰিকল্পনা আৰু ভিতৰৰ ৰেখাচিত্ৰবোৰ অংকন কৰিছে ও. চি. গাংগুলীয়ে৷ প্ৰথম আৰু শেষৰ গীতটোৰ লগত থকা ৰেখাচিত্ৰ দুটা লেখকে নিজে অঁকা৷ বেটুপাতত ব্যৱহৃত আলোকচিত্ৰখন আছিল মান্নাৰ৷[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 আগলি বাঁহৰে লাহৰী গগনা, ভূপেন হাজৰিকা, ১৯৬৪, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী৷