২৬ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আগষ্ট ২৬ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

২৬ আগষ্ট (ইংৰাজী: 26 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৮তম (অধিবৰ্ষত ২৩৯তম) দিন। বছৰ শেষ হ'বলৈ ১২৭ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৭৪৩ চনৰ আজিৰ দিনটোতে জন্ম হয় ফৰাচী বিজ্ঞানী এণ্টনী ল’ৰেণ্ট লেভ’ইছিয়েৰৰ। তেওঁ আধুনিৰ ৰসায়ন শাস্ত্ৰৰ বাটকটীয়া আছিল।
  2. ১৯১০ চনৰ এই দিনতেই 'মিছনেৰীজ অফ চেৰিটি'ৰ প্ৰতিষ্ঠাতা তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত মাদাৰ টেৰেছাৰ যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত জন্ম হৈছিল।
  3. ১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ তথা পশু অধিকাৰ কৰ্মী তথা পৰিৱেশবিদ মানেকা গান্ধীৰ জন্ম হয়।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৭২৩ চনৰ আজিৰ দিনটোতে অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰক লিউৱেনহুকৰ মৃত্যু হৈছিল।

অনান্য[সম্পাদনা কৰক]

  1. ১৩০৩ চনৰ আজিৰ দিনটোতে আলাউদ্দিন খিলিজীয়ে চিতোৰ দুৰ্গ দখল কৰে।
  2. ইংলেণ্ডত প্ৰথমবাৰৰ বাবে জুলিয়াছ ছিজাৰ-এ পদাৰ্পন কৰিছিল আজিৰ দিনটোতে (খ্ৰীঃ পূঃ ৫৫)।
  3. ২০০২ চনৰ আজিৰ দিনটোতে প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বিক্ষোভৰ সৃষ্টি হয়। এই বিক্ষোভৰ ফলত প্ৰায় পোন্ধৰ লাখ টকাৰ ক্ষতি সাধন হয়।
  4. ১৯০৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী ‘টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ পঞ্জীয়নভুক্ত হয়।
  5. ১৯৪৩ চনৰ আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম হয়।

দিৱস[সম্পাদনা কৰক]

  1. আজি সাহিত্যিক গুণাভিৰাম বৰুৱাৰ স্মৃতি দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]