সমললৈ যাওক

আঙুৰলতা ডেকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আঙুৰলতা ডেকা
জন্ম নলবাৰী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেত্ৰী, ৰাজনৈতিক নেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৬ - বৰ্তমানলৈ
দাম্পত্যসঙ্গী আকাশদ্বীপ ডেকা

আঙুৰলতা ডেকা (ইংৰাজী: Angoorlata Deka) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাচলচ্চিত্ৰ আৰু চুটি ছবিত অভিনয় কৰিছে৷ ২০১৫ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা হয়।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আঙুৰলতাৰ জন্ম হয় নলবাৰীত।[2] ২০০৬ চনত আমি অসমীয়া চলচ্চিত্ৰ খনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগত খনত খোজ পেলায়। বৰ্তমানলৈ আঙুৰলতাই কেইবা খনো চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে কেইবাখনো ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰিছে।

সামাজিক জীৱন

[সম্পাদনা কৰক]

আঙুৰলতা ডেকাই ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বটদ্ৰৱা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিধানসভালৈ নিৰ্বাচিত হয়। ২০২১ চনত পুনৰ একে সমষ্টিৰ পৰা অৱতীৰ্ণ হয় যদিও শিৱামণি বৰাৰ হাতত পৰাস্ত হয়।[3][4][5][6][7] ২০২৫ চনত তেওঁ অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে কাৰ্যকালৰ আৰম্ভণি কৰে।[8][9][10][11][12]

অভিনীত চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ পৰিচালক
২০০৬ আমি অসমীয়া ৰাজীৱ ভট্টাচাৰ্য
২০০৭ জোনদা ইমান গুণ্ডা চন্দ্ৰ মুদৈ
২০১২ বাঁকৰ পুতেক চন্দ্ৰ মুদৈ
২০১৩ সূৰ্যাস্ত প্ৰদ্যুৎ কুমাৰ ডেকা
২০১৪ হিয়া দিবা কাক ৰাজীৱ বৰা
২০১৪ জীয়া জুৰিৰ সুবাস সঞ্জীৱ সভাপণ্ডিত

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "ANGOORLATA DEKA (Winner) BATADROBA (NAGAON)". myneta.info. http://myneta.info/assam2016/candidate.php?candidate_id=752। আহৰণ কৰা হৈছে: 23 May 2016. 
  2. Ahmed, Hussain (2016-05-22). "10 Facts You Need to Know About Angoorlata" (en-US ভাষাত). Magical Assam. http://www.magicalassam.com/2016/05/angurlata-angoorlata-actress-politics.html। আহৰণ কৰা হৈছে: 2016-05-26. 
  3. "Ac:Assam 2016 - IndiaVotes". IndiaVotes. https://www.indiavotes.com/vidhan-sabha/2016/assam/247/1। আহৰণ কৰা হৈছে: 2025-08-29. 
  4. "Angoorlata Deka(Bharatiya Janata Party(BJP)) - Assam 2016 - MyNeta". MyNeta. https://www.myneta.info/assam2016/candidate.php?candidate_id=752। আহৰণ কৰা হৈছে: 2025-08-29. 
  5. "Batadroba, Assam Assembly election result 2021 - India Today". India Today. https://www.indiatoday.in/elections/story/batadroba-assam-assembly-election-result-2021-live-updates-1797832-2021-05-01। আহৰণ কৰা হৈছে: 2025-08-29. 
  6. "Batadroba Election 2021 - Moneycontrol". Moneycontrol. https://www.moneycontrol.com/news/assam-assembly-election-2021/batadroba-election-result-s03a084/। আহৰণ কৰা হৈছে: 2025-08-29. 
  7. "Batadroba Assembly Election Results 2021 - Oneindia". Oneindia. https://www.oneindia.com/batadroba-assembly-elections-as-84/। আহৰণ কৰা হৈছে: 2025-08-29. 
  8. "Assam Government Appointed Angoorlata Deka as ASCW Chairperson". The SentinelThe Sentinel Assam. 5 August 2025. https://www.sentinelassam.com/cities/guwahati-city/assam-government-appointed-angoorlata-deka-as-ascw-chairperson। আহৰণ কৰা হৈছে: 29 August 2025. 
  9. "Angoorlata Deka appointed Assam State Commission for Women chairperson". The HinduThe Hindu. 5 August 2025. https://www.thehindu.com/news/national/other-states/angoorlata-deka-appointed-assam-state-womens-commission-chief/articleXXXXXXXX.ece। আহৰণ কৰা হৈছে: 29 August 2025. 
  10. "Angoorlata Deka to head Assam State Commission for Women". The Indian ExpressThe Indian Express. 5 August 2025. https://www.indianexpress.com/article/north-east-news/angoorlata-deka-to-head-assam-state-commission-for-women-8201234। আহৰণ কৰা হৈছে: 29 August 2025. 
  11. "Angoorlata Deka appointed chairperson of Assam Women Commission". News18News18. 5 August 2025. https://www.news18.com/news/india/assam-angoorlata-deka-appointed-chairperson-of-women-commission-xxxxxxx.html। আহৰণ কৰা হৈছে: 29 August 2025. 
  12. "Angoorlata Deka is new chief of Assam State Commission for Women". The Times of IndiaThe Times of India. 5 August 2025. https://www.timesofindia.indiatimes.com/city/guwahati/angoorlata-deka-new-chief-of-assam-women-commission/articleshow/123456789.cms। আহৰণ কৰা হৈছে: 29 August 2025. [সংযোগবিহীন উৎস]