আচলা সচদেৱ
| আচলা সচদেৱ Achala Sachdev | |
|---|---|
| চিত্ৰ:Achala Sachdev.jpeg Achala Sachdev in Waqt (1965) | |
| জন্ম | ৩ মে', ১৯২০ পেছাৱৰ, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ (১৯০১–৫৫), ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তান) |
| মৃত্যু | ৩০ এপ্ৰিল, ২০১২ (৯১ বছৰ) পুনে, মহাৰাষ্ট্ৰ, ভাৰত |
| অন্য নাম | বলিউডৰ মাতৃ |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৩৮–২০১২ |
| উল্লেখযোগ্য কৰ্ম | * ৱক্ত (১৯৬৫)
|
| দাম্পত্যসঙ্গী | * জ্ঞান সচদেৱ (বিচ্ছেদিত)
|
| সন্তান | জ্যোতিন সচদেৱ |
আচলা সচদেৱ (ইংৰাজী: Achala Sachdev) (৩ মে' ১৯২০ – ৩০ এপ্ৰিল ২০১২) হিন্দী ভাষাৰ চলচ্চিত্ৰ জগতৰ ক্লাছিক ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি শিশু অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পিছলৈ হিন্দী ছবিত মাতৃ আৰু আইতাকৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত হৈছিল। তেওঁৰ আটাইতকৈ স্মৰণীয় চৰিত্ৰ আছিল ৱক্ত (১৯৬৫) ; যিখন ছবিত তেওঁ বলৰাজ সাহনীৰ পত্নীৰ ভূমিকা ৰূপায়ণ কৰিছিল৷ আনহাতে দিলৱালে দুলহানিয়া লে জায়েংগে (১৯৯৫) ছবিত তেওঁ কাজলৰ আইতাকৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯২০ চনৰ ৩ মে'ত পেশ্বোৱাৰত আচলা সচদেৱৰ জন্ম হৈছিল৷
কৰ্মজীৱন
[সম্পাদনা কৰক]আচলাই ভাৰত বিভাজনৰ পূৰ্বে লাহোৰৰ অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল আৰু তাৰ পিছত দিল্লী অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল।[1] আচলাই ফেশ্বনেবল ৱাইফ (১৯৩৮) ছবিৰে চলচ্চিত্ৰত অভিষেক ঘটায়, আৰু ১৩০ খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰে। য়শ চোপ্ৰাৰ প্ৰথম প্ৰডাকচন ডাগ: এ পয়েম অৱ লাভ (১৯৭৩)ৰ পৰা আৰম্ভ কৰি চান্দনী (১৯৮৯) আৰু দিলৱালে দুলহনিয়া লে জায়েংগে (১৯৯৫) আদি ছবিৰ পৰা আৰম্ভ কৰি বহু যশ ৰাজৰ বহু ফিল্মত অভিনয় কৰিছে। মাৰ্ক ৰবছনৰ নাইন আৱাৰছ টু ৰামা (১৯৬৩) আৰু মাৰ্চেণ্ট আইভৰীৰ দ্য হাউছহোল্ডাৰ (১৯৬৩) আদি ইংৰাজী ছবিত অভিনয় কৰাৰ উপৰিও তেওঁৰ আন আন উল্লেখযোগ্য ছবিসমূহ আছিল প্ৰেম পূজাৰী, মেৰা নাম জোকাৰ, হৰে ৰামা হৰে কৃষ্ণ আৰু আন্দাজ।[2] কিন্তু তেওঁৰ আটাইতকৈ উল্লেখযোগ্য ভূমিকা ৱক্ত (১৯৬৫) ছবিখনত বলৰাজ চাহানীৰ পত্নী হিচাপে৷ যিখন ছবিত তেওঁৰ ওপৰত হিট গীত এ মেৰী জোহৰা জাবিন চিত্ৰিত কৰা হৈছিল।[3][4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]পুনেৰ ভোছাৰী ঔদ্যোগিক বাগিচাত মৰিছ ইলেক্ট্ৰনিকছ নামৰ এটা কাৰখানা থকা ক্লিফৰ্ড ডগলাছ পিটাৰ্ছৰ সৈতে বিবাহপাশত আবদ্ধ হৈ আচালা পুনেৰ বাসিন্দা হৈছিল। পিছলৈ এই কাৰখানাটো পিৰামাল গ্ৰুপক বিক্ৰী কৰা হয়।[4][5] প্ৰায় চলচ্চিত্ৰৰ দৰে ৰূপত মুম্বাইৰ এখন ছবিৰ চেটত যশ চোপ্ৰাই পিটাৰ্ছৰ সৈতে সচদেৱক চিনাকি কৰাই দিয়ে। তেতিয়ালৈকে পিটাৰৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল আৰু সচদেৱ নিজেই বিবাহ বিচ্ছেদিত হৈ আছিল। তেওঁ বিয়া পাতিলে। মেকানিকেল ইঞ্জিনিয়াৰ পিটাৰ্ছৰ ভোছাৰীত এটা কাৰখানা আছিল আৰু হাদাপছাৰলৈ স্থানান্তৰিত হোৱাৰ আগতে কিছুদিন একেটা অঞ্চলতে বাংলোত বাস কৰিছিল। পিটাৰ্ছৰ মৃত্যুৰ পিছত আচলা অকলে থাকিল। মৃত্যুৰ পাঁচ বছৰ আগতে তেওঁ পুনেত থকা নিজৰ ফ্লেটটো জনসেৱা ফাউণ্ডেশ্যন নামৰ এটা দাতব্য সংস্থাক এই চৰ্তত দিছিল যে তেওঁ জীয়াই থকালৈকে তেওঁলোকে তেওঁৰ যত্ন ল'ব লাগিব।[6]
২০১১ চনৰ ছেপ্টেম্বৰ মাহত আচলা পিছলি খাই নিজৰ পাকঘৰত পৰিল। তেওঁৰ ভৰিখন ভাঙি যায়। ইয়াৰ পিছত তেওঁৰ মগজুত বহুবিধ এম্ব’লিজম (ৰক্তবাহী নলী বন্ধ হৈ পৰা) ধৰা পৰে। ইয়াৰ ফলত সম্পূৰ্ণ পক্ষাঘাতগ্ৰস্ত হৈ তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলালে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Commentary". Pakistanlink.org. 2 August 1947. http://pakistanlink.org/Commentary/2007/July07/20/02.HTM। আহৰণ কৰা হৈছে: 12 July 2012.
- ↑ "Achla Sachdev at msn movies". Archived from the original on 2 December 2007. https://web.archive.org/web/20071202050809/http://movies.msn.com/celebs/celeb.aspx?c=327769। আহৰণ কৰা হৈছে: 18 December 2025.
- ↑ 3.0 3.1 "Bollywood actress Achala Sachdev passes away". The Times of India. 30 April 2012. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Bollywood-actress-Achala-Sachdev-passes-away/etarticleshow/12937027.cms.
- ↑ 4.0 4.1 "Achala Sachdev, original Zohra Jabeen, is dead". The Indian Express. 1 May 2012. http://www.indianexpress.com/news/achala-sachdev-original-zohra-jabeen-is-dead/943698/0.
- ↑ Umesh Isalkar (22 December 2011). "Bollywood forgets an ailing Achala Sachdev". The Times of India. https://timesofindia.indiatimes.com/city/pune/Bollywood-forgets-an-ailing-Achala-Sachdev/articleshow/11201286.cms.
- ↑ Death report in Times of India