সমললৈ যাওক

আচা ছেপ্ট্ৰিয়াছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আচা চেপ্ট্ৰিয়াছা
জন্ম জেলিতা চেপ্ট্ৰিয়াছা
১ ছেপ্টেম্বৰ, ১৯৮৯ (৩৬ বছৰ)
জাকাৰ্টা, ইণ্ডোনেছিয়া
পেচা অভিনেত্ৰী, গায়িকা, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমান
দাম্পত্যসঙ্গী ভিকি খাৰিছ্মা (বি. ২০১৬; বিবি. ২০২৫)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি চিত্ৰা বঁটা (শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী)

জেলিতা চেপ্ট্ৰিয়াছা (জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৯), পেচাগতভাৱে আচা চেপ্ট্ৰিয়াছা নামে পৰিচিত, এগৰাকী ইণ্ডোনেছীয় অভিনেত্ৰী, গায়িকা আৰু মডেল। তেওঁ মিনাংকাবাউ জনগোষ্ঠীৰ।

আচা চেপ্ট্ৰিয়াছাৰ জন্ম ১৯৮৯ চনৰ ১ ছেপ্টেম্বৰত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত হৈছিল। তেওঁৰ পিতৃৰ নাম ছাগিটা আহিম্শা আৰু মাতৃৰ নাম ৰিটা এমজা। ছয়জন সন্তানৰ ভিতৰত তেওঁ তৃতীয় কন্যা। তেওঁৰ কণিষ্ঠ ভগ্নী জুৱিতা মাৰিৎসাও এগৰাকী অভিনেত্ৰী।[1]

তেওঁ ১৯৯৫ চনৰ পৰা ২০০১ চনলৈ মুহাম্মদিয়া প্ৰাথমিক বিদ্যালয় ৬-ত অধ্যয়ন কৰে। তাৰ পিছত ২০০১ চনৰ পৰা ২০০৪ চনলৈ ৰাজ্যিক মাধ্যমিক বিদ্যালয় ৭৩ আৰু ২০০৪ চনৰ পৰা ২০০৭ চনলৈ ৰাজ্যিক উচ্চতৰ মাধ্যমিক বিদ্যালয় ৮২, জাকাৰ্টাত পঢ়ে।[2]

২০০৪ চনত কিশোৰী আলোচনী গাদিছ আয়োজিত ‘‘গাদিছ সামপুল’’ প্ৰতিযোগিতাৰ জৰিয়তে তেওঁ মডেলিং জীৱন আৰম্ভ কৰে।[3]

২০০৫ চনত ‘‘আপা আৰ্তিন্যা চিন্তা?’’ চলচ্চিত্ৰত অভিনয় কৰি তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০০৬ চনত ‘‘হাৰ্ট’’ চলচ্চিত্ৰত অভিনয় কৰি তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰে। এই চলচ্চিত্ৰৰ সংগীতত তেওঁ ইৰৱানশ্যাহৰ সৈতে কণ্ঠদান কৰি গায়িকা হিচাপেও সফলতা লাভ কৰে।[4]

২০০৭ চনত ‘‘লাভ ইজ চিন্তা’’ চলচ্চিত্ৰত অভিনয় কৰে। ২০০৯ চনত তেওঁৰ প্ৰথম একক সংগীত এলবাম ‘‘কেপুতুসান হাতি’’ মুক্তি পায়। সেই বছৰেই তেওঁ ইণ্ডোনেছীয় টেলিভিছন অনুষ্ঠান ‘‘দহস্যাত’’ উপস্থাপন কৰে।[5]

২০১১ চনৰ পৰা তেওঁ মালয়েছিয়াৰ লিমককউইং বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ নিৰ্মাণ অধ্যয়ন কৰে।[6]

অভিনয় শৈলী

[সম্পাদনা কৰক]

আচা চেপ্ট্ৰিয়াছা সাধাৰণতে সৰল আৰু ‘‘চুবুৰীয়া ছোৱালী’’ ধৰণৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আচা চেপ্ট্ৰিয়াছা অভিনেতা ইৰৱানশ্যাহৰ সৈতে কিছুবছৰ প্ৰেম সম্পৰ্কত আছিল। ২০০৮ চনত দুয়োৰে বিচ্ছেদ ঘটে।[8]

২০১৬ চনৰ ১১ ডিচেম্বৰত তেওঁ ভিকি খাৰিছ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[9] ২০২৫ চনৰ ১৯ মে’ত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।[10]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
  • আপা আৰ্তিন্যা চিন্তা? (২০০৫)
  • হাৰ্ট (২০০৬)
  • লাভ ইজ চিণ্তা (২০০৭)
  • ইন দ্য নেম অৱ লাভ (২০০৮)
  • লাভ (২০০৮)
  • ক্ৰেজি ক্ৰেজি ক্ৰেজি (২০০৯)
  • কাদো স্পেচিয়াল বুৱাত কাকাক (২০০৯)
  • স্‌ষ্ট… জাডিকান আকু চিম্পানান (২০১০)
  • মেনেম্বুস ইম্পিয়ান (২০১০)
  • লাভ ষ্ট’ৰি (২০১১)
  • টেষ্ট পেক (২০১২)
  • ব্ৰ’কেন হাৰ্টছ (২০১২)
  • ৰেক্টো ভাৰ্চো (২০১২)
  • ৯৯ চাহায়া দি লাংগিত ইউৰোপা (২০১৩–২০১৪)
  • বাংগুন লাগি ডং লুপুছ (২০১৩)
  • লামাৰান (২০১৪)
  • বুলান টেৰবেলাহ দি লাংগিত আমেৰিকা (২০১৫–২০১৬)
  • কোয়ালা কুমাল (২০১৬)
  • সাব্তু বেৰছামা বাপক (২০১৬)
  • শাই শাই কেট (২০১৬)
  • কাৰ্তিনী (২০১৭)
  • জাগা পচং (২০১৮)
  • হানুম আৰু ৰাংগা (২০১৮)
  • ৯৯ নামা চিন্তা (২০১৯)
  • ডেমন মাইণ্ড (২০২১)
  • জুন আৰু কফি (২০২১)
  • লেইলা মাজনুন (২০২১)
  • আনৱাৰ: দ্য আনটোল্ড ষ্ট’ৰি (২০২৩)
  • কদ্ৰত ২ (২০২৫)
  • অ’এছটি হাৰ্ট (২০০৬)
  • অ’এছটি লাভ ইজ চিন্তা (২০০৭)
  • কেপুতুসান হাতি (২০০৯)
  • কিমি নো তামেৰি (২০২১)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Acha Septriasa" (id ভাষাত). KapanLagi.com. http://selebriti.kapanlagi.com/indonesia/a/acha_septriasa/ আহৰণ কৰা হৈছে: ১৫ অক্টোবৰ ২০১১.
  2. "Ingin Terus Eksis" (id ভাষাত). TokohIndonesia.com. ২৯ আগষ্ট ২০১১. Archived from the original on 2012-04-06. https://web.archive.org/web/20120406180457/http://www.tokohindonesia.com/biografi/article/347-selebriti/3295-ingin-terus-eksis আহৰণ কৰা হৈছে: ১৫ অক্টোবৰ ২০১১.
  3. "Acha Septriasa: A new role to dye for". The Jakarta Post. ২৭ ফেব্ৰুৱাৰী ২০১১. http://www.thejakartapost.com/news/2011/02/27/acha-septriasa-a-new-role-dye.html.
  4. "Ingin Terus Eksis" (id ভাষাত). TokohIndonesia.com. Archived from the original on 2012-04-06. https://web.archive.org/web/20120406180457/http://www.tokohindonesia.com/biografi/article/347-selebriti/3295-ingin-terus-eksis আহৰণ কৰা হৈছে: ১৫ অক্টোবৰ ২০১১.
  5. "Acha Septriasa" (id ভাষাত). KapanLagi.com. http://selebriti.kapanlagi.com/indonesia/a/acha_septriasa/ আহৰণ কৰা হৈছে: ১৫ অক্টোবৰ ২০১১.
  6. "Selesai Kuliah, Acha Makin Banyak Terima Job Main Film" (id ভাষাত). Pikiran Rakyat. ৭ মে ২০১২. Archived from the original on 2012-05-11. https://web.archive.org/web/20120511042522/http://www.pikiran-rakyat.com/node/187500.
  7. "Acha Septriasa: A new role to dye for". The Jakarta Post. ২৭ ফেব্ৰুৱাৰী ২০১১. http://www.thejakartapost.com/news/2011/02/27/acha-septriasa-a-new-role-dye.html.
  8. "Acha Septriasa: Addicted to sports". The Jakarta Post. ২৬ জুন ২০১১. http://www.thejakartapost.com/news/2011/06/26/acha-septriasa-addicted-sports.html.
  9. "Vicky Siap Nikahi Acha Septriasa". Tribun News. http://www.tribunnews.com/seleb/2016/12/05/vicky-siap-nikahi-acha-septriasa আহৰণ কৰা হৈছে: ২০ মাৰ্চ ২০১৭.
  10. "Acha Septriasa dan Vicky Kharisma Cerai Sejak Mei 2025" (id ভাষাত). CNN Indonesia. https://www.cnnindonesia.com/hiburan/20250807115149-234-1259763/acha-septriasa-dan-vicky-kharisma-cerai-sejak-mei-2025.