আছগৰী বাই
আছগৰী বাই | |
|---|---|
| জন্ম | ২৫ আগষ্ট ১৯১৮ বিজৱাৰা, ছাটাৰপুৰ |
| মৃত্যুৰ তাৰিখ | ৯ আগষ্ট, ২০০৬ (aged 87) টিকমগড়, মধ্যপ্ৰদেশ |
| সংগীতৰ ধৰণ | হিন্দুস্তানী শাস্ত্ৰীয় সংগীত মেৱাটি ঘৰানা |
| সক্ৰিয়তাৰ বছৰ | ১৯৩৭- ২০০৫ |
আছগৰী বাই (ইংৰাজী: Asgari Bai ; ২৫ আগষ্ট ১৯১৮ – ৯ আগষ্ট ২০০৬) এগৰাকী ভাৰতীয় ধ্ৰুপদী সংগীত শিল্পী। সংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পদ্মশ্ৰী, [1] তানচেন সন্মান, সংগীত নাটক একাডেমী বঁটা আৰু শিখৰ সন্মান লাভ কৰিছিল। [2]
জীৱনী
[সম্পাদনা কৰক]ছাটাৰপুৰৰ বিজাৱাৰত এটা দৰবাৰী গায়ক পৰিয়ালত আছগৰী বায়ে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ নাজিৰ বেগম বিজাৱাৰ ৰাজপৰিয়ালৰ দৰবাৰী গায়িকা আৰু আইতাক বালাত বিবি অজয়গড় দেশীয় ৰাজ্যৰ দৰবাৰী গায়িকা আছিল। [3]
মাক নজীৰা বেগমৰ সৈতে তেওঁ টিকমগড়লৈ আহিছিল। আঠ বছৰ বয়সত গোহাদ, ভিন্দৰ বিখ্যাত ধ্ৰুপদ গায়ক ওস্তাদ জহুৰ খানৰ অধীনত সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰে। তেওঁৰ তত্বাৱধানত পোন্ধৰ বছৰ ধৰি কঠোৰ প্ৰশিক্ষণ লয় আৰু শেষত ওৰছা ৰাজ্যৰ মূল দৰবাৰী গায়িকা হয়। ৩৫ বছৰ বয়সলৈকে তেনেকৈয়ে থাকে তেওঁ সেইটো পদবীতে থাকে। [4]
সেই সময়তে, আগ্ৰাৰ কাপোৰ মিলৰ প্ৰবন্ধক চিমন লাল গুপ্তাক বিয়া কৰায। তেওঁলোকৰ পাঁচজন পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান আছিল। কিন্তু ১৯৫৮ চনত স্বামীৰ মৃত্যুৰ পিছত তেওঁক শহুৰেকৰ ঘৰে পৰিত্যাগ কৰে আৰু তেওঁ টিকমগড়লৈ উভতি আহে। ইয়াত তেওঁ জীৱন নিৰ্বাহৰ বাবে আচাৰ বিক্ৰী কৰিবলৈ লয় যদিও কাষতে ৰেয়াজটো চলাই যায়। অৱশেষত ৬৩ বছৰ বয়সত ১৯৮১ চনত গোৱালিয়ৰৰ আল্লাউদ্দিন খান সংগীত সমাৰোহত প্ৰথমবাৰৰ বাবে ৰাজহুৱা প্ৰদৰ্শন কৰে। অতি সোনকালেই "তালৰ ওপৰত তেওঁৰ অসাধাৰণ দখল, উশাহ-নিশাহ নিয়ন্ত্ৰণ আৰু ৰাগৰ সুন্দৰ বৰ্ণন" [5] আৰু বেগম আখতাৰৰ সৈতে তেওঁৰ কণ্ঠৰ এক অলৌকিক সাদৃশ্যৰে তেওঁ নিজৰ নাম উজলাইছিল। [6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.
- ↑ "In a male bastion, Asgari Bai held her own tune". Indian Express. 2006-08-10. http://www.indianexpress.com/news/In-a-male-bastion,-Asgari-Bai-held-her-own-tune/10304/। আহৰণ কৰা হৈছে: 2020-01-16.
- ↑ "Dhrupad singer Asgari Bai dead". DNA Newspaper. http://www.dnaindia.com/report.asp?NewsID=1046252। আহৰণ কৰা হৈছে: 2020-01-16.
- ↑ "Dhrupad artiste Asgari Bai hospitalised". March 19, 2006. Archived from the original on March 13, 2007. https://web.archive.org/web/20070313111408/http://www.centralchronicle.com/20060319/1903103.htm.
- ↑ Somak Ghoshal (4 December 2006). "Asgari Bai's Death Reveals, Yet Again, That The Tradition Of High Classicism Has Ended In India". https://www.telegraphindia.com/opinion/the-vagaries-of-cultural-memory/cid/1024388.
- ↑ "Fame proved fleeting for doyenne of Hindustani classical music Asghari Bai". 15 August 1996. https://www.indiatoday.in/magazine/profile/story/19960815-fame-proved-fleeting-for-doyenne-of-hindustani-classical-music-asghari-bai-834405-1996-08-14.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- बुंदेलखंड दर्शन डोट कॉम- बुन्देलखण्ड की विस्तृत जानकारी
- Asgari Bai Documentary by IGNCA: Vol I-IV
- Award return over son fear
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]