সমললৈ যাওক

আছগৰ ফৰহাদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আছগৰ ফৰহাদী

২০১৮ চনৰ ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ফৰহাদী
জন্ম ৭ মে', ১৯৭২ (৫৪ বছৰ)
হোমায়ূনশ্বহৰ, ইৰান (বৰ্তমান খোমেইনীশ্বহৰ)
শিক্ষা তেহৰান বিশ্ববিদ্যালয়
তৰবিয়ত মদাৰেছ বিশ্ববিদ্যালয়
পেচা
  • চলচ্চিত্ৰ পৰিচালক
  • চিত্ৰনাট্যকাৰ
  • চলচ্চিত্ৰ প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৯৭–বৰ্তমান
উল্লেখযোগ্য কৰ্ম এবাউট এলি (২০০৯)
এ ছেপাৰেশ্বন (২০১১)
দ্য পাষ্ট (২০১৩)
দ্য ছেল্‌ছমেন (২০১৬)
এভ্ৰিবডী ন’জ (২০১৮)
এ হিৰো (২০২১)
দাম্পত্যসঙ্গী পৰীছা বখ্‌ৎআৱৰ (বি. ১৯৯০)
সন্তান ২, ইয়াৰে এগৰাকী ছাৰীনা ফৰহাদী

আছগৰ ফৰহাদী[টোকা 1] (Persian: اصغر فرهادی, pronounced [ʔæsɢǽɹe fæɹhɒːd̪íː] ⓘ; জন্ম ৭ মে' ১৯৭২)[1] এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁক ইৰানী চলচ্চিত্ৰৰ লগতে একবিংশ শতিকাৰ বিশ্ব চলচ্চিত্ৰৰ অন্যতম প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। তেওঁৰ চলচ্চিত্ৰসমূহে মানৱীয় অৱস্থাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা আৰু পৰিয়ালৰ ভিতৰুৱা সংঘাতৰ ঘনিষ্ঠ তথা প্ৰত্যাহ্বানমূলক কাহিনী উপস্থাপনৰ বাবে স্বীকৃতি লাভ কৰিছে। ইয়াৰ বাবে তেওঁ দুটা একাডেমী বঁটা, এটা গ'ল্ডেন বেয়াৰ আৰু এটা প্ৰি দ্যু চেনাৰিঅ'কে ধৰি বহুতো আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। ২০১২ চনত তেওঁ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ বাৰ্ষিক টাইম ১০০ তালিকাত স্থান লাভ কৰে।[2] সেই একে বছৰতে তেওঁ ফ্ৰান্সৰ পৰা লেজিয়ঁ দনৰ সন্মানো লাভ কৰে।

ফৰহাদীয়ে নাট্যধৰ্মী চলচ্চিত্ৰ ডান্সিং ইন দ্য ডাষ্ট (২০০৩)-ৰ জৰিয়তে চলচ্চিত্ৰ পৰিচালক হিচাপে অভিষেক ঘটায়। ইয়াৰ পিছত দ্য বিউটিফুল চিটি (২০০৪) আৰু ফায়াৰৱৰ্ক্স ৱেডনেছডে (২০০৬) নিৰ্মাণ কৰে। এবাউট এলি (২০০৯) চলচ্চিত্ৰখনৰ বাবে তেওঁ ব্যাপক প্ৰশংসা লাভ কৰে আৰু শ্ৰেষ্ঠ পৰিচালকৰ ৰূপালী ভালুক বঁটা লাভ কৰে। পৰিয়ালকেন্দ্ৰিক নাট্যধৰ্মী চলচ্চিত্ৰ এ ছেপাৰেশ্বন (২০১১) আৰু নৈতিকতাকেন্দ্ৰিক নাট্যধৰ্মী চলচ্চিত্ৰ দ্য ছেল্‌ছমেন (২০১৬)-ৰ বাবে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ একাডেমী বঁটা দুবাৰ লাভ কৰা বিশ্বৰ অতি কমসংখ্যক পৰিচালকৰ এগৰাকী হিচাপে তেওঁ পৰিগণিত হয়। দ্য ছেলছমেনে কান চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটাও লাভ কৰে।

তেওঁ দ্য পাষ্ট (২০১৩) চলচ্চিত্ৰখনৰ বাবেও প্ৰশংসা লাভ কৰে, যিখন ফ্ৰান্সত চিত্ৰগ্ৰহণ কৰা হৈছিল। ইয়াৰ পিছত এভ্ৰিবডী ন’জ (২০১৮) চলচ্চিত্ৰখন নিৰ্মাণ কৰে, যিখনৰ চিত্ৰগ্ৰহণ স্পেইনত কৰা হৈছিল। ফৰহাদীয়ে এ হিৰো (২০২১)-ৰ জৰিয়তে ইৰানলৈ উভতি আহে। এই চলচ্চিত্ৰখনে তেওঁক কান চলচ্চিত্ৰ মহোৎসৱৰ গ্ৰঁ প্ৰি বঁটা লাভ কৰায়।[3]

  1. ↑ Persian: اصغر فرهادی, pronounced [ʔæsɢǽɹe fæɹhɒːd̪íː] ⓘ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Soureh Movie Database Archived 21 October 2013 at the Wayback Machine
  2. ↑ Corliss, Richard (18 April 2012). "Asghar Farhadi – Filmmaker". Time. https://content.time.com/time/specials/packages/article/0,28804,2111975_2111976_2112155,00.html। আহৰণ কৰা হৈছে: 1 May 2021.
  3. ↑ Thusoo, Nausheen (2022-01-12). "A Hero: Asghar Farhadi has been contemplating his latest drama for decades" (en-US ভাষাত). Web News Observer. https://webnewsobserver.com/2022/01/12/asghar-farhadi/। আহৰণ কৰা হৈছে: 2022-01-11.