আছামা ভাইৰাচ
| আছামা ভাইৰাচ | |
|---|---|
| ভাইৰাছ শ্ৰেণীবিভাজন | |
| (অশ্ৰেণীকৃত): | ভাইৰাছ |
| Realm: | Riboviria |
| ৰাজ্য: | Orthornavirae |
| পৰ্ব: | Negarnaviricota |
| শ্ৰেণী: | Bunyaviricetes |
| বৰ্গ: | Elliovirales |
| পৰিয়াল: | Hantaviridae |
| গণ: | Orthohantavirus (?) |
| প্ৰজাতি: | Orthohantavirus asamaense |
| সমাৰ্থক[1][2] | |
| |
আছামা ভাইৰাছ (ASAV) আৰ এন এ হাণ্টাভাইৰাছৰ এটা প্ৰকাৰ আৰু ই একক ডালযুক্ত, আৱৰণযুক্ত, খণ্ডিত ঋণাত্মক সংবেদনশীল।[3] জাপানত জাপানীজ শ্ৰু মোলৰপৰা হাণ্টাভাইৰাছ পৃথক কৰা হৈছিল।[3] তীক্ষ্ণদন্তী প্ৰাণী বা ৰোডেণ্টে আশ্ৰয় দিয়া হাণ্টাভাইৰাছতকৈ জিনগতভাৱে ASAV ৰ ওচৰত থাকে।[3] ভাইৰাছবোৰ ছ’ৰিচিন (en:Red-toothed shrew) শ্ৰু-বৰ্ণ হাণ্টাভাইৰাছৰ ওচৰত থকাৰ বাবে ভৱিষ্যতে হ’ষ্ট-চুইচিং স্পষ্ট হ’ব পাৰে।[3] এ এছ এ ভি ধৰা পেলোৱাটোৱেই আছিল প্ৰথম হাণ্টাভাইৰাছ যিটো টালপিডে পৰিয়ালৰ অন্তৰ্ভূক্ত হৈছিল, য’ত শ্ৰু-মোলও অন্তৰ্ভুক্ত।[4] হাণ্টাভাইৰাছৰ বিৱৰ্তনৰ ইতিহাসৰ ওপৰত চিন্তাধাৰা ASAV আৱিষ্কাৰৰ বাবে সম্প্ৰসাৰিত হৈছে।[3]
প্ৰাকৃতিক জলাশয়
[সম্পাদনা কৰক]২০০৮ চনৰ ফেব্ৰুৱাৰী আৰু এপ্ৰিলৰ ভিতৰত জাপানত ধৰা পৰা জাপানীজ শ্ৰু-মোল (Urotrichus talpoides)ৰ হাওঁফাওঁৰ কলাৰপৰা আৰ এন এ নিষ্কাশনৰ জৰিয়তে আছামা ভাইৰাছ পৃথক কৰা হৈছিল। ই মোলত পোৱা প্ৰথম হাণ্টাভাইৰাছসমূহৰ ভিতৰত অন্যতম।[3]
ভাইৰ’লজী
[সম্পাদনা কৰক]আছামা ভাইৰাছ জিনগতভাৱে ৰোডেণ্টতকৈ শ্ৰুই আশ্ৰয় দিয়া অন্যান্য হাণ্টাভাইৰাছৰ ওচৰ চপা। কিন্তু নিউক্লিঅ’কেপচিড প্ৰ’টিন ৰোডেণ্ট আৰু শ্ৰু-বৰ্ণ হাণ্টাভাইৰাছৰ দৰেই। বংশবিন্যাস বিশ্লেষণে ইয়াক ছ’ৰিচিন শ্ৰু-বৰ্ণ হাণ্টাভাইৰাছৰ আটাইতকৈ ওচৰত ৰাখে। ইয়াৰপৰা সুদূৰ অতীতৰ সম্ভাৱ্য হ’ষ্ট-চুইচিং পৰিঘটনাৰ কথা অনুমান কৰিব পাৰি।[5]
আছামা ভাইৰাছ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়াত পোৱা ছ’ৰিচিন শ্ৰু-বৰ্ণ হাণ্টাভাইৰাছৰ সৈতে জড়িত। এই সম্পৰ্ক ভাইৰাছৰ বংশবিন্যাস বিশ্লেষণৰ জৰিয়তে আৱিষ্কাৰ কৰা হৈছিল। দুয়োটা হাণ্টাভাইৰাছৰ মাজৰ সম্পৰ্কই ক্ৰছ-প্ৰজাতিৰ সংক্ৰমণৰ সৈতে জড়িত সমান্তৰাল বিৱৰ্তনৰ ইংগিত দিব পাৰে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Genus: Orthohantavirus". International Committee on Taxonomy of Viruses. https://ictv.global/report/chapter/hantaviridae/hantaviridae/mammantavirinae/orthohantavirus। আহৰণ কৰা হৈছে: 6 January 2025.
- ↑ "History of the taxon: Species: Orthohantavirus asamaense (2023 Release, MSL #39)". International Committee on Taxonomy of Virusesictv.global. https://ictv.global/taxonomy/taxondetails?taxnode_id=202300023&taxon_name=Orthohantavirus%20asamaense। আহৰণ কৰা হৈছে: 6 January 2025.
- 1 2 3 4 5 6 Arai S, Ohdachi SD, Asakawa M, Kang HJ, Mocz G, Arikawa J, Okabe N, Yanagihara R.Molecular phylogeny of a newfound hantavirus in the Japanese shrew mole (Urotrichus talpoides).Proc Natl Acad Sci U S A.2008 Oct 21;105(42):16296–301.
- ↑ Morand, Serge; Beaudeau, François; Cabaret, Jacques (2011-09-08) (en ভাষাত). New Frontiers of Molecular Epidemiology of Infectious Diseases. Springer Science & Business Media. ISBN 9789400721142. https://books.google.com/books?id=wHOWj8i2FcUC&dq=asama+virus&pg=PA199.
- 1 2 Bennett, Shannon N., Laurie Diznie, Laarni Sumibcay, Satoru Arai, Luis A. Ruedas, Jin-Won Song, and Richard Yanagihara. "Host Switch during Evolution of a Genetically Distinct Hantavirus in the American Shrew Mole (Neurotrichus Gibbsii)." Virology. By Hi Ji Kang. 1st ed. Vol. 388. N.p.: n.p., 2009. 8-14. Print.