আছিফা আখতাৰ
| আছিফা আখতাৰ | |
|---|---|
| জন্ম | আছিফা আখতাৰ কাৰাচী, পাকিস্তান। |
| ক্ষেত্ৰ | ক্ৰ'মেটিন নিয়ন্ত্ৰণ |
| কৰ্মস্থান | মেক্স প্লেংক ইনষ্টিটিউট অৱ ইমিউন’লজি এণ্ড এপিজেনেটিক্স patrons = |
| শিক্ষানুষ্ঠান | ইউনিভাৰ্চিটি কলেজ লণ্ডন (BSc) ইম্পেৰিয়েল কেন্সাৰ ৰিচাৰ্চ ফাণ্ড (বৰ্তমান দ্য ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউটৰ অংশ) (পি এইচ ডি) |
| ডক্তৰেল পৰামৰ্শদাতা | ৰিচাৰ্ড ট্ৰেইছমেন |
| জনা যায় | ক্ৰ'মেটিন নিয়ন্ত্ৰণ,বেচিলিকেটা-আখতাৰ চিনড্ৰমৰ অধ্যয়ন |
| উল্লেখনীয় বঁটা | ই এম বি অ’ৰ সদস্যপদ |
আছিফা আখতাৰ ইংৰাজী: :Asifa Akhtar; এগৰাকী পাকিস্তানী জীৱবিজ্ঞানী যিয়ে ক্ৰম'জম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।[1] তেওঁ মেক্স প্লেংক ইনষ্টিটিউট অৱ ইমিউন'বায়'লজি এণ্ড এপিজেনেটিক্সৰ ক্ৰ'মেটিন নিয়ন্ত্ৰণ বিভাগৰ জ্যেষ্ঠ গোটৰ নেত্ৰী আৰু পৰিচালক।[2] ২০১৩ চনত আখতাৰক ইএমবিঅ'ৰ সদস্যপদ প্ৰদান কৰা হয়।[3] ২০২০ চনৰ জুলাই মাহত তেওঁ মেক্স প্লেংক ছ'চাইটিৰ জীৱবিজ্ঞান আৰু চিকিৎসা বিভাগৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় আৰু মহিলা উপ-সভানেত্ৰী হয়।[4]
শৈক্ষিক কেৰিয়াৰ
[সম্পাদনা কৰক]মূলত আছিফা আখতাৰ পাকিস্তানৰ কৰাচীৰ বাসিন্দা আছিল। তেওঁ ইউনিভাৰ্চিটি কলেজ লণ্ডনত জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী (বি এছ চি)ৰ বাবে অধ্যয়ন কৰিছিল। ইয়াৰ পাছত তেওঁ ইম্পেৰিয়েল কেন্সাৰ ৰিচাৰ্চ ফাণ্ড ( যি খন বৰ্তমান ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউটৰ অংশ) লৈ যায় আৰু তাত তেওঁ ৰিচাৰ্ড ট্ৰেইছমেনৰ প্ৰৱন্ধশালাত ট্ৰান্সক্ৰিপচনেল ৰেগুলেচন বিষয়ত অধ্যয়ন ও গৱেষণা কৰি পি এইচ ডি লাভ কৰিছিল। তাৰ পিছত আখতাৰ ক্ৰ’মেটিন নিয়ন্ত্ৰণৰ পোষ্ট ডক্টৰেট অধ্যয়নৰ ওপৰত মনোযোগ দিছিল আৰু সেইয়া যথাক্ৰমে, পিটাৰ বেকাৰৰ লেবৰেটৰী জাৰ্মানীত, ইউৰোপীয় আণৱিক জীৱবিজ্ঞান লেবৰেটৰী (EMBL), হাইডেলবাৰ্গ আৰু মিউনিখৰ এডলফ বুটেনাণ্ড ইনষ্টিটিউটত সম্পন্ন কৰিছিল। ২০০১ চনত আখতাৰ ইএমবিএলৰ এটা গবেষণা দলৰ নেতা হিচাপে যোগ দিয়ে। ইয়াৰ কিছু দিনৰ পিছত ২০০৯ চনত ফ্ৰেইবাৰ্গৰ মেক্স প্লেংক ইনষ্টিটিউট অৱ ইমিউন'বায়'লজি এণ্ড এপিজেনেটিক্স লৈ গুচি যায় আৰু তাত তেওঁ আখতাৰ লেবৰেটৰীৰৰ মুৰব্বী হিচাবে যোগ দিয়ে। [5]আছিফা আখতাৰ জাৰ্নেল অৱ চেল চাইন্সৰ সম্পাদক হিচাপেও কৰ্মৰত। [6] ২০২০ চনৰ ১ জুলাইত তেওঁ মেক্স প্লেংক ছ’চাইটিৰ জীৱবিজ্ঞান আৰু চিকিৎসা শাখাৰ উপ-সভানেত্ৰী নিৰ্বাচিত হয়।
গৱেষণাৰ আগ্ৰহ
[সম্পাদনা কৰক]আছিফা আখতাৰ গৱেষণাৰ কেন্দ্ৰবিন্দু হৈছে ক্ৰ’মেটিন আৰু এপিজেনেটিক ব্যৱস্থাৰ অধ্যয়ন। ড্ৰ'ছফিলা মেলানোগাষ্টাৰ নামৰ মাখিৰ প্ৰজাতিটোক পৰীক্ষামূলক আৰ্হি হিচাপে ব্যৱহাৰ কৰি আখতাৰে এক্স ক্ৰম'জমৰ নিয়ন্ত্ৰণত মাত্ৰা ক্ষতিপূৰণে কেনেদৰে কাম কৰে সেই বিষয়ে অনুসন্ধান কৰে। [7][8] নিউক্লিয়াৰ আৰ এন এ হেলিকেজ ডি এইচ এক্স ৯ এ ট্ৰেন্সপ'জন সন্নিৱিষ্ট কৰাৰ বিপজ্জনক প্ৰভাৱৰ পৰা জিনমক কেনেকৈ ৰক্ষা কৰে তাৰ ওপৰতো অধ্যয়নসমূহে গুৰুত্ব আৰোপ কৰিছে। [9] শেহতীয়াকৈ আখতাৰে নিউক্লিঅ'জমৰ পৰিৱেশৰ পৰিৱৰ্তনৰ দ্বাৰা ট্ৰান্সক্ৰিপচন নিষ্ঠা কেনেকৈ প্ৰভাৱিত হয় সেই বিষয়ে অনুসন্ধান কৰিছে। [10]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ২০০৮ চনত আখতাৰে কেৰিয়াৰৰ আৰম্ভণিৰ ইউৰোপীয় জীৱন বিজ্ঞান সংস্থাৰ বঁটা লাভ কৰে।[11]
- ২০১৩ চনত আখতাৰক ইএমবিঅ'ৰ সদস্যপদ প্ৰদান কৰা হয়।[3]
- ২০১৭ চনত আখতাৰক ফেল্ডবাৰ্গ বঁটা প্ৰদান কৰা হয়।[12]
- ২০২১ চনত আখতাৰক লাইবনিজ বঁটা প্ৰদান কৰা হয়।[13]
- ২০১৯ চনত তেওঁ জাৰ্মান একাডেমী অৱ চাইন্সেছ লিওপলডিনাৰ সদস্য হয়।[14]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "What 10,000 fruit flies have to tell us about differences between the sexes" (en ভাষাত). ScienceDaily. 19 July 2012. https://www.sciencedaily.com/releases/2012/07/120719141806.htm। আহৰণ কৰা হৈছে: 2019-06-03.
- ↑ "Management Board". www.ie-freiburg.mpg.de. https://www.ie-freiburg.mpg.de/4703712/management_board। আহৰণ কৰা হৈছে: 2019-05-11.
- 1 2 "EMBO announces new members for 2013". EMBO. Archived from the original on 2019-05-11. https://web.archive.org/web/20190511172236/http://www.embo.org/news/press-releases/2013/embo-announces-new-members-for-2013। আহৰণ কৰা হৈছে: 2019-05-11.
- ↑ "New team, new Ideas" (en-us ভাষাত). mpg.de. 1 July 2020. https://www.mpg.de/15105526/new-vice-presidents?fbclid=IwAR1vOYqpJXnwn7B55SCnx9Qy1ECvCoT6zrXQqYq4WowC6qnfW-nxMgaBkP0। আহৰণ কৰা হৈছে: 2020-07-05.
- ↑ "The logistics on the drosophila X chromosome" (en-us ভাষাত). phys.org. 2 October 2015. https://phys.org/news/2015-10-logistics-drosophila-chromosome.html। আহৰণ কৰা হৈছে: 2019-06-03.
- ↑ Way, Michael (2019-01-15). "New Editor on Journal of Cell Science". J Cell Sci খণ্ড 132 (2): jcs229740. doi:10.1242/jcs.229740. ISSN 0021-9533. PMID 30670474.
- ↑ Valsecchi, Claudia Isabelle Keller; Basilicata, M. Felicia; Semplicio, Giuseppe; Georgiev, Plamen; Gutierrez, Noel Marie; Akhtar, Asifa (2018). "Facultative dosage compensation of developmental genes on autosomes in Drosophila and mouse embryonic stem cells". Nature Communications খণ্ড 9 (1): 3626. doi:10.1038/s41467-018-05642-2. ISSN 2041-1723. PMID 30194291.
- ↑ Akhtar, Asifa; Steinmetz, Lars M.; Luscombe, Nicholas M.; Manke, Thomas; Raja, Sunil; Wei, Wu; Conrad, Thomas; Ramírez, Fidel et al. (June 2016). "Functional interplay between MSL1 and CDK7 controls RNA polymerase II Ser5 phosphorylation". Nature Structural & Molecular Biology খণ্ড 23 (6): 580–589. doi:10.1038/nsmb.3233. ISSN 1545-9985. PMID 27183194.
- ↑ Akhtar, Asifa; Backofen, Rolf; Manke, Thomas; Mittler, Gerhard; Pessoa Rodrigues, Cecilia; Bhardwaj, Vivek; Maticzka, Daniel; Ilık, İbrahim Avşar et al. (April 2017). "DHX9 suppresses RNA processing defects originating from the Alu invasion of the human genome". Nature খণ্ড 544 (7648): 115–119. doi:10.1038/nature21715. ISSN 1476-4687. PMID 28355180.
- ↑ Lam, Kin Chung; Chung, Ho-Ryun; Semplicio, Giuseppe; Iyer, Shantanu S.; Gaub, Aline; Bhardwaj, Vivek; Holz, Herbert; Georgiev, Plamen et al. (2019-04-01). "The NSL complex-mediated nucleosome landscape is required to maintain transcription fidelity and suppression of transcription noise". Genes & Development খণ্ড 33 (7–8): 452–465. doi:10.1101/gad.321489.118. ISSN 0890-9369. PMID 30819819.
- ↑ "EMBL news letter 2008". https://archive.embl.org/uploads/r/archive-of-european-molecular-biology-laboratory/5/8/c/58c10526688284855f3e73c5b7aa91bfa52d3ce9e35f05e7d078a406bead0a00/DE_2324_C-PUBS-E-46.pdf.
- ↑ "Prizewinners of the Feldberg Foundation". www.feldbergfoundation.org. Archived from the original on 2019-05-11. https://web.archive.org/web/20190511172243/https://www.feldbergfoundation.org/prizewinners/। আহৰণ কৰা হৈছে: 2019-05-11.
- ↑ "Winners of the Leibniz Prize 2021". Leopoldina. https://www.leopoldina.org/presse-1/nachrichten/leibniz-preis-2021/। আহৰণ কৰা হৈছে: 2021-02-10.
- ↑ "Asifa Akhtar". German Academy of Sciences Leopoldina. https://www.leopoldina.org/mitgliederverzeichnis/mitglieder/member/Member/show/asifa-akhtar/। আহৰণ কৰা হৈছে: 26 May 2021.