আছিয়েহ আমিনি

আছিয়েহ আমিনি (ইংৰাজী: Asieh Amini; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৭৩) এগৰাকী ইৰাণী কবি আৰু সাংবাদিক৷ তেওঁ বৰ্তমান নৰৱেৰ ট্ৰণ্ডহাইমত বাস কৰে। ইৰাণত সাধাৰণতে মৃত্যুদণ্ডৰ বিৰুদ্ধে আৰু বিশেষভাৱে মহিলা আৰু নাবালকক শিলগুটিৰে আঘাত কৰাৰ বিৰুদ্ধে যুঁজ দিয়া তেওঁ এগৰাকী মহিলা অধিকাৰ কৰ্মী।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]আমিনি উত্তৰ ইৰাণৰ মাজান্দৰান প্ৰদেশত ডাঙৰ-দীঘল হৈছিল। চাৰিগৰাকী ভগ্নীৰ ভিতৰত তেওঁ আছিল তৃতীয়।[1] তেওঁৰ দেউতাক শিক্ষক আছিল৷ তেওঁ আৰু তেওঁৰ ভনীয়েকহঁতে বহু সময় পঢ়া-শুনা, লিখা আৰু ছবি অঁকা কৰি কটায়। স্থানীয় পুথিভঁৰাল এটাত দুপৰীয়াৰ কবিতা চক্ৰ এটা চাবলৈ তেওঁ আৰম্ভ কৰিলে। আছিয়েহ চিত্ৰশিল্পী বা লেখক হ'ব বিচাৰিছিল।[1] ইৰাণী বিপ্লৱৰ পিছত আমিনিৰ জীৱন সলনি হৈছিল। সকলো ছোৱালীয়ে পিন্ধিবলগীয়া বাধ্যতামূলক ক’লা হিজাবটো তেওঁ ঘৃণা কৰিছিল আৰু পিন্ধাই দিলে কান্দিছিল। মাকে তেওঁক বুজাই দিলে যে-এয়া কোনেও অমান্য কৰিব নোৱাৰা নিয়ম।
কৰ্মজীৱন
[সম্পাদনা কৰক]আমিনিয়ে ১৯৯৩ চনত তেহৰাণৰ টাবাটাবাই বিশ্ববিদ্যালয়ত সাংবাদিকতা অধ্যয়ন আৰম্ভ কৰে। পঢ়া-শুনা কৰি থকাৰ সময়তে তেওঁ বাতৰি কাকতৰ বাবে লিখিবলৈ আৰম্ভ কৰে। যেতিয়া এজন সহকৰ্মীয়ে আমিনিক ভাল পোৱা কবি এজনৰ সাক্ষাৎকাৰ ল’বলৈ লগত লৈ গৈছিল; কবিয়ে তেতিয়া তেওঁক নিজৰ সাহিত্যিক মহললৈ মাতিলে। ইৰাণ কাকতখনে যুৱ পৰিপূৰিকা আৰম্ভ কৰিছিল আৰু আমিনি সাংস্কৃতিক সম্পাদক হৈছিল। ইৰাণৰ এই সময়ত এগৰাকী মহিলাৰ ইমান উচ্চ পদবীত থকাটো অস্বাভাৱিক আছিল।
১৯৯৭ চনত যেতিয়া মহম্মদ খাটামী ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল তেতিয়া নিষেধাজ্ঞা অলপ উঠাই লোৱা হৈছিল আৰু অধিক সাহসী কিতাপ ওলাইছিল। অধিক মহিলাই সাংবাদিকতাত প্ৰৱেশ কৰিলে। আমিনিয়ে নাৰী বিষয়ৰ বাতৰি প্ৰকাশ কৰা জান কাকতত চাকৰি ল’লে। যদিও আমিনিয়ে লিংগ অনুসৰি বাতৰিক পৃথক কৰাৰ ধাৰণাটোৰ বিৰোধিতা কৰিছিল, তথাপিও তেওঁ চাকৰিটো গ্ৰহণ কৰিছিল। জান কাকত নিষিদ্ধ কৰা হৈছিল। পৰৱৰ্তী সময়ত আমিনিয়ে ফ্ৰীলান্সাৰৰ কাম হাতত লয়। পিছত আমিনিয়ে এতেমাদ কাকতখনৰ সামাজিক সম্পাদক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও তেওঁ ৱমেন ইন ইৰাণ নামৰ ৱেবছাইট এটাও চলাইছিল।[1]
সক্ৰিয়তা
[সম্পাদনা কৰক]২০০৬ চনৰ অক্টোবৰ মাহত আমিনিয়ে 'ষ্টপ ষ্টোনিং ফৰ এভাৰ কেম্পেইন' প্ৰতিষ্ঠা কৰে। ইৰাণৰ এগৰাকী সুপৰিচিত নাৰীবাদী আৰু দেশৰ বাহিৰৰ দুগৰাকী লেখিকাৰ সৈতে একেলগে কাম কৰিছিল যিসকলে চেঞ্চৰশ্বিপ অবিহনে প্ৰকাশ কৰিব পাৰিছিল।[1] ইৰাণৰ ন্যায়িক ব্যৱস্থাত তেওঁ লিংগভিত্তিক অন্যায়ৰ বিৰুদ্ধে যুঁজি আছে আৰু ফাঁচীৰ প্ৰকাৰ হিচাপে শিলগুটি নিক্ষেপ কৰাৰ বিৰোধিতা কৰিছে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 Secor, Laura (27 December 2015). "War of Words". The New Yorker. Annals of Activism. http://www.newyorker.com/magazine/2016/01/04/war-of-words-annals-of-activism-laura-secor। আহৰণ কৰা হৈছে: 1 January 2016.
- ↑ "Day 14: Meet Asieh Amini, Iran". Nobel Women's Initiative. December 8, 2013. Archived from the original on April 11, 2016. https://web.archive.org/web/20160411004033/http://nobelwomensinitiative.org/2013/12/day-14-meet-asieh-amini-iran/। আহৰণ কৰা হৈছে: 2016-08-21.