আজম টেলিঘানী
আজম টেলিঘানী | |
---|---|
![]() | |
ইৰাণ সংসদ | |
কাৰ্যকাল ২৮ মে' ১৯৮০ – ২৮ মে' ১৯৮৪ | |
সমষ্টি | তেহৰাণ, ৰেয়, শেমাৰিনাট আৰু এছলামশ্বাৰ |
সংখ্যা গৰিষ্ঠতা | ১,১০৮,৬৫৩ (৫১.৯%) |
ব্যক্তিগত তথ্য | |
জন্ম | ১৯৪৩ তেহৰাণ |
মৃত্যু | ৩০ অক্টোবৰ, ২০১৯ (৭৬ বছৰ) তেহৰাণ, ইৰান |
ৰাজনৈতিক দল | ইছলামিক বিপ্লৱৰ মহিলা সমাজ[1] |
আন ৰাজনৈতিক সম্পৰ্ক |
ইৰাণৰ জাতীয়তাবাদী-ধৰ্মীয় কৰ্মী পৰিষদ |
দাম্পত্যসঙ্গী | মৰ্টেজা এটছেয়দ (২০১৭ চনত মৃত্যু) |
সম্বন্ধীয় | মাহমুদ টেলিঘানী (পিতৃ) |
জীৱিকা | ৰাজনীতিক, সাংবাদিক |
আজম তালেঘানী (ইংৰাজী: Azam Taleghani; (১৯৪৩ – ৩০ অক্টোবৰ ২০১৯) ইৰাণৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদিক আছিল যি ইৰাণৰ ছ'চাইটি অৱ ইছলামিক ৰিভল্যুচন ৱমেনৰ মুৰব্বী,[2] ''পায়াম-ই-হাজাৰ'' সাপ্তাহিক কাকতৰ সম্পাদক, ইৰাণৰ সংসদৰ সদস্য আছিল।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ইৰাণত জন্মগ্ৰহণ কৰা তালেঘানী আছিল আয়াতুল্লাহ মাহমুদ তালেঘানীৰ কন্যা। পাহলৱী শাসনৰ সময়ত তেওঁ কাৰাগাৰত কটাবলগীয়া হৈছিল।[4] ইৰাণী বিপ্লৱৰ পিছত তেওঁ ইৰাণৰ সংসদৰ সদস্য আছিল৷ তেওঁ "জামে'ই জানান মোছালমান" (মুছলমান মহিলাৰ সমাজ) প্ৰতিষ্ঠা কৰিছিল আৰু মহিলা আৰু নাৰীৰ অধিকাৰৰ বিষয়ে ইছলামিক আলোচনী পাইয়াম ই হাজাৰ উইকলি প্ৰকাশ কৰিছিল।[3] ২০০৩ চনত তেওঁ জাহৰা কাজেমীৰ মৃত্যুৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰে।[2][5] ২০০১ আৰু ২০০৯ চনত তালেঘানীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব দাখিল কৰে যদিও সকলো মহিলাৰ প্ৰাৰ্থীৰ দৰেই ইৰাণৰ গাৰ্ডিয়ান কাউন্সিলে তেওঁৰ প্ৰাৰ্থীত্বও নাকচ কৰে।[6][7]
তেওঁৰ ৰাজনৈতিক আদৰ্শই "বিপ্লৱী ইছলামবাদৰ প্ৰগতিশীল ব্ৰেণ্ড"ৰ সমৰ্থন কৰিছিল।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "List of Legally Registered Parties in Iran". Khorasan Newspaper. Pars Times. July 30, 2000. পৃষ্ঠা: 4. http://www.parstimes.com/politics/legally_registered_parties.html। আহৰণ কৰা হৈছে: 21 August 2015.
- ↑ 2.0 2.1 Iran: Sit-in by Azam Taleghani in front of Evin prison
- ↑ 3.0 3.1 فرخزاد، پوران (Pooran Farrokhzad). کارنمای زنان کارای ایران (از دیروز تا امروز). تهران: نشر قطره، ۱۳۸۱، আই.এচ.বি.এন. 9643411168، 533.
- ↑ همایش یکصدمین سال تولد مهندس بازرگان
- ↑ تحصن اعظم طالقانی در مقابل زندان اوین Archived June 27, 2009, at the Wayback Machine
- ↑ گفتگوی خبرنگاران ترک با اعظم طالقانی Archived June 30, 2009, at the Wayback Machine
- ↑ "اعظم طالقانی کاندیدای جدید ریاست جمهوری". Archived from the original on 2011-07-10. https://web.archive.org/web/20110710193702/http://www.entekhabnews.com/portal/index.php?news=2110। আহৰণ কৰা হৈছে: 2009-04-17.
- ↑ Azizi, Arash (November 2019). "Azam Taleghani, Defiant Would-Be President of Iran, Dies at 76". The New York Times. https://www.nytimes.com/2019/11/01/world/azam-taleghani-dead.html.