আজাদেহ ছামাদী
| আজাদেহ ছামাদী | |
|---|---|
২০১৪ চনৰ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত ছামাদী | |
| স্থানীয় নাম | آزاده صمدی |
| জন্ম | ০৭ জানুৱাৰী, ১৯৭৯ (৪৭ বছৰ) লা হিজান, গিলান, ইৰান |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৬–বৰ্তমান |
| দাম্পত্যসঙ্গী |
|
আজাদেহ ছামাদী (ফাৰ্চী: آزاده صمدی; জন্ম ৭ জানুৱাৰী ১৯৭৯) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ হাফেজ বঁটা, ক্ৰিষ্টাল চিমৰ্গ আৰু ইৰানৰ চলচ্চিত্ৰ সমালোচক তথা লেখক সংস্থাৰ বঁটাৰ বাবে লাভ কৰা মনোনয়নৰ উপৰি ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সন্মানীয় ডিপ্ল’মাকে ধৰি বিভিন্ন স্বীকৃতি লাভ কৰিছে।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]আজাদেহ ছামাদীৰ জন্ম ১৯৭৯ চনৰ ৮ ছেপ্টেম্বৰত লা হিজানত হৈছিল।[2] সূৰে বিশ্ববিদ্যালয়ৰপৰা থিয়েটাৰ বিষয়ত স্নাতক শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ অভিনয়ৰ এটা পাঠ্যক্ৰম (পাৰভিজ পাৰাষ্টুৰ তত্ত্বাৱধানত) সম্পূৰ্ণ কৰে। তেওঁ "বেহিৰ এণ্ড চুগাৰ" নামৰ থিয়েটাৰ প্ৰযোজনাত অভিনয় কৰিছিল আৰু কিছুসময়ৰ পাছত হোমায়ুন আছাদিয়ানৰ পৰিচালনাত নিৰ্মিত টিভি ধাৰাবাহিক "দ্য এণ্ডলেচ ৱে"-ত অভিনয় কৰিবলৈ নিৰ্বাচিত হয়। তেওঁ হুমেন ছেয়েদীৰ পৰিচালনাত নিৰ্মিত চুটি ছবি "৩৫ মিটাৰ ৱাটাৰ লেভেল" আৰু "ব্লু টিথ"-ৰ লগতে "নো ৱান টকিং টু এনিৱান"-তো অভিনয় কৰিছে।
আজাদেহ ছামাদীয়ে ২০০৬ চনত হৌমান ছেয়েদীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[3] কিন্তু ২০১৩ চনত এই বিবাহ বিচ্ছেদৰ জৰিয়তে অন্ত পৰে।[4] আজাদেহ ছামাদী ২০০৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত মীৰ-হোছেইন মৌছাভীক সমৰ্থন কৰা অন্যতম শিল্পী আছিল।[5]
ৰাছিয়াত অনুষ্ঠিত ২০১৮ চনৰ ফিফা বিশ্বকাপৰ সময়ত আইঅ’ ইণ্টাৰনেট নেটৱৰ্কত সম্প্ৰচাৰিত হোৱা 'জাবিৱাকা' অনুষ্ঠানটোৰ আঁতধৰিছিল ছামাদীয়ে।[6] পৰৱৰ্তী সময়ত তেওঁৰ স্থানত বেহৰাং আলাভীয়ে এই অনুষ্ঠানটো পৰিচালনাৰ দায়িত্ব লয়। অনুষ্ঠানটোৰ ঘনিষ্ঠ কৰ্মকৰ্তাসকলৰ মতে, আজাদেহ ছামাদীয়েই এই অনুষ্ঠানৰ আঁতধৰোঁতা হোৱাৰ কথা আছিল যদিও ৰেডিঅ’ এণ্ড টেলিভিছনে আপত্তি দৰ্শায়। ইয়াৰ পৰিণতিত তেওঁক সলনি কৰাৰ সিদ্ধান্ত লোৱা হয়।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ইৰানী অভিনেত্ৰী আজাদেহ ছামাদীয়ে ৰাহে বি পায়ান (এণ্ডলেচ পাথ) নামৰ টিভি ধাৰাবাহিকখনত একেলগে কাম কৰাৰ পাছত সহ-অভিনেতা হুমেন ছেয়েদীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অৱশ্যে কেইবছৰমান একেলগে থকাৰ পিছত তেওঁলোকৰ এই বিবাহ বিচ্ছেদৰ জৰিয়তে অন্ত পৰে।[7]
বিতৰ্কসমূহ
[সম্পাদনা কৰক]জাবিৱাকা
[সম্পাদনা কৰক]আজাদেহ ছামাদীয়ে 'জাবিৱাকা' নামৰ অনুষ্ঠানটোৰ আঁত ধৰিছিল, যিটো ৰাছিয়াত অনুষ্ঠিত ২০১৮ চনৰ ফিফা বিশ্বকাপৰ সময়ত অনলাইন প্লেটফৰ্ম 'আইঅ’'ত সম্প্ৰচাৰিত হৈছিল। প্ৰথমটো খণ্ডৰ পিছত, ইছলামিক ৰিপাব্লিক অৱ ইৰান ব্ৰডকাষ্টিঙৰ পৰিদৰ্শকসকলে "মহিলাৰ সঁজুলি হিচাপে ব্যৱহাৰ" কৰাৰ উদ্বেগ দৰ্শাই দ্বিতীয়টো খণ্ড চলি থকাৰ সময়তে ছামাদীৰ অংশগ্ৰহণ বন্ধ কৰি দিয়ে। পৰৱৰ্তী সময়ত মজিদ য়াছেৰ আৰু আলী আনছাৰীয়ে এই অনুষ্ঠানটোৰ আঁতধৰোঁতা হিচাপে দায়িত্ব লয়।[8]
বাধ্যতামূলক হিজাবৰ বিৰোধিতা
[সম্পাদনা কৰক]২০২৩ চনৰ ২১ মে’ত আজাদেহ ছামাদীয়ে ইৰানৰ বাধ্যতামূলক হিজাব নীতি অনুসৰণ নকৰাকৈয়ে ৰেজা হাদ্দাদৰ শেষকৃত্যত অংশগ্ৰহণ কৰিছিল। তেওঁৰ এই পদক্ষেপক ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ব্যাপকভাৱে প্ৰশংসা কৰিছিল।[9] এই ঘটনাৰ পিছত, তেহৰাণৰ সংস্কৃতি আৰু মিডিয়া আদালতৰ চৰকাৰী অধিবক্তাই ছামাদীৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ নিৰ্দেশ দিয়ে। বাধ্যতামূলক হিজাব উলংঘা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে ৰাজহুৱা নৈতিকতা আৰু ভদ্ৰতা ভংগ কৰাৰ অভিযোগ অনা হয়।[10][11] পৰৱৰ্তী সময়ত ছামাদী দোষী সাব্যস্ত হয় আৰু তেওঁক প্ৰত্যক্ষ বা পৰোক্ষভাৱে ছচিয়েল মিডিয়াৰ কাৰ্যকলাপত অংশ লোৱাৰপৰা ছমাহৰ বাবে নিষিদ্ধ কৰা হয়। ইয়াৰ উপৰি, আদালতে বৰ্ণনা কৰা "অসামাজিক ব্যক্তিত্বৰ বিকাৰ"ৰ চিকিৎসাৰ বাবে তেওঁক এটা চৰকাৰী মানসিক কেন্দ্ৰত পষেকত এবাৰকৈ অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰা হয় আৰু চিকিৎসাৰ শেষত মানসিক স্বাস্থ্যৰ প্ৰমাণ-পত্ৰ দাখিল কৰাৰ নিৰ্দেশ দিয়া হয়।[12][13]
ভ্ৰমণ নিষেধাজ্ঞা
[সম্পাদনা কৰক]২০২৩ চনৰ নৱেম্বৰ মাহৰ শেষৰফালে, ভাৰতৰ গোৱাত অনুষ্ঠিত ৫৪সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসবলৈ যাত্ৰা কৰাৰ সময়ত আজাদেহ ছামাদীক ইৰান এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হয়।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ ".: Iranian Movie DataBase آزاده صمدي :.". www.sourehcinema.com. Archived from the original on 2023-07-14. https://web.archive.org/web/20230714154937/http://www.sourehcinema.com/People/People.aspx?Id=139003230200/। আহৰণ কৰা হৈছে: 2019-06-09.
- ↑ "Azadeh Samadi" (en ভাষাত). ifilm-آیفیلم. Archived from the original on 2019-05-30. https://web.archive.org/web/20190530120450/http://en.ifilmtv.com/Artist/Content/2603। আহৰণ কৰা হৈছে: 2019-06-09.
- ↑ "یک طلاق در سینما/جدایی "هومن سیدی" از "آزاده صمدی"". 2015-01-02. Archived from the original on 2015-01-02. https://web.archive.org/web/20150102164437/http://www.cinemakhabar.ir/NewsDetails.aspx?ID=77256। আহৰণ কৰা হৈছে: 2020-08-18.
- ↑ "سکوت آزاده صمدی درباره جدایی اش از هومن سیدی شکست/شاید ترکیب من و هومن سیدی جواب نمی داد". 2016-04-25. http://www.khabaronline.ir/detail/522483। আহৰণ কৰা হৈছে: 2020-08-18.
- ↑ "خبرآنلاین - حمایت 800 هنرمند سینما ، تئاتر و تلویزیون از میرحسین موسوی". 2012-02-05. http://www.khabaronline.ir/news-10129.aspx। আহৰণ কৰা হৈছে: 2020-08-18.
- ↑ "آزاده صمدی، مجری ویژه ویژهبرنامه "زابیواکا" از آیو اسپرت". www.aionet.ir. https://aionet.ir। আহৰণ কৰা হৈছে: 2020-08-18.[সংযোগবিহীন উৎস]
- ↑ "معرفی و مشخصات کامل و سوابق" (fa ভাষাত). دانشنامه ویکیدا. 2024-10-10. https://fa.wikida.ir/wiki/%D8%A2%D8%B2%D8%A7%D8%AF%D9%87_%D8%B5%D9%85%D8%AF%DB%8C। আহৰণ কৰা হৈছে: 2024-10-26.
- ↑ "آزاده صمدی از اجرای برنامه جام جهانی یک شبکه اینترنتی برکنار شد" (fa ভাষাত). خبرگزاری موج. 2025-07-05. https://www.mojnews.com/%D8%A8%D8%AE%D8%B4-%D9%81%D8%B1%D9%87%D9%86%DA%AF%DB%8C-6/231704-%D8%A2%D8%B2%D8%A7%D8%AF%D9%87-%D8%B5%D9%85%D8%AF%DB%8C-%D8%A7%D8%B2-%D8%A7%D8%AC%D8%B1%D8%A7%DB%8C-%D8%A8%D8%B1%D9%86%D8%A7%D9%85%D9%87-%D8%AC%D8%A7%D9%85-%D8%AC%D9%87%D8%A7%D9%86%DB%8C-%DB%8C%DA%A9-%D8%B4%D8%A8%DA%A9%D9%87-%D8%A7%DB%8C%D9%86%D8%AA%D8%B1%D9%86%D8%AA%DB%8C-%D8%A8%D8%B1%DA%A9%D9%86%D8%A7%D8%B1-%D8%B4%D8%AF। আহৰণ কৰা হৈছে: 2025-07-05.
- ↑ "حضور پانتهآ بهرام و آزاده صمدی بدون حجاب اجباری در مراسمی عمومی" (fa ভাষাত). iranwire.com. https://iranwire.com। আহৰণ কৰা হৈছে: 2025-07-05.
- ↑ فردا, رادیو. "«قرار جلب به دادرسی» برای دو بازیگر زن به دلیل «کشف حجاب»" (fa ভাষাত). رادیو فردا. https://www.radiofarda.com/a/32455329.html.
- ↑ "قوه قضائیه ایران «حکم جلب» دو بازیگر را در رابطه با حجاب اجباری صادر کرد" (fa ভাষাত). BBC News فارسی. 2023-06-12. https://www.bbc.com/persian/articles/cy64d6g20pqo। আহৰণ কৰা হৈছে: 2025-07-05.
- ↑ "از شستشوی میت تا گواهی سلامت روان؛ جمهوری اسلامی زنان بی حجاب را چگونه مجازات می کند" (fa ভাষাত). BBC News فارسی. 2023-07-15. https://www.bbc.com/persian/articles/c1vkgg74kkyo। আহৰণ কৰা হৈছে: 2025-07-05.
- ↑ "احکام عجیب برای بیحجابی؛ از مراجعه به روانشناس تا شستن میت – DW – ۱۴۰۲/۴/۲۵" (fa ভাষাত). dw.com. https://dw.com। আহৰণ কৰা হৈছে: 2025-07-05.
- ↑ "ایستگاه خبر؛ دوشنبه ۲۹ آبان ۱۴۰২ برابر با ۲۰ نوامبر ۲۰۲۳ - BBC Persian" (fa-IR ভাষাত). BBC News فارسی. http://www.bbc.com/persian/live/67471258/page/2। আহৰণ কৰা হৈছে: 2025-07-05.[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত আজাদেহ ছামাদী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আজাদেহ ছামাদী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Azadeh Samadi on Instagram