আজাৰ নাফিচি
| আজাৰ নাফিচি | |
|---|---|
২০১৫ চনৰ টেক্সাছ বুক ফেষ্টিভেলত নাফিচি | |
| জন্ম | Persian: آذر نفیسی ১ ডিচেম্বৰ, ১৯৪৮ (৭৭ বছৰ) তেহৰান, পহ্লৱী ইৰান |
| পেচা | লেখিকা, অধ্যাপিকা |
| ভাষা | ইংৰাজী |
| নাগৰিকত্ব | আমেৰিকান |
| মাতৃশিক্ষায়তন | ওকলাহোমা বিশ্ববিদ্যালয় |
| উল্লেখনীয় কৰ্মৰাজি | ৰিডিং ললিতা ইন তেহৰান: এ মেমইৰ ইন বুক্স |
| উল্লেখযোগ্য বঁটা | 2004 Non-fiction Book of the Year Award (বুকচেন্স), পাৰ্চিয়ান গোল্ডেন লায়নেছ বঁটা |
আজাৰ নাফিচি (ফাৰ্চী: آذر نفیسی; জন্ম ১৯৪৮)[Notes 1][1] এগৰাকী ইৰানীয়-আমেৰিকান লেখিকা আৰু ইংৰাজী সাহিত্যৰ অধ্যাপিকা। ইৰানৰ তেহৰানত জন্মগ্ৰহণ কৰা নাফিচিয়ে ১৯৯৭ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰি আহিছে আৰু ২০০৮ চনত তেওঁ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে।[2]
নাফিচিয়ে কেইবাটাও শৈক্ষিক নেতৃত্বৰ ভূমিকা পালন কৰিছে। তাৰ ভিতৰত জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ স্কুল অৱ এডভান্সড ইণ্টাৰনেশ্যনেল ষ্টাডিজ (SAIS) ডায়লগ প্ৰজেক্ট এণ্ড কালচাৰেল কনভাৰ্চেচনৰ সঞ্চালিকা, জৰ্জটাউন ৱালছ স্কুল অৱ ফৰেন চাৰ্ভিচৰ শতবৰ্ষীয় ফেলো[3] আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ফেলো আছিল।[4]
তেওঁ ইৰানৰ এজন প্ৰসিদ্ধ পণ্ডিত, কল্পবিজ্ঞান লেখক আৰু কবি ছৈয়দ নাফিচিৰ ভতিজী। আজাৰ নাফিচি বিশেষভাৱে পৰিচিত তেওঁৰ ২০০৩ চনৰ গ্ৰন্থ ৰিডিং ললিতা ইন তেহৰান: এ মেমইৰ ইন বুক্সৰ বাবে। এই কিতাপখনে ১১৭ সপ্তাহ ধৰি ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ বেষ্ট চেলাৰ তালিকাত স্থান লাভ কৰিছিল আৰু ২০০৪ চনত বুকচেন্সৰ পৰা ‘নন-ফিকচন বুক অৱ দ্য ইয়াৰ’ বঁটাকে ধৰি কেইবাটাও সাহিত্য বঁটা লাভ কৰিছিল।[5][6]
ৰিডিং ললিতা ইন তেহৰানৰ উপৰিও নাফিচিয়ে থিংছ আই হেভ বিন ছাইলেন্ট এবাউট: মেমৰিজ অৱ এ প্ৰডিগেল ডটাৰ,[7] দ্য ৰিপাব্লিক অৱ ইমাজিনেশ্যন: আমেৰিকা ইন থ্ৰী বুক্স[8] আৰু দ্যাট আডাৰ ৱৰ্ল্ড: নাবোকভ এণ্ড দ্য পাজল অৱ এক্সাইল[9] আদি গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ শেহতীয়া কিতাপ ৰিড ডেঞ্জাৰাছলি: দ্য চাবভাৰ্চিভ পাৱাৰ অৱ লিটাৰেচাৰ ইন ট্ৰাবলড টাইমছ ২০২২ চনৰ ৮ মাৰ্চত প্ৰকাশ পাইছিল।[10]
২০২৪ চনত পৰিচালক ইৰান ৰিকলিছে ৰিডিং ললিতা ইন তেহৰানক চলচ্চিত্ৰ ৰূপ দিয়ে। ছবিখনত নাফিচিৰ চৰিত্ৰত অভিনয় কৰিছে ইৰানৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী গোলশিফতেহ ফাৰাহানীয়ে। ছবিখনৰ অন্যান্য অভিনয় শিল্পীসকলৰ ভিতৰত জাৰ আমিৰ ইব্ৰাহিমী আৰু মিনা কাভানী অন্যতম।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]নাফিচিৰ জন্ম হৈছিল ইৰানৰ তেহৰানত। তেওঁ নেঝাত আৰু আহমদ নাফিচিৰ কন্যা। আহমদ নাফিচি ১৯৬১ চনৰ পৰা ১৯৬৩ চনলৈ তেহৰানৰ মেয়ৰ আছিল আৰু সেই সময়ত তেওঁ এই পদত নিযুক্ত হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি আছিল।[11] ১৯৬৩ চনত তেওঁৰ মাতৃ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা সভালৈ নিৰ্বাচিত হোৱা প্ৰথমটো মহিলা দলৰ সদস্য আছিল।[12]
নাফিচি তেহৰানতে ডাঙৰ-দীঘল হৈছিল, কিন্তু ১৩ বছৰ বয়সত তেওঁ পঢ়া-শুনা শেষ কৰিবলৈ ইংলেণ্ডৰ লেংকাষ্টাৰলৈ যায়। ইয়াৰ পিছত তেওঁ ছুইজাৰলেণ্ডলৈ যায় আৰু ১৯৬৩ চনত কিছু সময়ৰ বাবে ইৰানলৈ ঘূৰি আহে। তেওঁ ওকলাহোমা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী আৰু আমেৰিকান সাহিত্যত ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু ডক্টৰেট (Ph.D.) ডিগ্ৰী লাভ কৰে।[13]
ইৰানৰ বিপ্লৱৰ পিছত ১৯৭৯ চনত নাফিচি ইৰানলৈ ঘূৰি আহে আৰু তেহৰান বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য অধ্যাপনা কৰিবলৈ আৰম্ভ কৰে।[14] ১৯৮১ চনত বাধ্যতামূলক ইছলামিক ওৰণি ল’বলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হয়।[15] কেইবছৰমানৰ পিছত, উদাৰীকৰণৰ সময়ছোৱাত তেওঁ আল্লামেহ তাবা তাবা ই বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়। ১৯৯৫ চনত নাফিচিয়ে নিজৰ পদৰ পৰা পদত্যাগ কৰিব বিচাৰিছিল, কিন্তু বিশ্ববিদ্যালয়ে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল। বাৰে বাৰে কামলৈ নোযোৱাৰ বাবে অৱশেষত তেওঁলোকে নাফিচিক বহিষ্কাৰ কৰে, কিন্তু তেওঁক পদত্যাগ কৰাৰ সুযোগ নিদিলে।[15][16]
১৯৯৫ চনৰ পৰা ১৯৯৭ চনлৈ নাফিচিয়ে প্ৰতি বৃহস্পতিবাৰে পুৱা কেইবাগৰাকীও ছাত্ৰীক নিজৰ ঘৰত নিয়মীয়া বৈঠকত মিলিত হ’বলৈ আমন্ত্ৰণ জনাইছিল। তাত তেওঁলোকে উত্তৰ-বিপ্লৱী ইৰানীয় সমাজত মহিলা হিচাপে তেওঁলোকৰ স্থানৰ বিষয়ে আলোচনা কৰিছিল। তেওঁলোকে ‘ললিতা’ আৰু ‘মেডাম বভেৰী’ৰ দৰে চৰকাৰৰ দ্বাৰা বিতৰ্কিত বুলি বিবেচিত কিছুমান সাহিত্যিক কৃতি অধ্যয়ন কৰিছিল। ইয়াৰ উপৰিও তেওঁ এফ স্কট ফিটজেৰাল্ড, হেনৰী জেমছ আৰু জেন অস্টিনৰ উপন্যাসসমূহ পঢ়ুৱাইছিল আৰু আধুনিক ইৰানীয় দৃষ্টিকোণৰ পৰা সেইবোৰ বুজিবলৈ আৰু ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছিল।[17][18]
বিপ্লৱৰ পিছত ১৮ বছৰ ধৰি ইৰানত থকাৰ পিছত নাফিচিয়ে ১৯৯৭ চনৰ ২৪ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ঘূৰি আহে আৰু বৰ্তমানো তাতেই বসবাস কৰি আছে।
টোকা
[সম্পাদনা কৰক]- ↑ Following eighth grade, Nafisi's parents sent her to England for schooling from 1961 to 1963. Nafisi 2010, chapter 8, pp. 69-70; chapter 13, p. 115
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Moving stories: Azar Nafisi". BBC News. 2 January 2004. https://bbc.co.uk.
- ↑ Iranian-American author lectures at the Spanish National Library Archived 2016-03-04 at the Wayback Machine
- ↑ "SFS Announces 2018-2019 Centennial Fellows" (en-US ভাষাত). SFS - School of Foreign Service - Georgetown University. 2018-12-20. https://georgetown.edu। আহৰণ কৰা হৈছে: 2025-03-16.
- ↑ "About Azar" (en-US ভাষাত). Azar Nafisi. https://azarnafisi.com। আহৰণ কৰা হৈছে: 2022-03-03.
- ↑ "StevenBarclayAgency". Barclayagency.com. http://barclayagency.com। আহৰণ কৰা হৈছে: 2017-01-18.
- ↑ "Yale University Office of Public Affairs". Opa.yale.edu. http://yale.edu। আহৰণ কৰা হৈছে: 5 January 2019.
- ↑ "Chatting Up A Storm with Claudia Cragg : Azar Nafisi --Talking of 'Lolita', 'Things I've Been Silent About' and the "Sarah Palins/Hilary Clintons of Iran..."". ://libsyn.com. https://libsyn.com। আহৰণ কৰা হৈছে: 2017-01-18.
- ↑ "The Republic of Imagination Classics – Penguin Classics – Because what you read matters. – Penguin Group (USA)". ://penguin.com. https://penguin.com। আহৰণ কৰা হৈছে: 2021-12-07.
- ↑ "That Other World | Yale University Press". yalebooks.yale.edu. https://yale.edu। আহৰণ কৰা হৈছে: 2021-12-07.
- ↑ "Read Dangerously" (en ভাষাত). HarperCollins. https://harpercollins.com। আহৰণ কৰা হৈছে: 2022-03-03.
- ↑ "Azar Nafisi's Interactive Family Tree | Finding Your Roots" (en-US ভাষাত). Finding Your Roots. Archived from the original on 2017-01-10. https://web.archive.org/web/20170110052643/http://www.pbs.org/weta/finding-your-roots/blog/azar-nafisis-interactive-family-tree/.
- ↑ "Nezhat Nafisi" (en ভাষাত), Wikipedia, 2022-02-04, https://en.wikipedia.org/w/index.php?title=Nezhat_Nafisi&oldid=1069888617, আহৰণ কৰা হৈছে: 2022-03-03
- ↑ Voices from the Gaps. https://conservancy.umn.edu/handle/11299/164018। আহৰণ কৰা হৈছে: 5 January 2019.
- ↑ "BBC NEWS | Middle East | Moving stories: Azar Nafisi". 2 January 2004. https://news.bbc.co.uk/2/hi/middle_east/3322495.stm.
- 1 2 "Reading Lolita in Tehran" (en ভাষাত). American Federation of Teachers. 2014-08-08. https://www.aft.org/periodical/american-educator/fall-2003/reading-lolita-tehran। আহৰণ কৰা হৈছে: 2022-03-05.
- ↑ "About Azar" (en-US ভাষাত). Azar Nafisi. https://www.azarnafisi.com/about-azar। আহৰণ কৰা হৈছে: 2022-03-05.
- ↑ Wasserman, Elizabeth (7 May 2003). "The Fiction of Life". The Atlantic. https://www.theatlantic.com/magazine/archive/2003/05/the-fiction-of-life/303089/। আহৰণ কৰা হৈছে: 5 January 2019.
- ↑ Enright, Michael (December 30, 2018) [2003]. The Sunday Edition – December 30, 2018 (Radio interview) (in English). CBC. Event occurs at 1:27:00.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Azar Nafisi সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ৱিকিউদ্ধৃতিত Azar Nafisi বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- Official Website
- Azar Nafisi on The Forum
- Random House author biography
- Samantha Power in conversation with Azar Nafisi at the Wayback Machine (archived April 23, 2009) at LIVE from the New York Public Library, February 21, 2008
- Lust for life by Azar Nafisi, The Guardian, July 1, 2006.
- Azar Nafisi speaks at the National Book Festival in 2004
- Breaking barriers in books[সংযোগবিহীন উৎস]
- Azar Nafisi speaks on Crossing the Borders: Western Fictions and Iranian Realities
- Nafisi's Dialogue Project
- Azar Nafisi by Robert Birnbaum, Identity Theory, February 5, 2004.
- Sorry, Wrong Chador by Karl Vick, The Washington Post, July 19, 2004; Page C01.
- Transcript of Nafisi's interview with David Brancaccio on PBS's Now
- (in Persian) DW-WORLD.DE on Azar Nafisi
- Nafasi on how the world misperceives Muslim women, in conversation with Big Think.
- Audio: Azar Nafisi in conversation on the BBC World Service discussion show The Forum
- "Native Informer" – Jacobin interview
- আমেৰিকা যুক্তৰাষ্ট্ৰৰ C-SPAN-ৰ তথ্যভঁৰালত -ৰ বিষয়ে তথ্য
- REVIEW : The Republic of Imagination