আজিও আহিছিল অৰণ্যখন
| আজিও আহিছিল অৰণ্যখন | |
|---|---|
| লেখক | সত্যজিৎ গগৈ |
| প্ৰচ্ছদ শিল্পী | তুচান চেনচং |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাৰ | পাৰিপাৰ্শ্বিক কবিতা |
| প্ৰকাশক | পি ডব্লিউ এফ (PWF) |
| প্ৰকাশ | ২੦২৪ |
| মিডিয়া প্ৰকাৰ | ছপা গ্ৰন্থ (পকাবন্ধা) |
| পৃষ্ঠা সংখ্যা | ৪੦ |
| আই.এচ.বি.এন. | 978-81-975772-2-2 |
আজিও আহিছিল অৰণ্যখন (ইংৰাজী: Ajio Ahisil Aranyakhan) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন৷ সংকলনখনৰ কবি সত্যজিৎ গগৈ৷[1]
বিষয়বস্তু
[সম্পাদনা কৰক]সংকলনটিত মুঠ পইত্ৰিছটা পাৰিপাৰ্শ্বিক কবিতা অন্তৰ্ভুক্ত হৈছে৷ কবিতাসমূহত জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, বনাঞ্চল ধ্বংস আদি বিভিন্ন পাৰিপাৰ্শ্বিক সমস্যাই স্থান পাইছে৷[2][1] কবি প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে সংকলনটিৰ কবিতাখিনিৰ আলোচনা প্ৰসংগত কৈছে, “এগৰাকী পৰিৱেশ সুৰক্ষা কৰ্মীৰ দৰেই তেওঁ নিজৰ চৌপাশৰ জগতখনক চায় আৰু চকুত পৰা বিসংগতিবোৰৰ বিষয়ে পাঠকক সচেতন কৰিব বিচাৰে৷”[3]
কবিৰ পৰিচয়
[সম্পাদনা কৰক]সত্যজিৎ গগৈ এগৰাকী অসমীয়া কবি আৰু তথ্যচিত্ৰ নিৰ্মাতা৷ তেওঁৰ কবিতা গৰীয়সী, প্ৰান্তিক, মিউজ ইণ্ডিয়া, পয়েট্ৰী উইডাউট ফীয়াৰ আদি আলোচনীত প্ৰকাশ পাইছে৷ এইখন তেওঁৰ তৃতীয় কবিতা-সংকলন৷[4][1]
প্ৰকাশন ইতিহাস
[সম্পাদনা কৰক]চল্লিছ পৃষ্ঠাৰ কবিতা-সংকলনটি ২੦২৪ চনত প্ৰকাশ পায়৷ প্ৰকাশক পি ডব্লিউ এফ৷[1]
মূল্যায়ন
[সম্পাদনা কৰক]সংকলনটিৰ ব্লাৰ্বত ক্ৰমে সমালোচক আনন্দ বৰমুদৈ আৰু কবি নীলিম কুমাৰৰ মন্তব্য সন্নিৱিষ্ট হৈছে৷ বৰমুদৈয়ে তেওঁৰ মন্তব্যত গগৈৰ কবিতা চিত্ৰকল্পবাদী বুলি কৈছে৷[1] নীলিম কুমাৰে তেওঁৰ মন্তব্যত প্ৰকৃতিৰ সংকট আৰু মানুহৰ অকল্পনীয় নিৰ্দয়তাৰ বিপৰীতে গগৈৰ কবিতাক সৎ কাব্য ভাবনাৰ নিদৰ্শন বুলি কৈছে৷[1] চেনীৰাম গগৈয়ে সত্যজিৎ গগৈৰ কবিতাবোৰ “সহজ, থলুৱা আৰু পোনপটীয়া” বুলি কৈছে৷[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 আজিও আহিছিল অৰণ্যখন, সত্যজিৎ গগৈ, ২੦২৪, পি ডব্লিউ এফ, ISBN 978-81-975772-2-2.
- ↑ 2.0 2.1 https://poetrywithoutfear.com/book-review-pariparshik-bishayak-kabita/
- ↑ ‘সাম্প্ৰতিক অসীমায় কবিতাত পাৰিপাৰ্শ্বিক চেতনা’, প্ৰকল্প ৰঞ্জন ভাগৱতী, অসমীয়া খবৰ, পৃষ্ঠা ৫, ৭ মাৰ্চ, ২੦২৫, গুৱাহাটী৷
- ↑ https://museindia.com/Museindia/ViewAuthorsProfile