সমললৈ যাওক

আজিজা আব্দুল্লাহ আবু লাহুম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আজিজা আব্দুল্লাহ আবু লাহুম
জন্ম ১৯৪৫
নিহাম জিলা, ছানা
ৰাষ্ট্ৰীয়তা য়েমেনী
অন্য নাম আজিজাহ আবদ আল্লাহ
পেচা ঔপন্যাসিকা
সক্ৰিয় হৈ থকা সময় ১৯৯৭-বৰ্তমানলৈকে


আজিজা আব্দুল্লাহ আবু লাহুম (ইংৰাজী: Azizah Abd Allah Abu Lahum) (জন্ম ১৯৪৫) য়েমেনৰ এগৰাকী ঔপন্যাসিকা আৰু লেখক।[1] নিহম জিলাৰ এটা বিশিষ্ট শ্বেখ পৰিয়ালত তেখেতে জন্মগ্ৰহণ কৰিছিল৷ তেখেতৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা নাছিল যদিও সাংস্কৃতিকভাৱে সচেতন পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। তেখেতে এজন কূটনীতিবিদক বিয়া কৰাইছিল যিয়ে তেওঁক বিদেশত থাকিবলৈ আৰু বিদেশী সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰিবলৈ অনুমতি দিছিল, তাৰ পিছত তেওঁ ছানাত থাকিবলৈ উভতি আহিছিল।

ৰামজিয়া আল-ইৰিয়ানীৰ লগতে আজিজাক সমসাময়িক য়েমেনৰ সাহিত্যৰ অন্যতম অগ্ৰণী মহিলা হিচাপে গণ্য কৰা হয়।[2]১৯৯৭ চনত কায়ৰোৰ পৰা তেওঁৰ প্ৰথম উপন্যাস আহলাম ৱা নবিলাহ প্ৰকাশ পাইছিল৷ তাৰ পিছত তেওঁৰ আৰু কেইবাখনো উপন্যাস প্ৰকাশ কৰিছে। অধিক বহলভাৱে ক’বলৈ গ’লে য়েমেনৰ মহিলা অধিকাৰ আন্দোলনত তেওঁ মুখ্য ভূমিকা পালন কৰিছে। ১৯৭০ চনত তেওঁ য়েমেন মহিলা সংস্থা স্থাপন কৰাত তেওঁ সহায় কৰিছিল৷ ইয়াৰ লগতে আমেৰিকাভিত্তিক আৰব মহিলা পৰিষদতো তেওঁ অংশগ্ৰহণ কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Arab women writers: a critical reference guide, 1873-1999, by Radwa Ashour, Ferial Jabouri Ghazoul, Hasna Reda-Mekdashi
  2. "Gender and the Writing of Yemeni Women Writers by Antelak Al-Mutawakel, PhD dissertation, University of Tilburg, 2005". Archived from the original on 2011-07-18. https://web.archive.org/web/20110718172005/http://arno.uvt.nl/show.cgi?fid=90383। আহৰণ কৰা হৈছে: 2011-02-27.