সমললৈ যাওক

আজিজা ছিদ্দিকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০০৭ চনত আজিজা ছিদ্দিকী

আজিজা ছিদ্দিকী (জন্ম-প্ৰায় ১৯৮৩) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।[1][2] তেওঁ আফগান বেচৰকাৰী সংগঠন একচন এইডৰ সৈতে মহিলা অধিকাৰ সমন্বয়ক আছিল৷ য'ত তেওঁ গ্ৰাম্য আফগান মহিলাসকলৰ পৰিস্থিতিৰ ওপৰত গৱেষণা কৰিছিল আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে জ্ঞান দিছিল৷ ইয়াৰ লগতে তেওঁৰ কামৰ বাবে ব্যক্তিগতভাৱে ভাবুকি পোৱাৰ পিছতো সিদ্ধান্ত গ্ৰহণৰ প্ৰশিক্ষণৰ আয়োজন কৰিছিল।[2][3][4]

আফগানিস্তানত জন্মগ্ৰহণ কৰা ছিদ্দিকীয়ে যুদ্ধৰ বাবে আঠ বছৰ বয়সত পাকিস্তানলৈ গুচি যায় যদিও ২০০৩ চনত মহিলাৰ অধিকাৰৰ বাবে কাম কৰিবলৈ আফগানিস্তানলৈ উভতি আহে।[1] ২০০৭ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা সাহস বঁটা লাভ কৰে।[1] কিন্তু সুপৰিচিত হোৱাৰ বাবে তেওঁ ইয়াৰ পিছত আফগানিস্তানলৈ নিৰাপদে উভতি যাব নোৱাৰিলে আৰু সেয়েহে তেওঁ আমেৰিকাত আশ্ৰয় লয়।[1]

২০০৮ চনত তেওঁ BIAS, Bi-lingual International Assistant Services ৰ বাবে কেছ ৱৰ্কাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে, যিয়ে বৃদ্ধ আৰু অক্ষম অনুপ্ৰৱেশকাৰী, আশ্ৰয়প্ৰাপ্ত আৰু শৰণাৰ্থীসকলক সহায় কৰে।[1] ২০০৯ চনত ছিদ্দিকীয়ে গীতানা প্ৰডাকচনৰ পৰা "বছৰৰ অসাধাৰণ ব্যক্তি" বঁটা লাভ কৰে, যিয়ে কলা আৰু কলা শিক্ষাৰ জৰিয়তে বৈচিত্ৰ্যক প্ৰসাৰিত কৰে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Next generation: Afghan-born woman helps immigrants cross cultural, legal bridges in St. Louis" (en ভাষাত). STLPR. 2010-06-12. https://news.stlpublicradio.org/government-politics-issues/2010-06-11/next-generation-afghan-born-woman-helps-immigrants-cross-cultural-legal-bridges-in-st-louis। আহৰণ কৰা হৈছে: 2023-02-10. 
  2. 2.0 2.1 Department Of State. The Office of Electronic Information, Bureau of Public Affairs (2007-03-07). "Honorees" (en ভাষাত). 2001-2009.state.gov. https://2001-2009.state.gov/g/wi/iwoc/c21757.htm। আহৰণ কৰা হৈছে: 2019-08-15. 
  3. "IIP Publications -" (en-US ভাষাত). IIP Publications. https://publications.america.gov/। আহৰণ কৰা হৈছে: 2019-08-15. 
  4. AWIU » 2007 WOC – Aziza Siddiqui Archived 13 December 2014 at the Wayback Machine