আজিলামু নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আজিলামু নৃত্য বা আঞ্জিলামা নৃত্য ছেৰডুকপেন সকলৰ এটি জনপ্ৰিয় নৃত্য। এই নৃত্যত দুজন মানুহে দৈত্যৰ বেশ ধৰি মুখা পিন্ধি, কান্ধলৈকে ওলোমা চুলি মেলি ভয়ংকৰ ভংগিমাত নাচে। ৰজা আৰু ৰাণীৰ পোছাক পিন্ধা দুজন ল’ৰাই এই দৈত্যদুজনৰ লগত যুঁজি ৰণৰ ভঙ্গিমাত নাচে। এয়ে আজিলামু নৃত্য।[1]

নৃত্যৰ প্ৰকাৰ[সম্পাদনা কৰক]

ছেৰডুকপেনসকলৰ মাজত নৃত্যপ্ৰধান নাটৰ প্ৰচলন আছে। এইবোৰক ভুজঙীয়া নাট বোলে। প্ৰতিখন ভুজঙীয়া নাটত একোটাকৈ উপদেশমূলক শিক্ষা বিষয় থাকে। ইয়াৰ দ্বাৰা মানুহক সংযমী আৰু জীৱ-জন্তুৰ প্ৰতি দয়াশীল হ’বলৈ শিক্ষা দিয়া হয়। কাহিনীবোৰ নৃত্যৰ দ্বাৰা উপস্থাপন কৰা হয় বাবে ইবোৰক বিভিন্ন নৃত্যৰ নামেৰে জনা যায়। হৰিণা পহুৰ নৃত্য, চুঁৱৰী পহুৰ নৃত্য, জাচুঙ চাম, কিয়েংপা নৃত্য, ব্ৰহ’পু নৃত্য[2] গো নৃত্য [3] আদি প্ৰধান।

মুখা[সম্পাদনা কৰক]

ছেৰডুকপেন জাতিৰ নৃত্যশিল্পীসকলে মুখা পিন্ধি নৃত্য কৰে। মুখাক তেওঁলোকে ’ব’ বুলি কয়। এডোখৰ কাঠৰ ভিতৰখন ফোঁপোলা কৰি চকু আৰু নাকৰ ঠাইত দুটা বিন্ধা ৰাখে। এই মুখাবোৰ টাৱাঙৰ পৰা যোগাৰ কৰি আনে। মুখাবোৰ বৰ সুন্দৰ। পুৰণি মুখাবোৰত ক’লা ৰং সনা হয়। মহিলসকলে মুখা নিপিন্ধে। নৃত্যত কেৱল পুৰুষসকলেহে মুখা পিন্ধিবলৈ পায়।[4]

নৃত্যৰ ধৰণ[সম্পাদনা কৰক]

এই নৃত্য বৰ ব্যয়বহুল। সাধাৰণতে স্থানীয় গোমপা বা বৌদ্ধবিহাৰৰ সম্মুখত এই নাচৰ আয়োজন কৰা হয়। নৃত্যত ঢোল, শিঙা আৰু বৰতালেৰে আৱহ সংগীতৰ ব্যৱস্থা কৰা হয়। নৃত্যৰ বিষয়বস্তু পৰমাৰ্থিক যদিও পৰিৱেশনত হাস্যৰসৰো সৃষ্টি হয়। দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰদৰ্শন কৰা “চুঁৱৰী পহুৰ নৃত্য’’ এই নৃত্যসমূহৰ মাজত প্ৰধান আৰু জনপ্ৰিয় নৃত্য।[5]

আজিলামু নৃত্য[সম্পাদনা কৰক]

এই নৃত্যত একাধিক শিল্পীৰ প্ৰয়োজন হয়। এজনে ৰজাৰ সাজ পিন্ধে আৰু দুজনে দুগৰাকী ৰাণীৰ সাজ পিন্ধে। নৃত্যৰ কাহিনীভাগ এনেধৰণৰ:- ’চাজেৰনুৰজান’ নামৰ ৰজাৰ লামু নামৰ দুগৰাকী ৰাণী। দুয়ো নৈত গা ধুবলৈ যায়। সেই নৈত ’নয়াপা’ আৰু ’নয়াৰো’ নামে দুটা দৈত্যই মাছ মাৰিবলৈ গৈছিল আৰু ৰাণী দুগৰাকীক দেখি তেওঁলোকৰ ৰূপত মোহিত হৈ দুয়োকে অপহৰণ কৰি লৈ যায়। এই কথা শুনি ৰজা খঙত অধীৰ হয় আৰু ৰাণী দুগৰাকীক বিচাৰি দৈত্যপুৰী পায়। তাত দুয়োগৰাকী ৰাণীকে কাৰাগাৰত বন্দী কৰি থোৱা দেখি ৰজাই দুয়োকে সকলো কথা সুধিলে। ৰাণীদুগৰাকীয়ে সকলো কথা দৈত্যৰ অনুপস্থিতিত বৰ্ণনা কৰি ৰজাক বুজাই দিলে। এনে সময়ত দৈত্য আহি উপস্থিত হ’ল আৰু তিৰোতা দুগৰাকী ৰজাৰ ৰাণী বুলি জানি আৰু ৰজাৰ লগত অহা সৈন্য সামন্ত দেখি ভয় খাই ৰাণীদুগৰাকীক এৰি দি ৰজাৰ ওচৰত ক্ষমা খুজিলে। ইয়াৰ পিছত ৰজাই দৈত্যৰ লগত বন্ধুত্ব কৰিলে আৰু সকলোৱে মিলি নাচৰ আয়োজন কৰিলে। এয়ে ভুজঙীয়া আজিলামু নৃত্যৰ মূল কাহিনী।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. বিষ্ণুপ্ৰসাদ ৰাভা ৰচনাৱলী, পৃ:নং: ১১৪৪; ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ।
  2. অসমৰ লোক সংস্কৃতি চাও লোকেশ্বৰ গগৈ।
  3. বিষ্ণুপ্ৰসাদ ৰাভা ৰচনাৱলী, পৃ:নং: ১১৪৪; ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ।
  4. বিষ্ণুপ্ৰসাদ ৰাভা ৰচনাৱলী, পৃ:নং: ১১৪৪; ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ।
  5. অসমৰ জনজাতি শ্ৰী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য
  6. অসমৰ লোকসংস্কৃতি, পৃ: নং; ৩৪২, চাও লোকেশ্বৰ গগৈ