আজি (অসমীয়া দৈনিক)
অৱয়ব
(আজি (বাতৰি কাকত)ৰ পৰা পুনঃনিৰ্দেশিত)
আজি আছিল গুৱাহাটীৰ পৰা প্ৰকাশিত এখন অসমীয়া দৈনিক বাতৰি কাকত৷ এই বাতৰি কাকতখন ২০০০ চনৰ মাৰ্চ মাহত ৰামধেনু প্ৰকাশন প্ৰাইভেট লিমিটেডে উন্মোচন কৰিছিল। প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল অজিত কুমাৰ ভূঞা।[1]
২০০৯ চনৰ ২৪ মাৰ্চত কাকতখনৰ কাৰ্যবাহী সম্পাদক অনিল মজুমদাৰক অজ্ঞাত ব্যক্তিয়ে গুলীয়াই হত্যা কৰে।[2] মজুমদাৰক লক্ষ্য কৰি লোৱাৰ সম্ভাৱ্য কাৰণ আছিল তেওঁৰ নেতৃত্বত চলি থকা কাকতখনে "আলফা আৰু চৰকাৰৰ মাজত আলোচনাৰ পোষকতা কৰি আহিছিল।"[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Chapter 3. Background of the Study" (PhD Thesis). Shodhganga. https://shodhganga.inflibnet.ac.in/bitstream/10603/227370/11/11_chapter%203.pdf। আহৰণ কৰা হৈছে: 27 September 2020.
- ↑ "Newspaper editor shot dead in Assam". Reuters. Archived from the original on 9 December 2020. https://web.archive.org/web/20201209000720/https://in.reuters.com/article/idINIndia-38693220090325। আহৰণ কৰা হৈছে: 4 August 2020.
- ↑ "Assam editor shot dead". The Telegraph India. http://www.telegraphindia.com/1090325/jsp/nation/story_10720510.jsp। আহৰণ কৰা হৈছে: 25 March 2009.