সমললৈ যাওক

আজেব মেছফিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আজেব মেছফিন
አዜብ መስፍን

২০০৯ চনত আজেব
ইথিওপিয়াৰ ২য় ফাৰ্ষ্ট লেডী
কাৰ্যকাল
৮ অক্টোবৰ ২০০১ – ২০ আগষ্ট ২০১২
ৰাষ্ট্ৰপতি গিৰমা ৱল্ডে-জিঅ'ৰজিছ
প্ৰধানমন্ত্ৰী মেলেছ জেনাৱি
পূৰ্বসূৰী ৰেজিনা আবেল্ট
উত্তৰসূৰী ৰোমান টেছফায়ে
ব্যক্তিগত তথ্য
জন্ম ২১ ডিচেম্বৰ, ১৯৬৬ (৫৮ বছৰ)
ৱেলকাইট, টাইগ্ৰেই, ইথিঅ'পিয়া
ৰাষ্ট্ৰীয়তা ইথিঅ'পিয়া
ৰাজনৈতিক দল টিগ্ৰে পিপলছ লিবাৰেচন ফ্ৰণ্ট
আন ৰাজনৈতিক
সম্পৰ্ক
ইথিওপিয়াৰ পিপলছ ৰিভল্যুচনেৰী ডেম’ক্ৰেটিক ফ্ৰণ্ট
দাম্পত্যসঙ্গী মেলেছ জেনাৱি
সন্তান

আজেব মেছফিন হাইলে (ইংৰাজী: Azeb Mesfin Haile; জন্ম: ২১ ডিচেম্বৰ ১৯৬৬)[1] ইথিঅ'পিয়াৰ এগৰাকী ৰাজনীতিবিদ যি ২০০১ চনৰ পৰা ২০১২ চনলৈকে ইথিঅ'পিয়াৰ দ্বিতীয় প্ৰথম মহিলা আছিল৷ তেওঁ ইথিঅ'পিয়াৰ নেচনেল ইনিচিয়েটিভ ফৰ মেণ্টেল হেল্থৰ প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক।[2] ২০০৯ চনৰ আৰম্ভণিতে এনডাউমেণ্ট ফাণ্ড ফৰ দ্য ৰিহেবিলিটেচন অৱ টিগ্ৰেৰ মুৰব্বী আবাদি জেমুৱে তেওঁক চিইঅ' হিচাপে নিযুক্তি দিয়ে।[3] [4]

টিগ্ৰে অঞ্চলৰ ৱেলকাইতত জন্মগ্ৰহণ কৰা আজেবৰ পূব চুডানৰ গাদাৰিফত ডাঙৰ-দীঘল হৈছিল। তেওঁ এজন আমহাৰা কৃষক পিতৃ মেছফিন হাইলে আৰু এগৰাকী তিগ্ৰা মাতৃ কনজিত গোলাৰ কন্যা[5]৷ তেওঁৰ মাতৃৰ ফালৰ পৰা ককাক গোলা গোছুৱে দ্বিতীয় ইটালো-ইথিওপিয়া যুদ্ধৰ সময়ত (১৯৩৫–১৯৩৬) ইটালীৰ আস্কাৰী হিচাপে কাম কৰিছিল। দেশত তেওঁৰ এই কাৰ্য্যৰ বাবে গোলাক ইথিওপিয়াৰ দেশপ্ৰেমিকসকলে হত্যা কৰে। সৰুৰে পৰাই আজেবক তেওঁৰ পেহীয়েক মানিয়াহলোছ গোলাই ডাঙৰ-দীঘল কৰিছিল যি এই "ফিতাৱৰাৰী"ৰ কন্যা যিটো ইটালীৰ আক্ৰমণকাৰীয়ে গোছুক দিয়া উপাধি অৰ্থাৎ অগ্ৰণী সেনাপতি; সামন্ত যুগৰ সামৰিক উপাধি।[6][7] ২০০৫ চনত তেওঁৰ ঘৰুৱা ৱেলকাইট আৰু হুমেৰাক প্ৰতিনিধিত্ব কৰি হাউছ অৱ পিপলছ ৰিপ্ৰেজেণ্টেটিভছ (ইথিওপিয়াৰ সংসদৰ নিম্ন সদন)লৈ নিৰ্বাচিত হয় আৰু ইয়াৰ সামাজিক পৰিক্ৰমা স্থায়ী সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁৰ ভূমিকা কেতিয়াবা বিতৰ্কিত হৈ আহিছে৷ [8] তেওঁ ২০০৭ চনৰ ১৫ জানুৱাৰীত ৱাশ্বিংটন ডিচিৰ জৰ্জটাউন বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা এইচ আই ভি/এইডছৰ সংক্ৰমণৰ বিৰুদ্ধে কৰা প্ৰচেষ্টাৰ বাবে আফ্ৰিকাৰ প্ৰথম মহিলাসকলক সন্মান জনোৱাৰ বাবে আয়োজিত বিশেষ অনুষ্ঠানত নিৰ্বাসিত ইথিঅ'পিয়ানসকলৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল।[9]

তেওঁ "এইচ আই ভি/এইডছৰ বিৰুদ্ধে মহিলাৰ ইথিঅ'পিয়ান মিত্ৰজোঁট" সংস্থা আৰম্ভ কৰে আৰু মহিলাৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে, ক্ষতিকাৰক পৰম্পৰাগত পদ্ধতি আৰু এইচ আই ভি/এইডছৰ বিৰুদ্ধে যুঁজিবলৈ সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Tigray". House of Peoples' Representatives. http://www.hopr.gov.et/c/document_library/get_file?p_l_id=11494&folderId=11516&name=DLFE-111.pdf। আহৰণ কৰা হৈছে: 2013-10-09. "6. Hon.W/ro Azeb Mesfin Haile" [সংযোগবিহীন উৎস]
  2. David Smith (30 March 2012). "Ethiopian PM Meles Zenawi's death sparks fears of turmoil". The Guardian. https://www.theguardian.com/world/2012/aug/21/meles-zenawi-death-fears-turmoil?newsfeed=true। আহৰণ কৰা হৈছে: 22 August 2012. 
  3. Azeb Mesfin Vice President of OAFLA Archived January 1, 2011, at the Wayback Machine
  4. "First Lady Makes it to EFFORT's Helm" Archived 2009-04-02 at the Wayback Machine, Addis Fortune, published March 2009 (accessed 5 May 2010)
  5. "Azeb Mesfin, MP and Widow of Meles Zenawi". Addis Fortune (Addis Ababa). 2013-09-08. http://addisfortune.net/articles/azeb-mesfin-mp-and-widow-of-meles-zenawi/। আহৰণ কৰা হৈছে: 2013-10-09. 
  6. Verdier, Isabelle (1997). Ethiopia The Top 100 People. Indigo Publications. পৃষ্ঠা. 90. ISBN 978-2-905760-12-8. https://books.google.com/books?id=dcMtAQAAIAAJ&q=ethiopia+the+top+100+people. 
  7. ECADF (2011-12-06). "Azeb Mesfin: The woman from Gadarif" (en-US ভাষাত). Archived from the original on 2021-04-28. https://web.archive.org/web/20210428155417/https://ecadforum.com/2011/12/05/azeb-mesfin-the-woman-from-gadarif/। আহৰণ কৰা হৈছে: 2021-04-26. 
  8. Gelaw, Abebe, "The 'Queen of Mega' in Parliament Archived 2007-01-17 at the Wayback Machine," Ethiomedia, 24 January 2006. (accessed 30 September 2006)
  9. Mays, Kate, "Group Objects to University Giving Award to 'First Lady', Protests Disrupt MLK Jr Commemoration Archived 2007-09-27 at the Wayback Machine," Ethiomedia, 18 January 2007. Retrieved January 18, 2007.
  10. Ethiopian Coalition of Women against HIV