আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, ডিব্ৰুগড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, উত্তৰ-পূৰ্বাঞ্চল

ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, উত্তৰ-পূৰ্বাঞ্চল, আন্তৰ্জাতিক উৎকৃষ্ট কেন্দ্ৰ
স্থাপিত ১৯৮২
ধৰণ গৱেষণা প্ৰতিষ্ঠান
মূল প্ৰতিষ্ঠান ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR)
সঞ্চালক ডঃ কানৱাৰ নাৰেইন
স্থান ভাৰত লাহোৱাল, ডিব্ৰুগড়, অসম, ভাৰত
চৌহদ চহৰীয়া
চমু নাম RMRC
ৱেবছাইট rmrcne.org.in

আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, উত্তৰ-পূৰ্বাঞ্চল (ইংৰাজী: Medical Research Centre, NE region; চমুকৈ RMRC) ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে স্থাপন কৰা ছখন আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ অন্যতম। ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ১০ কিঃমিঃ পূবত তথা বকুল তিনিআলিৰ পৰা ২ কিঃমিঃ নিলগত লাহোৱালত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ অৱস্থিত। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ উমৈহতীয়া আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই এই অঞ্চলত জীৱ-চিকিৎসা (Biomedical) বিষয়ত গৱেষণা কৰা হয়। ১৯৮২ চনত এই কেন্দ্ৰ স্থাপন কৰা হৈছিল। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু বিভিন্ন প্ৰকল্পৰ বাবে বিভিন্ন উৎসৰ পৰা এই কেন্দ্ৰই অনুদান লাভ কৰে।

এই উল্লেখযোগ্য চিকিৎসা গৱেষণা কেন্দ্ৰ বৰ্তমান ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান (National Institute of Health) আৰু আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা আন্তৰ্জাতিক উৎকৃষ্ট কেন্দ্ৰ (International Centre of Excellence) স্বীকৃতি লাভ কৰিছে।

এই কেন্দ্ৰই পূণেৰ উচ্চ গণনা উন্নয়ন কেন্দ্ৰ(Centre for Development of Advance Computing)ৰ লগত সহযোগত "MoSQuIT – mBillionth SAARC Countries Award 2013" লাভ কৰে। মবাইল প্লেটফৰ্মত মেলেৰিয়া প্ৰতিৰোধ কৰিবলৈ কৰা উদ্ভাৱনৰ বাবে mBillionth Award South Asia দ্বাৰা স্বীকৃত এই বঁটা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, উত্তৰ-পূৰ্বাঞ্চলক প্ৰদান কৰা হয়।[1]

গৱেষণা প্ৰকল্প[সম্পাদনা কৰক]

  • Studies on bionomics of Anopheles dirus, the major vector of forest malaria in NE region of India.
  • Epidemiological observations on malaria in some parts of Tengakhat PHC, Dibrugarh district, Assam
  • Malariometric studies in some parts of Assam and Arunachal Pradesh
  • Mosquito fauna of Northeast India with special reference to the medically important vectors.
  • A study on prevalence and pattern of substance use in North-East India.
  • Studies on prevalence of filariasis in some tea garden population of Assam
  • Mosquito fauna of Dibrugarh district with special reference to Mansonia annulifera, a reported vector of Japanese encephalitis from the Dibrugarh district of Assam.
  • Studies on paddy-field dermatitis (Panikaint) among workers in rice fields of upper Assam.
  • Food-borne parasitic zoonosis: status of metacercarial infection in fishes of Assam.
  • Study on Coronary Heart Disease and Hypertension (in Mizoram, Assam and Tea gardens of Upper Assam).

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বহিঃ সংযোগ[সম্পাদনা কৰক]