সমললৈ যাওক

আঞ্চল জোচেফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আঞ্চল জোচেফ
জন্ম ৩ জানুৱাৰী, ১৯৮৭ (৩৯ বছৰ)
নতুন দিল্লী, ভাৰত
'Modeling information'
Height 5 ফুট  10.5  ইঞ্চি (১৭৯ cm)
Hair color ক’লা
Eye color মুগা
Agency এলিট মিামি, ষ্টেট মেনেজমেণ্ট, এমএমজি নিউয়ৰ্ক

আঞ্চল জোচেফ (ইংৰাজী: Anchal Joseph; জন্ম: ৩ জানুৱাৰী, ১৯৮৭) এগৰাকী ভাৰতীয় ফেশ্বন মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনত আমেৰিকাজ নেক্সট টপ মডেলৰ সপ্তম ছিজনত অংশগ্ৰহণ কৰাৰ লগতে ২০১৮ চনৰ চিএনবিচি ৰিবুটত ডিল অৰ নো ডিলত এগৰাকী ব্ৰিফকেচ মডেল হিচাপে উপস্থিত হোৱাৰ বাবে সৰ্বাধিক পৰিচিত। তেওঁক ভৌগ পেৰিছৰ পৃষ্ঠাতো দেখা গৈছিল আৰু তেওঁ ধাৰাবাহিক হোৱাইট ক'লাৰ, গছিপ গাৰ্ল আৰু ৰয়েল পেইনছত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আঞ্চলৰ জন্ম ভাৰতনতুন দিল্লীত এটা মালয়ালম পৰিয়ালত হৈছিল।[1][2] তেওঁৰ পৰিয়ালটো আমেৰিকাৰ ফ্ল’ৰিডাৰ মিামিলৈ স্থানান্তৰিত হৈছিল যেতিয়া তেওঁৰ বয়স মাত্ৰ ছয় বছৰ আছিল। সেই সময়তে সেই অঞ্চলত ধুমুহা 'হাৰিকেন এণ্ড্ৰু'ৱে খুন্দা মাৰিছিল।[1] তেওঁৰ মাতৃ এগৰাকী নাৰ্ছ আছিল।[1] ১৯ বছৰ বয়সত আঞ্চলক আমেৰিকাজ নেক্সট টপ মডেল (ছিজন ৭) ৰ বাবে নিৰ্বাচন কৰা হৈছিল। ইয়াৰ পূৰ্বে তেওঁ 'জুম মেগাজিন' আৰু 'ফ্ৰেন্স ভৌগ'ৰ বাবে মডেলিং কৰিছিল।

আমেৰিকাজ নেক্সট টপ মডেল

[সম্পাদনা কৰক]

জোচেফ আমেৰিকাজ নেক্সট টপ মডেলৰ সপ্তম চক্ৰত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা ষষ্ঠগৰাকী প্ৰতিযোগী আছিল (মেলৰোছ বিকাৰষ্টাফ, জেডা ইয়ং, মিচেল বেবিন, ইউজেনিয়া ৱাশ্বিংটন আৰু ব্ৰুক মিলাৰৰ পিছত)। কাষ্টিঙৰ সময়ত অনুষ্ঠানটোৰ আঁতধৰোঁতা টাইৰা বেংকছে তেওঁক কৈছিল যে তেওঁ এই প্ৰতিযোগিতাত অংশ লোৱা এতিয়ালৈকে অন্যতম শাৰীৰিকভাৱে ধুনীয়া প্ৰতিযোগী। যদিও তেওঁৰ পৰ্টফলিঅ'ৰ গুণগত মানৰ বাবে তেওঁ প্ৰায়ে প্ৰশংসা লাভ কৰিছিল, বিচাৰকমণ্ডলীয়ে তেওঁৰ আত্ম-বিশ্বাসৰ অভাৱৰ কথা প্ৰায়ে উল্লেখ কৰিছিল। তেওঁ থকাৰ সময়ছোৱাত, জোচেফক দৰ্শকে একেৰাহে দুবাৰকৈ 'কভাৰগাৰ্ল অফ দ্য উইক' হিচাপে নিৰ্বাচিত কৰিছিল। তেওঁ এবাৰ দ্বিতীয় কল-আউট আৰু এবাৰ তৃতীয় কল-আউট লাভ কৰিছিল। এটা প্ৰত্যাহ্বানত সম্পূৰ্ণৰূপে অংশ ল’বলৈ অস্বীকাৰ কৰাৰ পাছত, বিচাৰকসকলে জোচেফক লছ এঞ্জেলছত সপ্তম স্থানত থাকোঁতেই প্ৰতিযোগিতাৰপৰা বিদায় দিয়ে। সেইবাৰ তেওঁ প্ৰথমবাৰৰ বাবে 'বটম টু' বা অন্তিম দুগৰাকীৰ ভিতৰত আছিল।[3] যেতিয়া টাইৰা বেংকছে তেওঁৰ নীলা কণ্টাক্ট লেন্সৰ বিষয়ে সুধিছিল, তেতিয়া জোচেফে ভাৰতত উজ্জ্বল চুলি, ছাল বা চকুৰ বৰণ থকা লোকসকলক অধিক ধুনীয়া বুলি গণ্য কৰা হয় বুলি কৰা মন্তব্যই কিছু বিতৰ্কৰ সৃষ্টি কৰিছিল। তেওঁ লগতে কয় যে তেওঁ এই কুসংস্কাৰসমূহ নেওচি আগবাঢ়ি যাব বিচাৰে।[2]

মডেলিং আৰু অভিনয় কেৰিয়াৰ

[সম্পাদনা কৰক]

জোচেফক ভৌগ পেৰিছ আৰু 'জুম মেগাজিন'ৰ পৃষ্ঠাত দেখা গৈছে। ২০১০ আৰু ২০১১ চনৰ ভিতৰত তেওঁ হোৱাইট ক'লাৰ, গছিপ গাৰ্ল আৰু ৰয়েল পেইনছত অভিনয় কৰিছিল।

তেওঁ এইডছ প্ৰতিৰোধৰ প্ৰসাৰৰ বাবে চলোৱা কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছে।[4] ২০১৮ চনৰ জুলাই মাহত জোচেফে চিএনবিচিৰদ্বাৰা সম্প্ৰচাৰিত ডিল অৰ নো ডিলৰ নতুন সংস্কৰণৰ বাবে চিত্ৰগ্ৰহণত অংশ লৈছিল; য’ত তেওঁ ২২ নম্বৰৰ ব্ৰিফকেচটো বহন কৰিছিল।[5]

এএনটিএমৰ পিছত জোচেফে ফটোগ্ৰাফাৰ মেনি ৰোমানৰ সৈতে চুক্তিবদ্ধ হয় যিয়ে তেওঁক মডেলিং আৰু অভিনয় কেৰিয়াৰত আন এক খোজ আগবঢ়াবলৈ সহায় কৰিছিল। তেওঁক 'নাইট উইকলি মেগাজিন', 'আৰ্টেমিছ এলুৰ মডেল মেগাজিন', 'আই এম চেৰা শ্ব' / ফংচিয়ন ফেশ্বন উইক', 'লিলা নিকোল শ্ব' / ৰক ফেশ্বন উইক' আদিত সুযোগ দিয়া হয়। ফংচিয়ন ফেশ্বন উইকৰ অংশ হিচাপে অনুষ্ঠিত হোৱা 'ৰেড ড্ৰেছ ফেশ্বন শ্ব'ত তেওঁ অংশ লৈছিল। ইয়াৰ উপৰি ৰোমানে তেওঁক ক্ৰীষ্টিন এণ্ডাৰচনৰ সৈতে 'এছএফএল লাইভ'ৰ সহ-উপস্থাপনাৰ বাবে নিৰ্বাচিত কৰিছিল। ৰোমানে এতিয়া জোচেফক প্ৰতিনিধিত্ব নকৰে আৰু তেওঁক 'মেগা মডেলছ মিামি'ৰ সৈতে অন্তৰ্ভুক্ত কৰিছে।[6] তেওঁ 'চোফি চুইমৱেৰ'ৰ বাবে মডেলিং কৰিছে। তেওঁ কেইবাটো মিামি ফেশ্বন উইকতো অংশগ্ৰহণ কৰিছে।[7]

তেওঁ হেল’জেন টিভিৰ "নবেল এক্সচেঞ্জ"ত উপস্থিত হোৱাৰ লগতে পৰিচালক গেৰী মাৰ্শ্বালৰ চিনেমা নিউ য়েৰছ ইভতো এটা চৰিত্ৰত অভিনয় কৰাৰ কথা আছে।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Anchal Joseph wants to act in Bollywood" (en ভাষাত). Hindustan Times. 2011-02-18. https://www.hindustantimes.com আহৰণ কৰা হৈছে: 2021-01-29.
  2. 1 2 Hobbs, Margaret Helen; Rice, Carla (2013) (en ভাষাত). Gender and Women's Studies in Canada: Critical Terrain. Canadian Scholars' Press. পৃষ্ঠা. 339. ISBN 978-0-88961-484-0. https://books.google.com.
  3. "America's Next Top Model: Anchal Plays the Blame Game - Today's News: Our Take". TVGuide.com. 2006-11-15. http://www.tvguide.com আহৰণ কৰা হৈছে: 2012-11-27.
  4. "The Luna Show #125 Anchal Joseph of America's Next Top Model". YouTube. 2010-02-24. https://www.youtube.com আহৰণ কৰা হৈছে: 2012-11-27.
  5. "Anchal on Instagram: "I'm singing like a canary🐥! See what I did there? 😁😝 Excited to FINALLY announce that I'll be on @dealornodealcnbc with @howiemandel! 🤗 Go..."". anchaljoseph on Instagram. July 24, 2018. https://www.instagram.com আহৰণ কৰা হৈছে: July 24, 2018.
  6. Archived February 15, 2009, at the Wayback Machine
  7. "Anchal Joseph - Fashion Model - Profile on FMD". Fashionmodeldirectory.com. 1987-01-03. http://www.fashionmodeldirectory.com আহৰণ কৰা হৈছে: 2012-11-27.
  8. Published 01.21.11 Print (2011-01-21). "ONLY ON TOOFAB! How Jim Carrey Met His 'Top Model' Date!". tooFab.com. http://www.toofab.com আহৰণ কৰা হৈছে: 2012-11-27.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]