সমললৈ যাওক

আট্টপ্পাদি থুৱৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অট্টপ্পাদি থুৱৰা (അട്ടപ്പാടി തുവര)
ভৌগোলিক স্বীকৃতি
বিকল্প নাম আট্টাপ্পাদি ৰেড গ্ৰাম, থোমাৰা
বৰ্ণনা ভাৰতৰ কেৰালাত খেতি কৰা ৰহৰ মাহ বা দাইলৰ এবিধ জাত
প্ৰকাৰ ৰহৰ মাহ
অঞ্চল কেৰালা
দেশ ভাৰত
পঞ্জীয়ন ২৯ জুলাই ২০২২
ৱেৱছাইট ipindia.gov.in

আট্টাপ্পাডি থুৱৰা (ইংৰাজী: Attappady Thuvara) হৈছে ভাৰতৰ কেৰালা ৰাজ্যত খেতি কৰা ৰহৰ মাহৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত শস্যৰ জাত। এই জাতটো মূলতঃ পালাক্কাড জিলাৰ আট্টাপ্পাডি জনজাতীয় তালুকত খেতি কৰা হয়।[1] [2][3]

ভৌগোলিক সূচক (GI) স্বীকৃতিৰ অধীনত এই শস্যজাতক আট্টপ্পাদি থুৱৰা নামেৰে নিবন্ধিত কৰা হৈছে।[4]

আট্টাপ্পাডি থুৱৰা হৈছে আট্টাপ্পাডি তালুকৰ এক অতি মূল্যৱান কৃষিজ উৎপাদন, আৰু এই অঞ্চলৰ নাম অনুসৰিয়েই ইয়াৰ নামকৰণ কৰা হৈছে। কেৰালাৰ ৰাজ্যভাষা মালয়ালমত ইয়াক "থুভৰা" (Thuvara) বুলি কোৱা হয়, আনহাতে স্থানীয় জনজাতীয় ভাষাত ইয়াক "থোমাৰা" (Thomara) নামেৰে জনা যায়। [5][6]

আট্টাপ্পাডি থুৱৰা কেৰালাৰ পালাক্কাঁড় জিলাৰ আট্টাপ্পাডি জনজাতীয় অঞ্চলৰ এক পৰম্পৰাগত কৃষিজ শস্য।[7] এই শস্য আট্টাপ্পাডিত প্ৰায় ৭০০ হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ বীজ ডাঙৰ আকাৰৰ, অধিক ওজনযুক্ত আৰু উচ্চ পুষ্টিগুণসম্পন্ন হোৱাৰ বাবে বিশেষভাৱে সমাদৃত।

আট্টাপ্পাডি থুভৰা আৰু আন পৰম্পৰাগত শস্যসমূহ সংৰক্ষণ কৰাৰ লগতে জনজাতীয় লোকসকলৰ জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কেৰালা চৰকাৰে আট্টাপ্পাডি মিলেট ভিলেজ (Attappady Millet Village) কাৰ্যসূচী আৰম্ভ কৰিছে। নীলগিৰি জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ অন্তৰ্গত আট্টাপ্পাডি অঞ্চল বহুতো স্থানীয় শস্যৰ প্ৰজাতি আৰু পশুজাতিৰ আৱাসস্থল। এই অঞ্চলত মূলতঃ জনজাতীয় জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে।[8][9]

গ্ৰীষ্মকালীন বৰষুণ আৰম্ভ হোৱাৰ কিছুদিন পাছতে, সাধাৰণতে বিষু উৎসৱৰ সময়ছোৱাত, আট্টাপ্পাডিৰ প্ৰায় প্ৰতিখন গাঁৱতেই আট্টাপ্পাডি থুভৰাৰ বীজ ৰোপণ আৰম্ভ হয়।[10] ব্যাপক পৰিসৰত ইয়াৰ খেতি কৰা হোৱাৰ ফলত এই শস্য স্থানীয় বজাৰসমূহতো সহজে উপলব্ধ হয়। ২০১৭ চনত কৃষি বিভাগে আট্টাপ্পাডিৰ ৪০খন জনজাতীয় বসতিত মুঠ ৪৮৫ হেক্টৰ ভূমিত বিভিন্ন শস্যৰ খেতি কৰিছিল, যাৰ ফলত ১,৬০৫ জন জনজাতীয় লোক উপকৃত হৈছিল। এই খেতিৰ অন্তৰ্গত আছিল ২২৫ হেক্টৰত মিলেট (ক্ষুদ্ৰ শস্য), ১৫০ হেক্টৰত দাইলজাতীয় শস্য, ৫০ হেক্টৰত শাক-পাচলি আৰু ৬০ হেক্টৰত তৈলবীজ (বাদাম)ৰ খেতি। [11][12]

ভৌগোলিক সূচক

[সম্পাদনা কৰক]

২৯ জুলাই ২০২২ তাৰিখে ভাৰত চৰকাৰৰ অধীনস্থ ভৌগোলিক সূচক পঞ্জীয়ন কাৰ্যালয় (Geographical Indications Registry)-এ আট্টাপ্পাডি থুভৰাক ভৌগোলিক সূচক (GI) স্বীকৃতি প্ৰদান কৰে।[13][14]

আগালিৰ আট্টাপ্পাডি থুভৰা উৎপাদক সংঘম (Attappady Thuvara Uthppadhaka Sangham)-এ ‘আট্টাপ্পাডি থুভৰা’ৰ GI পঞ্জীয়নৰ বাবে প্ৰস্তাৱ দাখিল কৰিছিল। ২০২০ চনৰ মাৰ্চ মাহত আবেদন দাখিল কৰাৰ পাছত, ২০২২ চনত চেন্নাইস্থিত ভৌগোলিক সূচক পঞ্জীয়ন কাৰ্যালয়ে এই শস্যক GI টেগ প্ৰদান কৰে। ইয়াৰ ফলত ‘আট্টাপ্পাডি থুভৰা’ নামটো কেৱল আট্টাপ্পাডি অঞ্চলত উৎপাদিত এই বিশেষ থুভৰা জাতিৰ বাবেহে সংৰক্ষিত হৈ পৰে।

ইয়াৰ লগে লগে আট্টাপ্পাডি থুৱৰা কেৰালাৰ প্ৰথম GI স্বীকৃতিপ্ৰাপ্ত ৰহৰ মাহৰ জাত আৰু কেৰালাৰ ৪০তম GI স্বীকৃতিপ্ৰাপ্ত সামগ্ৰী হিচাপে পৰিগণিত হয়। GI টেগে আট্টাপ্পাডি থুৱৰাক অবৈধ বিক্ৰী আৰু ভুৱা বিপণনৰপৰা সুৰক্ষা প্ৰদান কৰে। লগতে এই শস্যক আইনগত সুৰক্ষা, এক সুকীয়া পৰিচয় আৰু ভৌগোলিক উৎপত্তিৰ স্বীকৃতি প্ৰদান কৰে।

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. ↑ "State’s five agricultural products get GI Tag" (en-IN ভাষাত). The Hindu. 16 December 2022. https://www.thehindu.com/news/national/kerala/states-five-agricultural-products-get-gi-tag/article66271422.ece.
  2. ↑ Velluva, Sanathanan (2006). "Land Settlement and Degradation: Dynamics of Land Use in Recently Settled Forest Areas of Kerala" (en ভাষাত). Serials Publications. https://www.google.co.in/books/edition/Land_Settlement_and_Degradation/PgXtAAAAMAAJ?hl=en&gbpv=1&bsq=Attappady+Thuvara&dq=Attappady+Thuvara&printsec=frontcover.
  3. ↑ General, India Office of the Registrar (1966) (en ভাষাত). Census of India, 1961. Manager of Publications. https://www.google.co.in/books/edition/Census_of_India_1961/stUcAQAAMAAJ?hl=en&gbpv=1&bsq=Attappady+Thuvara&dq=Attappady+Thuvara&printsec=frontcover। আহৰণ কৰা হৈছে: 15 January 2025.
  4. ↑ "Attappady Thuvara". ip. https://search.ipindia.gov.in/GirPublic/Application/Details/687। আহৰণ কৰা হৈছে: 15 January 2025.
  5. ↑ "The Calling....". Kerala GSTState Goods and Services Tax Department. https://keralataxes.gov.in/wp-content/uploads/2018/09/The-calling-final-book_opt-compressed.pdf। আহৰণ কৰা হৈছে: 15 January 2025.
  6. ↑ (en ভাষাত) Census of India, 1981: pt. 2A. General population tables. Controller of Publications. 1900. https://www.google.co.in/books/edition/Census_of_India_1981_pt_2A_General_popul/q8AUAQAAMAAJ?hl=en&gbpv=1&bsq=Attappady+Thuvara&dq=Attappady+Thuvara&printsec=frontcover। আহৰণ কৰা হৈছে: 15 January 2025.
  7. ↑ Rajendran, Nanu (1986) (en ভাষাত). Muduga Language. Ennes Publications. https://www.google.co.in/books/edition/Muduga_Language/kpMtAAAAMAAJ?hl=en&gbpv=1&bsq=Attappady+Thuvara&dq=Attappady+Thuvara&printsec=frontcover। আহৰণ কৰা হৈছে: 15 January 2025.
  8. ↑ Nair, K. N.; Menon, Vineetha (2007). "Social Change in Kerala: Insights from Micro-level Studies" (en ভাষাত). Daanish Books. https://www.google.co.in/books/edition/Social_Change_in_Kerala/au_ZAAAAMAAJ?hl=en&gbpv=1&bsq=Attappady+Thuvara&dq=Attappady+Thuvara&printsec=frontcover.
  9. ↑ Singh, V. (2007) (en ভাষাত). Indian Folk Medicines and Other Plant-based Products. Scientific Publishers (India). ISBN 978-81-7233-481-9. https://www.google.co.in/books/edition/Indian_Folk_Medicines_and_Other_Plant_ba/mN0SAQAAIAAJ?hl=en&gbpv=1&bsq=Attappady+Thuvara&dq=Attappady+Thuvara&printsec=frontcover। আহৰণ কৰা হৈছে: 15 January 2025.
  10. ↑ "Attappady products make it to GI registry just before lockdown". The Times of India. 25 April 2020. https://timesofindia.indiatimes.com/business/india-business/attappady-products-make-it-to-gi-registry-just-before-lockdown/articleshow/75377564.cms.
  11. ↑ Conversation, The (11 November 2024). "New research shows young men objectifying women more likely to be violent towards their partners" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/specials/2024/Nov/11/new-research-shows-young-men-objectifying-women-more-likely-to-be-violent-towards-their-partners.
  12. ↑ "There is virtually everything on the menu for tribals in Attappady, except nutrition". Onmanorama. https://www.onmanorama.com/news/kerala/2021/12/13/projects-galore-attappady-tribes-food-crisis.html.
  13. ↑ "Attappady Thuvara". Intellectual Property India. https://search.ipindia.gov.in/GIRPublic/Application/Details/687। আহৰণ কৰা হৈছে: 16 January 2025.
  14. ↑ "Kerala tops GI tag list in FY 2022-23 - ET LegalWorld" (en ভাষাত). ETLegalWorld.com. https://legal.economictimes.indiatimes.com/news/industry/kerala-tops-gi-tag-list-in-fy-2022-23/99280867.