আট্টাৰৱালা
আট্টাৰৱালা ভাৰতৰ গুজৰাট ৰাজ্যৰ যথেষ্টসংখ্যক থকা এটা মুছলমান সম্প্ৰদায়।[1][2]
ইতিহাস আৰু উৎপত্তি
[সম্পাদনা কৰক]আট্টাৰৱালাসকলে নিজকে মোগল হাজাৰা সৈনিকৰ এটা দলৰ বংশধৰ বুলি দাবী কৰে যিসকলে প্ৰথমে আগ্ৰাত বসতি স্থাপন কৰিছিল, মোগল সম্ৰাট জাহাংগীৰৰ শাসনকালত।[1] তেওঁলোকৰ লিপিবদ্ধ নথি অনুসৰি তেওঁলোকে তাৰ পিছত গোৱালিয়ৰ, ৰাতলাম আৰু গোধৰা হৈ আহমেদাবাদলৈ প্ৰব্ৰজন কৰে। ১৮৫৭ চনৰ ভাৰতীয় স্বাধীনতা যুদ্ধত তেওঁলোকে সমাজত অংশগ্ৰহণ কৰাৰ পাছত এই প্ৰব্ৰজন ঘটিছিল। ভাৰতৰ গুজৰাটত বসতি স্থাপন কৰাৰ পাছত এই সম্প্ৰদায়ে ইত্তাৰ নামেৰে জনাজাত সুগন্ধি নিৰ্মাণৰ বৃত্তি গ্ৰহণ কৰে।[1] আট্টাৰৱালা শব্দৰ অৰ্থ হৈছে সুগন্ধি নিৰ্মাতা। ভাৰত বিভাজনৰ পিছত ১৯৪৭ চনত আগ্ৰাৰপৰা দ্বিতীয়বাৰৰ বাবে প্ৰব্ৰজন হয়, কিছুমান সদস্যই পাকিস্তানলৈ প্ৰব্ৰজন কৰে, আনহাতে কিছুমানে আহমেদাবাদত নিজৰ সহ-জাতিগত লোকৰ সৈতে যোগদান কৰে। আট্টাৰৱালা বৰ্তমান প্ৰধানকৈ ভাৰতৰ আহমেদাবাদত আৰু কিছুমান পাকিস্তানৰ কৰাচীত পোৱা যায়।[1]
বৰ্তমানৰ পৰিস্থিতি
[সম্পাদনা কৰক]আট্টাৰৱালাসকল আন গুজৰাটী মুছলমানসকলৰপৰা পৃথক, কিয়নো তেওঁলোকৰ মাতৃভাষা উৰ্দু। তেওঁলোক চৈধ্যটা বংশত বিভক্ত। প্ৰধান বংশসমূহ হ’ল পীৰ বক্ষ, আম্মেৰ আলী, খোৰাটা, মাণ্ডুছা, হুছেইনছা, জাহুৰ হুছেইন, মহম্মদ হুছেইন, খোদৰ বক্স, বৰখান, মাছুব খান আৰু গুলাম খান। এই বংশবোৰৰ নাম এজন পূৰ্বপুৰুষৰ নামেৰে ৰখা হৈছে। বংশৰ স্তৰৰ কোনো ব্যৱস্থা নাই, সকলো ফৈদে আন্তঃবিবাহ কৰে। এই সম্প্ৰদায়টোৱে ঘনিষ্ঠ আত্মীয়ৰ মাজত বিবাহপাশত আবদ্ধ হয় আৰু মোমায়েক আৰু খুড়াকৰফালৰ ভাই-ভনীৰ মাজত বিবাহ হয়।[1]
আট্টাৰৱালা ভূমিহীন সম্প্ৰদায় আৰু এতিয়াও উত্তৰ ভাৰতৰ পৰম্পৰাগত সুগন্ধি আতৰ নিৰ্মাণৰ কামত জড়িত হৈ আছে। বহুতেই এতিয়া মজুৰি শ্ৰমিক, ৰিক্সা টনা কামত জড়িত। চিয়া মুছলমান আৰু তেওঁলোকৰ নিজা জাতি সংঘ চিয়া জাফ্ৰিয়া আট্টাৰৱালা জামাত আছে। জাতি সংঘই মাদ্ৰাছাৰ লগতে অন্যান্য কল্যাণমূলক কাম-কাজ চলায়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 Mohideen, AM (2003). "Attarwalla". In Singh, KS. Gujarat. People of India Part One. XXI. Popular Prakashan. পৃষ্ঠা. 78–81. ISBN 9788179911044. https://books.google.com/books?id=4Cy_-FXW9BQC&pg=PA78.
- ↑ Samiuddin, Abida; Khanam, R. (en ভাষাত). Global Encyclopaedic Ethnography of Indian Muslim. Global Vision Publishing House. ISBN 978-81-8220-299-3. https://books.google.com/books?id=qEXFxCK-ulUC&dq=global+encyclopaedic+ethnography+of+indian+muslim+by+abida+samiuddin%2C+r.+khanam+volume+0&pg=RA1-PA361.