আডাম ৰেইনাৰ
| আডাম ৰেইনাৰ Adam Rainer | |
|---|---|
আডাম ৰেইনাৰ (বাওঁদিশে) আৰু সাধাৰণ উচ্চতাৰ এজন মানুহ, আনু. ১৯৩০ | |
| জন্ম | ১৮৯৯ গ্ৰেজ, অষ্ট্ৰিয়া-হাংগেৰী |
| মৃত্যু | ৪ মাৰ্চ, ১৯৫০ (৫১ বছৰ) |
| জনা যায় | একেলগে এজন বাওনা আৰু অতিকায় |
| উচ্চতা | 122.55 cm (U=ft}}) (১৮ বছৰ বয়স) 234 cm (U=ft}}) (৫১ বছৰ) |
আডাম ৰেইনাৰ (১৮৯৯ – ৪ মাৰ্চ ১৯৫০) এজন অষ্ট্ৰিয় লোক যি লিখিত ইতিহাসত একেলগে বাওনা আৰু অতিকায় বুলি চিহ্নিত একেমাত্ৰ লোক।[1] তেওঁৰ এক্ৰ'মেগেলী ৰোগ আছিল বুলি বিশ্বাস কৰা হয়।[2]
জীৱনকাল
[সম্পাদনা কৰক]বামনত্ব
[সম্পাদনা কৰক]১৮৯৯ চনত অষ্ট্ৰিয়া-হাংগেৰীৰ (বৰ্তমানৰ অষ্ট্ৰিয়া) গ্ৰেজত আডাম ৰেইনাৰৰ জন্ম হৈছিল।[3] শিশু অৱস্থাত ৰেইনাৰক বৰ সৰু, খীণ অৰু দুৰ্বল বুলি কোৱা হৈছিল। ১৯১৭ চনত ১৮ বছৰ বয়সত তেওঁৰ উচ্চতা আছিল 122.55 cm (U=ft}})। গতিকে প্ৰথম বিশ্বযুদ্ধত ভাগ ল'বলৈ অষ্ট্ৰ'-হাংগেৰীয়ান সামৰিক বাহিনীত তেওঁক প্ৰত্যাখান কৰা হৈছিল।[4] প্ৰাপ্তবয়স্ক উচ্চতা 147 cm (U=ft}})ৰ কম হ'লে ইয়াক বামনত্বৰ বিশেষত্ব বুলি ধৰা হয়।
অতিকায়ত্ব
[সম্পাদনা কৰক]বহু বছৰৰ পাছত পিটুইটেৰীৰ টিউমাৰৰ ফলত হঠাত ৰেইনাৰৰ উচ্চতা বাঢ়িবলৈ ধৰে। বিছৰ দশকৰ আৰম্ভণিৰ পৰা ত্ৰিছৰ আৰম্ভণিলৈকে তেওঁৰ প্ৰতি বছৰে গড়ে ৯.১৪ ছেমি (৩.১৬ ইন) উচ্চতা বাঢ়ে।[3] ১৯৩২ চনত (৩৩ বছৰ বয়স) ৰেইনাৰ উচ্চতা 218 cm (U=ft}}) হয়গৈ।[5] ১৯ বছৰ বয়সত তেওঁৰ জোতাৰ জোখ US ১০ (EUR ৪৩) ৰ পৰা তিনি বছৰ পাছতে ২০ হয় (EUR ৫৭.৫)।[6]
দুগৰাকী চিকিৎসকে আগষ্ট ১৯৩০ৰ পৰা মে' ১৯৩১ চনত ভিতৰত ৰেইনাৰৰ বিস্তৃতভাৱে পৰীক্ষা কৰে। সেই সময়ত তেওঁৰ উচ্চতা আছিল 216 cm (U=ft}})। এটা নিৰীহ পিটুইটেৰী এডিন'মা ধৰা পৰে যাৰ বাবে তেওঁৰ অস্বাভাৱিক বৃদ্ধি ঘটিছিল। ডঃ অস্কাৰ হিৰ্চে তেওঁৰ টিউমাৰটো অস্ত্ৰোপচাৰ কৰি আঁতৰায়।[4]
টিউমাৰ আঁতৰোৱাৰ আগতেই পিটুইটেৰীৰ বিজুতি আৰু অস্বাভাৱিক বৰ্ধনৰ বাবে ৰেইনাৰ দুৰ্বল হৈ পৰি উঠিব নোৱৰা হৈছিল। অস্ত্ৰোপচাৰৰ কেইদিনমানৰ পাছতেই তেওঁ এটা বৃদ্ধাশ্ৰমত আশ্ৰয় লয় আৰু আমৃত্যু ততে থাকে।[3] ১৯৫০ চনৰ ৪ মাৰ্চত মৃত্যু হওঁতে তেওঁৰ উচ্চতা আছিল 234 cm (U=ft}})।[7]
References
[সম্পাদনা কৰক]- ↑ Guinness World Records, 2004.
- ↑ "World's Littlest Giant: The Curious Case of Adam Rainer". thechirurgeonsapprentice.com. 20 January 2015. Archived from the original on 6 February 2015. https://web.archive.org/web/20150206050935/http://thechirurgeonsapprentice.com/2015/01/20/worlds-littlest-giant-the-curious-case-of-adam-rainer/। আহৰণ কৰা হৈছে: 6 November 2018.
- 1 2 3 Bellows, Alan. "The Man Who Was a Dwarf and a Giant" Archived 10 June 2011 at the Wayback Machine, DamnInteresting.com, 1 December 2005.
- 1 2 Hirsch, Oskar (1961). "Two Different Types of Gigantism Due to Similar Tumors. Discussion of Growth.". Stereotactic and Functional Neurosurgery খণ্ড 21 (4): 345–356. doi:10.1159/000104531. PMID 13907711. https://www.karger.com/Article/Abstract/104531। আহৰণ কৰা হৈছে: 19 April 2021.
- ↑ Hirsch, Obar. Two Types of Gigantism Due to Similar Tumors. Discussion of Growth*[usurped] Confinia Neurologica, Vol. 21, No. 4 (1961)
- ↑ Fitzharris, Lindsey. "The Insane Story Of A Man Who Was Born A Dwarf And Died A Giant". Business Insider. https://www.businessinsider.com/adam-rainer-was-both-a-dwarf-and-a-giant-2015-1। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ Adam Rainer[usurped] at The Tallest Man