সমললৈ যাওক

আড্ডাঘৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আড্ডাঘৰ
প্ৰতিষ্ঠাপক মীনাক্ষী বৰকটকী
প্ৰতিষ্ঠা ২০১৯
স্থান গুৱাহাটী, ভাৰত উত্তৰ-পূব ভাৰত
পৰিবেশনৰ ঠাই উত্তৰ-পূব ভাৰত
লক্ষ্য জ্যেষ্ঠ নাগৰিকৰ কল্যাণ
পদ্ধতি সৃষ্টিশীল কৰ্ম

আড্ডাঘৰ গুৱাহাটীৰ এক সামাজিক অনুষ্ঠান। প্ৰয়াত মুনীন বৰকটকী আৰু ৰেণুকা দেৱী বৰকটকীৰ পঞ্চৱতীস্থিত বাসভৱনত তেওঁলোকৰ কন্যা মীনাক্ষী বৰকটকীৰ উদ্যোগত পিতৃ-মাতৃৰ স্মৃতি ৰক্ষাৰ্থে এই অনুষ্ঠান গঢ়ি তোলে। সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ নিঃসংগতা দূৰ কৰি বাৰ্ধক্যক উপভোগ কৰাৰ সুবিধা দিয়াৰ উদ্দেশ্যে আড্ডাঘৰৰ জন্ম দিয়া হয়। আশাদ্বীপ ফাউণ্ডেশ্যন আৰু কে জি এম টি হস্পিতালে আড্ডাঘৰক সহযোগ কৰে।

প্ৰতিষ্ঠাতা

[সম্পাদনা কৰক]

প্ৰয়াত মুনীন বৰকটকী আৰু ৰেণুকা দেৱী বৰকটকীৰ কন্যা মীনাক্ষী বৰকটকীয়ে ২০১৯ চনৰ ১ মাৰ্চত[1] মাক-দেউতাকৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ এই অনুষ্ঠানৰ জন্ম দিয়ে।[2] ২০১৭ চনত ৰেণুকা দেৱী বৰকটকীৰ মৃত্যৰ পিছত তেওঁলোকৰ বাসস্থান পঞ্চৱতীৰ তলৰ মহলাত আড্ডাঘৰ গঢ়ি তোলা হয়। ২০১৯ চনত গুৱাহাটীত জ্যেষ্ঠ নাগৰিক সমাজ গঠন কৰা হয় আৰু আড্ডাঘৰ ইয়াৰ স্থায়ী কাৰ্যালয় হয়।

  • ঠিকনা:- আড্ডাঘৰ, পঞ্চৱতী, শিলপুখুৰী, গুৱাহাটী-৩[1]

সকলো জ্যেষ্ঠ নাগৰিক ইয়াৰ সদস্য হ’ব পাৰে। পৰিচালনাৰ বাবে সদস্যভৰ্তি মাচুল মাহে ৫০০ টকা আৰু বছৰেকীয়া মাচুল ৫০০০ টকা। বৃহস্পতিবাৰে বন্ধ থকা এই আড্ডাঘৰ সপ্তাহৰ বাকীকেইটা দিনত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ আৰু বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মুকলি থাকে।[2]

কাৰ্যসূচী

[সম্পাদনা কৰক]

আড্ডাঘৰত বিভিন্ন দিৱস পালন, অন্তৰংগ আলাপ, স্বাস্থ্য সজাগতা, দুৰ্গতজনলৈ সাহায্য আদি কাৰ্যসূচী সম্মন্ন কৰা হয়। আড্ডাঘৰৰ এখন বাৰ্ষিক মুখপত্ৰও প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম সংখ্যাটোৰ সম্পাদক আছিল গজেন কলিতা আৰু ২০২৬ চনৰ সম্পাদক দেৱানন্দ বৰুৱা। মুখপত্ৰত আড্ডাঘৰৰ আলাপত পাঠিত সাহিত্যৰ বিভিন্ন দিশৰ ৰচনা সন্নিৱিষ্ট কৰা হয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 ৰায়, নিভাৰাণী (১ অক্টোবৰ ২০২৬). "আড্ডাঘৰত উদ্ভাসিত জীৱনৰ বিয়লি বেলা". অসমীয়া প্ৰতিদিন: ৪.
  2. 1 2 গুৱাহাটী মহানগৰীত ৬০ ঊৰ্দ্ধৰ ব্যক্তিৰ বাবে ...... https://sangbad365.com/addaghar-story/.