সমললৈ যাওক

আথিছ (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আথিছ (ইংৰাজী: Athis) অভিদৰ মক-মহাকাব্য মেটামৰ্ফ’ছেছৰ (Metamorphoses) পঞ্চম কিতাপত বৰ্ণনা কৰা অনুসৰি ভাৰতৰ গংগা নদীৰ নিম্ফ বা অপেশ্বৰী লিমনাইৰ (Limnaee) অসাধাৰণ সৌন্দৰ্য্যশালী পুত্ৰ তথা এজন অৰ্ধদেৱতা।

কিংবদন্তি

[সম্পাদনা কৰক]

আথিছ আছিল ফিনিয়াছৰ অনুগামী। পাৰ্চিয়াছ আৰু ফিনিয়াছৰ মাজত হোৱা সংঘাতৰ সময়ত বেদীৰ মাজৰ পৰা ধোঁৱা ওলাই থকা খৰি এডালেৰে মাৰিবলৈ ধনু সাজু কৰা আথিছক গ্ৰীক নায়কজনে হত্যা কৰে। অচিৰীয় লাইকাবাছ, যাক অভিদে আথিছৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু বা সম্ভৱতঃ তেওঁৰ প্ৰেমিকা বুলি উল্লেখ কৰিছে, তেওঁ নিজৰ সংগীৰ মৃত্যুৰ বাবে কান্দিছিল আৰু তেওঁ আথিছৰ ধনুৰ পৰা পাৰ্চিয়াছৰ ওপৰত কাঁড় মাৰি প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিছিল। কিন্তু পাৰ্চিয়াছে কাঁড়ডালৰ পৰা নিজকে ৰক্ষা কৰাৰ লগতে লাইকাবাছকো হত্যা কৰিলে।[1]

প্ৰেৰণা

[সম্পাদনা কৰক]

ধ্ৰুপদী পণ্ডিত এলিছন কিথে কৈছে যে ভাৰ্জিলৰ এনিডত, বেদীৰ পৰা লোৱা জ্বলি থকা খৰি নিক্ষেপ কৰি ক’ৰিনিয়াছে ইবিছাছক হত্যা কৰাৰ আৰ্হিত আথিছৰ মৃত্যুৰ আৰ্হি লোৱা হৈছিল৷[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Metamorphoses (Kline) 5, the Ovid Collection, Univ. of Virginia E-Text Center". ovid.lib.virginia.edu. http://ovid.lib.virginia.edu/trans/Metamorph5.htm আহৰণ কৰা হৈছে: 2018-10-13.
  2. Keith, Alison M. (2002). "Ovid on Vergilian War Narrative". Vergilius (The Vergilian Society) খণ্ড 48: 114–115. ISSN 0506-7294. http://www.jstor.org/stable/41587270 আহৰণ কৰা হৈছে: 9 May 2022.