আদিকবি পম্পা
| আদিকবি পম্পা | |
|---|---|
| জন্ম | ৯০২ শতিকা আন্নিগেৰি, ৰাষ্ট্ৰকুট সাম্ৰাজ্য (বৰ্তমান আন্নিগেৰি, ধৰৱাড় জিলা, কৰ্ণাটক, ভাৰত) |
| মৃত্যু | ৯৫৫ শতিকা বোধন, ৰাষ্ট্ৰকুট সাম্ৰাজ্য (বৰ্তমান বোধন, টেলেংগানা, ভাৰত) |
| পেচা | জৈন কবি |
পম্পা (অনুমানিক দশম শতিকা), সন্মানীয় আদিকবি (আদিনাথ পুৰাণৰ কবি)য়েও উল্লেখ কৰা এজন কানাড়া ভাষাৰ জৈন কবি আছিল, যাৰ ৰচনাসমূহে তেওঁৰ দাৰ্শনিক বিশ্বাসক প্ৰতিফলিত কৰিছিল।[1] ৰাষ্ট্ৰকুট সম্ৰাট তৃতীয় কৃষ্ণৰ সামন্ত ভেমুলাবাদ চালুক্য ৰজা দ্বিতীয় অৰিকেছাৰীৰ ৰাজদৰবাৰ কবি আছিল। পম্পা তেওঁৰ মহাকাব্য বিক্ৰমাৰ্জুন বিজয় বা পম্পা ভাৰত, আৰু "আদি পুৰাণ"ৰ বাবে বেছিকৈ পৰিচিত, দুয়োখন চম্পু শৈলীত অনুমানিক ৯৩৯ খৃ:ত ৰচিত। এই ৰচনাসমূহে কানাড়া ভাষাৰ ভৱিষ্যতৰ সকলো চম্পু ৰচনাৰ বাবে আৰ্হি হিচাপে কাম কৰিছিল।
জৈন লেখক পম্পাৰ ৰচনাসমূহ শ্ৰীপন্না(কবি) আৰু ৰান্না(কবি)ৰ সৈতে ধ্ৰুপদী "কানাড়া সাহিত্য"ৰ অন্যতম “তিনি ৰত্ন” (ৰত্নাত্ৰয়) হিচাপে মান্যতা দিয়া হৈছিল।[2] মধ্যযুগীয় কানাড়া সাহিত্যৰ দশম শতিকাৰ যুগৰ আগজাননী দিছিল।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]পম্পাৰ জন্ম হৈছিল অনুমাণিক ৯০২ খ্ৰীষ্টাব্দত বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশৰ ভেংগী অঞ্চলৰ এটা জৈন পৰিয়ালত।[4] যদিও কেতিয়াবা ভুলতে কেৱল "ব্ৰাহ্মণ" বুলি বৰ্ণনা কৰা হয়, তথাপি তেওঁৰ পৰিয়ালে জৈন ব্ৰাহ্মণৰ পৰম্পৰা অনুসৰণ কৰিছিল, যিবোৰ জৈন ধৰ্মতো আছিল। জৈন পণ্ডিত বুলি কোৱা হয়[5]—যাৰ নিজা পুৰোহিতালি আৰু পাণ্ডিত্যৰ ভূমিকা আছিল জৈন পূজা আৰু দৰ্শনৰ প্ৰতি নিবেদিত।[6] লগতে তেওঁ জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰৰ বিষয়ে আদিপুৰাণ (আদিনাথ পুৰাণ) লিখিছিল।[7] প্ৰকৃত উৎপত্তিস্থল আৰু স্থানীয় স্থান বিতৰ্কিত। পম্পাৰ কনিষ্ঠ ভাতৃ জিনবল্লভই গংগাধৰম মণ্ডলৰ কুৰিকিয়ালা গাঁৱৰ বোম্মালম্মা গুট্টাত (আধুনিক তেলেংগানাত) থকা ত্ৰিভাষিক শিলালিপি (সংস্কৃত, কানাড়া আৰু তেলুগু ভাষাত) অনুসৰি তেওঁৰ পিতৃ অভিমানদেৱৰায় (ভীমপ্প্যায়া বুলি জনা যায়) আৰু মাতৃ অব্বানাব্বে। ইয়াৰ উপৰি তেওঁৰ ককাদেউতাক অভিমানচন্দ্ৰ আছিল জৈন ব্ৰাহ্মণৰ অন্তৰ্গত আৰু বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাৰ কাম্মানাডুৰ ভাংগীপাৰৰুৰপৰা অহা।[8][9][10][11]
পূব দাক্ষিণাত্যক ভেংগীৰ চালুক্যসকলৰ শাসিত আৰু ভেমুলাবাদক চালুক্য আৰু ৰাষ্ট্ৰকুটৰ শাসনৰ অধীনত কানাড়া ভাষী ভূখণ্ড হিচাপে গণ্য কৰা হৈছিল, পম্পা আৰু পন্নাৰ দৰে বিখ্যাত কানাড়া কবিসকল ভেংগীৰ পৰা আহিছিল। চালুক্য আৰু ৰাষ্ট্ৰকুটৰ দৰে কানাড়া বংশই সমগ্ৰ দাক্ষিণাত্যত আধিপত্য বিস্তাৰ কৰিছিল আৰু কাবেৰী আৰু গোদাৱৰী আৰু ইয়াৰ বাহিৰতো কানাড়া ভাষাৰ প্ৰভাৱ অনুভৱ কৰা হৈছিল।[12] সেয়েহে আধুনিক তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত বহুতো কানাড়া পৰিয়াল বাস কৰিছিল আৰু পম্পাও ইয়াৰে অন্যতম আছিল। আধুনিক জৈন পণ্ডিত হাম্পা নাগৰাজৈয়া ("হাম্পানা")ৰ মতে, পম্পাৰ জন্ম হৈছিল আন্নিগেৰীত, প্ৰাথমিক শৈশৱ কটায় ওচৰৰ বৰদা নদীৰ পাৰত আৰু তেওঁৰ মাতৃ আব্বানাব্বে আছিল কৰ্ণাটক ৰাজ্যৰ আধুনিক ধৰৱাদ জিলাৰ আন্নিগেৰীৰ জয়ছা সিংহৰ নাতিনী। পম্পাৰ মহাকাব্য বিক্ৰমাৰ্জুন বিজয়ত অৰ্জুনৰ ৰাজ অভিষেকৰ সময়ত বনৱাসী মন্দিৰৰ সৌন্দৰ্য্যৰ (আধুনিক উত্তৰ কানাড় জিলাত) সঘনাই বৰ্ণনা কৰা (অভিষেক) আনকি বৰদা নদীৰ পানী ছটিয়াই দিয়া(অভিষেক)ও পম্পাৰ মহাকাব্য বিক্ৰমাৰ্জুন বিজয়ত কবিৰ একাত্মতাৰ সাক্ষ্য দিয়ে।[13] আৰাংকুসমিত্তোদম নেনেভুডেন্ন্না মন বনৱাসী দেশম আৰু পুতিদিৰ্দোদে মাৰিদুম্বিয়াগি মেন কোগিলেয়াগি নন্দনাবনাডোল বনৱাছি দেশদোল এই শাৰীৰ জৰিয়তে তেওঁ বনৱাসীৰ প্ৰতি গভীৰ মোহ প্ৰকাশ কৰিছে।[14]
কাব্যিক জীৱন
[সম্পাদনা কৰক]এজন সু-পৰিব্ৰাজক, তেওঁ দ্বিতীয় আৰিকেছাৰ ৰজাৰ দৰবাৰ কবি হিচাপে থিতাপি লয়। জ্ঞান আৰু কাব্যিক ক্ষমতাত মুগ্ধ হৈ অৰিকেছাৰীয়ে (গুণৰ্ণৱ উপাধিৰ অধিকাৰী) তেওঁক “কবিতা গুণনৱ’’ উপাধি প্ৰদান কৰে। ৩৯ বছৰ বয়সত তেওঁ ৯৪১ চনত প্ৰথমখন মহাকাব্য 'আদি পুৰাণ' ৰচনা কৰে আৰু পিছত তেওঁ জনপ্ৰিয়ভাৱে পম্পা ভাৰত নামেৰে পৰিচিত বিক্ৰমাৰ্জুন বিজয় সম্পূৰ্ণ কৰে। এই দুখন ৰচনা ধ্ৰুপদী কানাড়া ৰচনাৰ অতুলনীয় সৃষ্টি হৈয়েই আছে।[15]
আদিপুৰাণ
[সম্পাদনা কৰক]গদ্য আৰু পদ্যৰ মিশ্ৰিত ৰূপ চম্পু শৈলীত ৰচিত আদি পুৰাণ জিনাসেনৰ সংস্কৃত গ্ৰন্থৰ কানাড়া সংস্কৰণ আৰু ইয়াত জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ ঋষভনাথৰ জীৱনৰ বিষয়ে ষোল্লটা অধ্যায়ত বিতংভাৱে উল্লেখ কৰা হৈছে। ৰচনাখনে তেওঁৰ নিজৰ অনন্য শৈলীৰে এজন আত্মাৰ সিদ্ধতা আৰু মোক্ষ লাভৰ তীৰ্থযাত্ৰাক কেন্দ্ৰীভূত কৰিছে। গ্ৰন্থখনত পম্পাই ঋষভৰ পুত্ৰ দুজন ভাতৃ ভৰত আৰু বাহুবলীৰ ক্ষমতা আৰু নিয়ন্ত্ৰণৰ সংগ্ৰামৰ বিষয়ে বৰ্ণনা কৰিছে। বাহুবলী জয়ী হোৱাৰ সময়তে ভাতৃৰ সপক্ষে সাংসাৰিক সাধনা ত্যাগ কৰে। মধ্যযুগৰ বহুতো জৈন পুৰাণে এই গ্ৰন্থত আদৰ্শ বিচাৰি পাইছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Merriam-Webster's encyclopedia of literature. Merriam-Webster. 1995. পৃষ্ঠা. 853. ISBN 0-87779-042-6. https://archive.org/details/merriamwebsters00merr.
- ↑ Sastri, K. A. Nilakanta (1955). A History of South India. Oxford University Press. p. 320.
- ↑ Students' Britannica India, Volumes 1-5. Popular Prakashan. 2000. পৃষ্ঠা. 78. ISBN 0-85229-760-2. https://books.google.com/books?id=AE_LIg9G5CgC&q=Adikavi+Pampa&pg=PA78.
- ↑ Rice, E. P. (1921). A History of Kannada Literature. Oxford University Press. pp. 45–47.
- ↑ Narasimhacharya, R. (1988). History of Kannada Literature. Asian Educational Services. pp. 17–20.
- ↑ Desai, P.B. (1957). Jainism in South India and Some Jaina Epigraphs. Sholapur: Jaina Samshodhana Sangha.
- ↑ Rice, E. P. (1921). A History of Kannada Literature. Oxford University Press. pp. 45–47.
- ↑ "Bommalagutta cries for attention". Deccan Chronicle. 2014-09-26. https://www.deccanchronicle.com/140926/nation-current-affairs/article/bommalagutta-cries-attention.
- ↑ Kevala Bodhi: Buddhist and Jaina History of the Deccan, Vol. 2, Bharatiya Kala Prakashan, 2004; p. 292
- ↑ Epigraphia Andhrica, Vol. 2, p. 27; Government of Andhra Pradesh, Hyderabad, 1969
- ↑ Samskrti sandhana, Rāshṭrīya Mānava Saṃskr̥ti Śodha Saṃsthāna, 2000; Vol. 13, p. 152
- ↑ Kamat 2002, পৃষ্ঠা. 6.
- ↑ Hampana in K. E. Radhakrishna, p.21 (2010), KANNADA : PAMPADYAYANA, Chapter: "Pampa: Apogee of Kannada literature", আই.এচ.বি.এন. 978-81-280-1192-4
- ↑ "Karnataka's oldest town: Banavasi Desham". https://www.enidhi.net/2021/04/banavasi-desham-uk-temple-details.html.
- ↑ Upinder Singh 2016, পৃষ্ঠা. 29.