আদিত্য

হিন্দু ধৰ্মত আদিত্য (সংস্কৃত: आदित्य) প্ৰধান সৌৰ দেৱতাৰ এটা সমূহক বুজায়। আদিত্যসকল অদিতি দেৱীৰ সন্তান। একবচনত আদিত্য নামটো সৌৰ দেৱতা সূৰ্য্যক বুজাবলৈ ব্যৱহাৰ কৰা হয়। সাধাৰণতে বাৰজন আদিত্যৰ আছে আৰু তেওঁলোক হৈছে বিবস্বান (সূৰ্য্য), অৰ্যমা, ত্বষ্টা, সবিত্ৰ, ভগ, ধাতা, মিত্ৰ, বৰুণ, অংশ, পূষণ, ইন্দ্ৰ আৰু বিষ্ণু (বামনৰ ৰূপত)।[1]
ঋগবেদত আদিত্যৰ সংখ্যা ৬–৮ জন, সকলো পুৰুষ। ব্ৰাহ্মণত এই সংখ্যা ১২ জনলৈ বৃদ্ধি পায়। মহাভাৰত আৰু পুৰাণত কাশ্যপ ঋষিক আদিত্যসকলৰ পিতৃ হিচাপে উল্লেখ কৰা হৈছে।[1] বছৰৰ প্ৰতিটো মাহতে বেলেগ বেলেগ আদিত্যই পোহৰ বিলাই বুলি কোৱা হয়।
সূৰ্য পূজা
[সম্পাদনা কৰক]ঋগবেদত আদিত্যক জলধাৰাৰ দৰে উজ্জ্বল আৰু বিশুদ্ধ, সকলো ছলনা আৰু অসত্যৰ পৰা মুক্ত, নিৰ্দোষ, নিখুঁত বুলি বৰ্ণনা কৰা হৈছে।
এই শ্ৰেণীৰ দেৱতাক স্থাৱৰ আৰু অস্থাৱৰ ধৰ্মত সমৰ্থন কৰা দেখা যায়। আদিত্যসকল সকলো সত্তাৰ ৰক্ষক হিচাপে কাম কৰা উপকাৰী দেৱতা, আত্মাৰ জগতখনক সুৰক্ষা প্ৰদান কৰে আৰু পৃথিৱীক ৰক্ষা কৰে। মিত্ৰ-বৰুণৰ ৰূপত আদিত্যসকলে চিৰন্তন নিয়মৰ প্ৰতি সত্য আৰু ঋণ আদায়কাৰী হিচাপে কাম কৰে।[2]
বৰ্তমান সংস্কৃতত ব্যৱহাৰত আদিত্য শব্দটোক বৈদিক আদিত্যৰ বিপৰীতে একবচন কৰা হৈছে, আৰু সূৰ্য্যৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হৈছে। বাৰজন আদিত্যই পঞ্জিকাৰ বাৰটা মাহ আৰু সূৰ্য্যৰ বাৰটা দিশক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰা হয়। বাৰজন আদিত্যক একেলগে দ্বাদশাদিত্য বুলি কোৱা হয়।[3]
সূৰ্য্য নমস্কাৰ
[সম্পাদনা কৰক]সূৰ্য্য নমস্কাৰ হৈছে সূৰ্য্যৰ পূজন৷[4] সূৰ্য্য নমস্কাৰ যোগাসনত ব্যায়াম হিচাপেও অন্তৰ্ভুক্ত কৰা হয় য'ত প্ৰায় বাৰ প্ৰকাৰৰ সংযুক্ত আসনৰ ক্ৰম অন্তৰ্ভুক্ত কৰা হয়।[5][6] ভাৰতত এনেধৰণৰ অন্য ব্যায়ামো প্ৰচলিত আছিল, উদাহৰণস্বৰূপে মল্লযুঁজাৰুসকলৰ মাজত। ১২ খন আসনৰ সংহতিটো সৌৰ দেৱতা সূৰ্য্যক উৎসৰ্গিত কৰা হৈছে। কিছুমান ভাৰতীয় পৰম্পৰাত আসনসমূহ প্ৰত্যেকটো বেলেগ বেলেগ মন্ত্ৰৰ সৈতে জড়িত।
সূৰ্য পূজন উৎসৱ
[সম্পাদনা কৰক]মকৰ সংক্ৰান্তি ভাৰতবৰ্ষত আৰু হিন্দু প্ৰব্ৰজনকাৰীসকলে সূৰ্য্য দেৱতাৰ পূজাৰ বাবে উৎসৰ্গিত এক উৎসৱ।[7][8]
ছট পূজা হৈছে বিহাৰ, ঝাৰখণ্ড আৰু তাৰাইৰ দৰে অঞ্চলত সৌৰ দেৱতা সূৰ্য্যৰ প্ৰতি উৎসৰ্গিত এক প্ৰাচীন হিন্দু উৎসৱ।[9] ভাৰতৰ উত্তৰ-পূব অঞ্চল, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, আৰু ছত্তীশগড়ৰ কিছু অংশতো এই প্ৰধান উৎসৱ পালন কৰা হয়। সম্ভা-দশমী হৈছে ওড়িশা ৰাজ্যত উদযাপন কৰা আন এটা সূৰ্য পূজন উৎসৱ।
কিছুমান শস্য চপোৱা উৎসৱৰ সময়ত দক্ষিণ ভাৰতীয়সকলে সূৰ্য্যক প্ৰাৰ্থনা কৰে।[10] তামিলনাডুত খেতিৰ অন্তত তামিল মাহ থাই মাহত সূৰ্য্য দেৱতাক পূজা কৰা হয়। এই উৎসৱক থাই পোংগল বা পোংগল বুলি জনা যায়৷[11]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Dalal, Roshen (2014-04-18) (en ভাষাত). Hinduism: An alphabetical guide. Penguin UK. ISBN 978-81-8475-277-9. https://books.google.com/books?id=zrk0AwAAQBAJ&q=Pushan.
- ↑ Rig Veda. Book 2, Hymn XXVII. http://www.sacred-texts.com/hin/rigveda/rv02027.htm.
- ↑ Sathyamayananda, Swami (2012). Ancient Sages. প্ৰকাশক Mylapore, Chennai: Sri Ramakrishna Math. পৃষ্ঠা. 173. ISBN 978-81-7505-356-4.
- ↑ Singh, Kritika. Sun Salutation: Full step by step explanation. Surya Namaskar Organization. https://www.suryanamaskar.org/। আহৰণ কৰা হৈছে: 2021-08-30.
- ↑ Mitchell, Carol (2003). Yoga on the Ball. Inner Traditions. পৃষ্ঠা. 48. ISBN 978-0-89281-999-7. https://books.google.com/books?id=b8Xgqsbp_6oC.
- ↑ MacMullen, Jane (1988). "Ashtanga Yoga". Yoga Journal খণ্ড September/October: 68–70. https://books.google.com/books?id=cfUDAAAAMBAJ&pg=PA68.
- ↑ https://books.google.ca/books?id=b2iyCAAAQBAJ&pg=PT30&redir_esc=y
- ↑ https://books.google.ca/books?id=KDU30Ae4S4cC&pg=PA547&redir_esc=y#v=onepage&q&f=false
- ↑ "Chhath rituals bring family together". Archived from the original on 24 October 2017. https://web.archive.org/web/20171024211139/https://timesofindia.indiatimes.com/city/patna/chhath-rituals-bring-family-together/articleshow/61190103.cms.
- ↑ Jain Chanchreek; K.L. Chanchreek; M.K. Jain (2007). Encyclopaedia of Great Festivals. Shree Publishers. পৃষ্ঠা. 36–38. ISBN 978-81-8329-191-0. https://books.google.com/books?id=TicTAQAAIAAJ.
- ↑ R Abbas (2011). S Ganeshram and C Bhavani. ed. History of People and Their Environs. Bharathi Puthakalayam. পৃষ্ঠা. 751–752. ISBN 978-93-80325-91-0. https://books.google.com/books?id=crxUQR_qBXYC.