সমললৈ যাওক

আদিত্য নাৰায়ণ পুৰোহিত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আদিত্য নাৰায়ণ পুৰোহিত

গৱেষণা সম্প্ৰদায়ক সম্বোধন কৰি থকা অৱস্থাত পুৰোহিত
জন্ম ৩০ জুলাই, ১৯৪০ (৮৬ বছৰ)
কিমনি, থাৰালী, চামোলি, উত্তৰাখণ্ড, ভাৰত
ক্ষেত্ৰ গছৰ প্ৰজাতিৰ পৰিৱেশ-শৰীৰবিজ্ঞান আৰু ভূ-পৃষ্ঠৰপৰা উচ্চতাত থকা ঔষধি উদ্ভিদৰ শৰীৰবিজ্ঞান
উল্লেখনীয় বঁটা পদ্মশ্ৰী

আদিত্য নাৰায়ণ পুৰোহিত (ইংৰাজী: Aditya Narayan Purohit; জন্ম ৩০ জুলাই ১৯৪০) এজন ভাৰতীয় বিজ্ঞানী আৰু প্ৰাধ্যাপক যিয়ে মূলতঃ গছৰ প্ৰজাতিৰ পৰিৱেশ-শৰীৰবিজ্ঞান আৰু উচ্চভূমি এলেকাৰ ঔষধি উদ্ভিদৰ শৰীৰবিজ্ঞানৰ বিষয়ে‍ কাম কৰি আহিছে। তেওঁ হেমৱতী নন্দন বহুগুণা গড়ৱাল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল[1] আৰু বিশ্ববিদ্যালয়খনৰ ভূ-পৃষ্ঠৰ উচ্চতাৰ উদ্ভিদ শৰীৰবিজ্ঞান গৱেষণা কেন্দ্ৰৰ সঞ্চালক।[2] ১৯৯০ চনৰপৰা ১৯৯৫ চনলৈকে তেওঁ হিমালয়ান পৰিৱেশ আৰু উন্নয়ন প্ৰতিষ্ঠান গোবিন্দ বল্লভ পন্তৰ সঞ্চালক আছিল।[3]

ভাৰতৰ ভূ-পৃষ্ঠৰ উচ্চতাত থকা পাহাৰত কৰা মূল্যৱান বৈজ্ঞানিক গৱেষণাৰ বাবে পুৰোহিতক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৯৯৭ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

পুৰোহিতৰ জন্ম হৈছিল ভাৰতৰ উত্তৰাখণ্ডৰ চামোলি জিলাৰ কিমনিত।[5] তেওঁৰ প্ৰাৰম্ভিক শিক্ষা থাৰালী আৰু চামোলি জিলাৰ ৰুদ্ৰপ্ৰয়াগ, নাইনিতালৰ পৌৰী জিলাৰ লেন্সডাউনত আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়, চণ্ডীগড়ত গৱেষণামূলক অধ্যয়ন হৈছিল। তেওঁ পাঞ্জাৱ বিশ্ববিদ্যালয় চণ্ডীগড়, বন গৱেষণা প্ৰতিষ্ঠান, ডেৰাডুন, কেন্দ্ৰীয় আলু গৱেষণা প্ৰতিষ্ঠান, চি‍মলা, ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয় আৰু নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি, শ্বিলঙত যোগদান কৰাৰ পূৰ্বে ১৯৭৭ চনত এইচ.এন.বি.গড়োৱাল বিশ্ববিদ্যালয়ত আছিল। তেওঁ সমগ্ৰ বিশ্ব ভ্ৰমণ কৰি বিভিন্ন সন্মিলনত বক্তৃতা দিয়াৰ লগতে বিভিন্ন আলোচনা-চক্ৰত পৰিৱেশ সম্পৰ্কীয় নিজৰ মত প্ৰকাশ কৰিছে। মালতী পুৰোহিতৰ সৈতে‍ তেওঁ বিবাহ সূত্ৰে আদিত্য নাৰায়ণ পুৰোহিত এগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তানৰ পিতৃ।

এইচ এন বি গড়োৱাল বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পাছত, পুৰোহিতে ভূ-পৃষ্ঠৰ ওপৰভাগৰ উচ্চভূমি এলেকাত থকা উদ্ভিদৰ বিষয়ে কাম আৰম্ভ কৰিছিল। তেওঁ ১৩০০০ ফুট উচ্চতাত টুংগনাথত আলপাইন ফিল্ড ষ্টেচনৰ সৈতে এক প্ৰতিষ্ঠান স্থাপন কৰিছিল আৰু এইটোৱেই হ’ল ভাৰতৰ প্ৰথম আলপাইন চেণ্টাৰ। এই কেন্দ্ৰটোত চলোৱা গৱেষণা কৰ্মৰপৰা দেখা গৈছে যে উচ্চভূমি এলেকাত থকা প্ৰজাতিবোৰ ভূ-পৃষ্ঠৰপৰা কম উচ্চতাত থকা প্ৰজাতিবোৰতকৈ পৰিৱেশৰ চাপৰ প্ৰতি কম সংবেদনশীল। পুৰোহিত আৰু তেওঁৰ সহযোগীসকলে কৰা আলপাইন উদ্ভিদৰ অংকুৰণৰ অধ্যয়নে বহু বিপন্ন প্ৰজাতিৰ অংকুৰণত সহায় কৰিছে আৰু সেইবোৰ টুংগনাথৰ আলপাইন ফিল্ড ষ্টেচনৰ সহায়ত প্ৰকৃতিত প্ৰতিষ্ঠা কৰিছে। তেওঁ আৰু তেওঁৰ সহযোগীসকলে একনাইটছ, আলপাইন আৰু চাব-আলপাইন উদ্ভিদৰ বাবে খেতি প্ৰযুক্তিৰ কথা উলিয়াইছে, যাৰ ঔষধি মূল্য অতি উচ্চ আৰু যাৰ উৎপাদন ১০ৰপৰা ১২গুণ বৃদ্ধি পায়। পাহাৰীয়া উদ্ভিদ আৰু পাহাৰীয়া পৰিৱেশ তন্ত্ৰৰ ওপৰত তেওঁ বহুমূলীয়া বৈজ্ঞানিক অৱদান আগবঢ়াইছে। ২০০২ চনত এইচ.এন.বি. গড়োৱাল বিশ্ববিদ্যালয়ৰপৰা অৱসৰ লোৱাৰ পাছত উত্তৰাখণ্ড চৰকাৰে তেওঁক ৰাজ্যখনৰ ঔষধি আৰু সুগন্ধি উদ্ভিদৰ সংৰক্ষণ, উন্নয়ন আৰু খেতিৰ পৰামৰ্শৰ বাবে বিশেষ অধ্যক্ষৰ প্ৰস্তাৱ দিছিল। তেওঁ ৰাজ্যখনৰ সুগন্ধি উদ্ভিদৰ বাবে এটা কেন্দ্ৰ স্থাপন কৰিছে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "NASI UK". Ucost.in. http://www.ucost.in/works/nasi.html আহৰণ কৰা হৈছে: 26 June 2015.
  2. "Schools – Hemvati Nandan Bahuguna Garhwal University". Hnbgu.ac.in. Archived from the original on 23 June 2015. https://web.archive.org/web/20150623144335/http://hnbgu.ac.in/forms/departments.aspx?lid=259 আহৰণ কৰা হৈছে: 26 June 2015.
  3. "GBPIHED :: Faculty & Supporting Staff". Gbpihed.gov.in. http://gbpihed.gov.in/StaffDatabase/StaffDatabase.htm আহৰণ কৰা হৈছে: 26 June 2015.
  4. "Padma Awards Directory (1954–2013)". Ministry of Home Affairs, Government of India. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 30 November 2025. ()
  5. 1 2 "Prof". Adityapurohit.com. http://adityapurohit.com/ আহৰণ কৰা হৈছে: 26 June 2015.