সমললৈ যাওক

আদিত্য বিৰলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আদিত্য বিক্ৰম বিৰলা

ভাৰতৰ ২০১৩ চনৰ ডাকটিকটত বিৰলা
জন্ম ১৪ নৱেম্বৰ ১৯৪৩
কলকাতা, বংগ প্ৰদেশ, বৃটিছ ভাৰত
মৃত্যু ১ অক্টোবৰ, ১৯৯৫ (৫১ বছৰ)
বাল্টিমোৰ,মেৰিলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজি
কলিকতাৰ ছেইণ্ট জেভিয়াৰ কলেজ
পেচা উদ্যোগপতি [দানবীৰ
পদবী আদিত্য বিৰলা গোটৰ প্ৰাক্তন অধ্যক্ষ
দাম্পত্যসঙ্গী ৰাজশ্ৰী বিৰলা
পিতৃ-মাতৃ বসন্ত কুমাৰ বিৰলা
সৰলা বিৰলা
সন্তান কুমাৰ মংগলম বিৰলা (পুত্ৰ)
বাসৱদত্ত বাজাজ (জীয়ৰী)

আদিত্য বিক্ৰম বিৰলা ( ইংৰাজী: Aditya Vikram Birla )( জন্ম ১৪ নৱেম্বৰ, ১৯৪৩ – মৃত্যু,১ অক্টোবৰ ১৯৯৫) এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ। ভাৰতৰ অন্যতম বৃহৎ ব্যাৱসায়িক পৰিয়ালত জন্মগ্ৰহণ কৰা তেওঁ নিজৰ গোটৰ বস্ত্ৰশিল্প, পেট্ৰ’কেমিকেল, আৰু দূৰসংযোগৰ ক্ষেত্ৰত বৈচিত্ৰ্যৰ নেতৃত্ব দিছিল। তেওঁ দক্ষিণ-পূব এছিয়া, ফিলিপাইনছ, ইজিপ্তত উদ্যোগ স্থাপন কৰি বহিঃৰাজ্যত সম্প্ৰসাৰণ কৰা প্ৰথম ভাৰতীয় উদ্যোগপতিসকলৰ ভিতৰত অন্যতম। ১৯৯৫ চনলৈকে তেওঁৰ সম্পত্তিৰ পৰিমাণ ২৫ কোটি পাউণ্ড বুলি অনুমান কৰা হৈছিল। ৫১ বছৰ বয়সত তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ কুমাৰ মংগলম বিৰলাই এই গোটৰ দায়িত্ব লয়।[1]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

আদিত্য বিৰলাই ১৯৪৩ চনৰ ১৪ নৱেম্বৰত কলিকতাত উদ্যোগপতি বসন্ত কুমাৰ আৰু সৰলা বিৰলাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।[2] [3] তেওঁৰ ককাদেউতা ঘনশ্যাম দাস বিৰলা মহাত্মা গান্ধীৰ সহযোগী আছিল আৰু এলুমিনিয়াম আৱিষ্কাৰ আৰু এম্বেছাদৰ গাড়ী সৃষ্টিৰ জৰিয়তে তেওঁৰ সৌভাগ্য অৰ্জন কৰিছিল।[2]

কলিকতাৰ ছেইণ্ট জেভিয়াৰ কলেজত পঢ়াৰ পিছত তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰপৰা ৰাসায়নিক অভিযান্ত্ৰিকী বিষয়ত ডিগ্ৰী লাভ কৰে। ৰাজশ্ৰীৰ সৈতে তেওঁৰ বিবাহ হৈছিল [4]আৰু তেওঁৰ এগৰাকী কন্যা বাসৱদত্ত আৰু এজন পুত্ৰ কুমাৰ মংগলম আছিল, যি বৰ্তমান আদিত্য বিৰলা গোটৰ মুৰব্বী।[5] আদিত্য বিক্ৰম বিৰলাই প্ৰয়াত সংস্কৃত পণ্ডিত শ্ৰী দুৰ্গা প্ৰসাদ শাস্ত্ৰীৰ অধীনত কলকাতাত সংস্কৃত অধ্যয়ন কৰিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৬৫ চনত ভাৰতলৈ উভতি অহাৰ পাছত বস্ত্ৰ উদ্যোগত কৰ্মজীৱন আৰম্ভ কৰে বিৰলাই। কলিকতা (কলকাতা)ত থকা তেওঁৰ ইষ্টাৰ্ণ স্পিনিং মিলছ দ্ৰুতগতিত সফল হৈ উঠিছিল, গোটটোৰ বিফল ৰেয়ন আৰু বস্ত্ৰ ব্যৱসায়ক পুনৰ সজীৱ কৰি তুলিছিল। তাৰ পিছত তেওঁক নিগমৰ তেল খণ্ডলৈ সম্প্ৰসাৰণৰ দায়িত্ব অৰ্পণ কৰা হয়।

১৯৬৯ চনত বিৰলাই গোটটোৰ প্ৰথম বহিঃৰাজ্যৰ কোম্পানী ইণ্ডো-থাই চিহ্নেটিকছ কোম্পানী লিমিটেড প্ৰতিষ্ঠা কৰে।[6] ১৯৭৩ চনত তেওঁ পিটি এলিগেণ্ট টেক্সটাইলছ প্ৰতিষ্ঠা কৰি কাটি সূতা প্ৰস্তুত কৰে। ইণ্ডোনেছিয়াত এইটোৱেই আছিল গোটটোৰ প্ৰথম উদ্যোগ। ১৯৭৪ চনত গোটটোৰ ভিস্কোজ ৰেয়ন ষ্টেপল ফাইবাৰ ব্যৱসায় থাই ৰেয়ন থাইলেণ্ডত অন্তৰ্ভুক্ত কৰা হয়। ১৯৭৫ চনত ভাৰত-ফিলিপিনৰ প্ৰথম যৌথ উদ্যোগ ইণ্ডো ফিল গ্ৰুপ অৱ কোম্পানীয়ে কাটি সূতা উৎপাদন আৰম্ভ কৰে। ১৯৭৭ চনত মালয়েছিয়াত পান চেঞ্চুৰী এডিবল অইলছ সংগঠিত হয় আৰু পিছলৈ বিশ্বৰ সৰ্ববৃহৎ একক স্থানত থকা পাম অইল শোধনাগাৰ হিচাপে পৰিগণিত হয়। ১৯৭৮ চনত থাই কাৰ্বন ব্লেক থাইলেণ্ডত অন্তৰ্ভুক্ত কৰা হয়। ১৯৮২ চনত ইণ্ডোনেছিয়াত ভিস্কোজ ষ্টেপল ফাইবাৰৰ প্ৰথম উৎপাদনকাৰী পিটি ইণ্ডো ভাৰত ৰেয়ন প্ৰতিষ্ঠা হয়।

১৯৮৩ চনত ঘনশ্যাম দাস বিৰলা বা চমুকৈ জি ডি বিৰলাৰ মৃত্যু হয় আৰু তেওঁৰ প্ৰায়বোৰ কোম্পানীৰ দায়িত্ব নাতি আদিত্যৰ হাতত অৰ্পণ কৰে। আদিত্য বিক্ৰম বিৰলাৰ অধ্যক্ষৰ কালত বিৰলা গ্ৰুপ অৱ কোম্পানীয়ে হিন্দুস্তান গেছক সফলতাৰে সম্প্ৰসাৰণ কৰি ইণ্ডো-গাল্ফ ফাৰ্টিলাইজাৰছ এণ্ড কেমিকেলছ লিমিটেডক ৰক্ষা কৰে।

১৯৯৩ চনত বিৰলাৰ প্ৰষ্টেট কেন্সাৰ ধৰা পৰে। তেওঁৰ বৃদ্ধ পিতৃ আৰু সৰু পুত্ৰই গোটটোৰ বহু দায়িত্ব গ্ৰহণ কৰিছিল।[7] বাল্টিমোৰৰ জনছ হপকিন্স হাস্পতালত চিকিৎসা গ্ৰহণ কৰি ১৯৯৫ চনৰ ১ অক্টোবৰত তেওঁৰ মৃত্যু হয়। তেওঁ পিতৃ-মাতৃ, পত্নী আৰু দুটা সন্তানৰ লগতে দুগৰাকী ভগ্নী আৰু এগৰাকী বোৱাৰীক এৰি থৈ যায়। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী (তেতিয়াৰ বিত্তমন্ত্ৰী) মনমোহন সিঙে বিৰলাক "ভাৰতৰ অন্যতম শ্ৰেষ্ঠ আৰু উজ্জ্বল নাগৰিক" বুলি অভিহিত কৰে।

কেন্সাৰৰ সৈতে যুঁজি থাকোঁতে বিৰলাৰ আটাইতকৈ ডাঙৰ চিন্তা আছিল ছোৱালীজনীৰ বিয়া হোৱাটো। ইয়াৰ বাবে তেওঁ জামনালাল বাজাজৰ বংশধৰ আৰু ঘনশ্যামদাস বিৰলাৰ ঘনিষ্ঠ বন্ধু বাজাজ পৰিয়ালৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্বৰ সহায় লৈছিল। বীৰলাই তেওঁৰ কন্যা বাসৱদত্তৰ বিয়া শিশীৰ বাজাজৰ (ৰাহুল বাজাজৰ কনিষ্ঠ ভাতৃ) পুত্ৰ কুশগ্ৰ বাজাজৰ লগত বিয়া কৰাইছিল।[8]) তেওঁলোকৰ বিবাহ ঠিক হোৱা অনুষ্ঠানত তেওঁ অংশ লৈছিল, কিন্তু তেওঁলোকৰ বিয়াত নহয়। দুয়োজনেই নাবালক হোৱাৰ বাবেই এই বিবাহ তৎক্ষণাত হ’ব নোৱাৰিলে, ১৯৭৬ চনত জন্মগ্ৰহণ কৰা এই দম্পতীহালে ১৯৯৭ চনত বিবাহপাশত আবদ্ধ হয়।

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

তেওঁৰ দলটোৱে তেওঁৰ স্মৃতিত আদিত্য বিৰলা বৃত্তি প্ৰতিষ্ঠা কৰে। প্ৰতি বছৰে সাতটা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, সাতটা ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, বিৰলা প্ৰযুক্তি আৰু বিজ্ঞান প্ৰতিষ্ঠান, পৰিচালনা অধ্যয়ন অনুষদ (দিল্লী), আৰু ছখন ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ ৪০ জনতকৈ অধিক গৱেষণা পণ্ডিতে এই বৃত্তি লাভ কৰে। [9] পিম্পৰী-চিঞ্চৱাদৰ আদিত্য বিৰলা সোঁৱৰণী চিকিৎসালয়ৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।

নাট্য আৰু পৰিৱেশন কলাৰ উৎকৃষ্টতাৰ বাবে আদিত্য বিক্ৰম বিৰলাই কলাশিখৰ আৰু কলাকৰণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই বঁটাসমূহ বছৰি প্ৰদান কৰা হয়। ১৯৯৬ চনত আদিত্য বিক্ৰম বিৰলাই পৰিৱেশন কলাৰ প্ৰসাৰৰ বাবে প্ৰতিষ্ঠা কৰা সংগীত কলা কেন্দ্ৰ (SKK) ৰদ্বাৰা প্ৰতিষ্ঠা কৰা হয়।[10] ২০১৩ চনৰ ১৪ জানুৱাৰীত ভাৰত চৰকাৰে আদিত্য বিক্ৰম বিৰলাৰ নামত বিশেষ স্মৃতিচাৰণ ডাক টিকট জাৰি কৰে, য'ত তেওঁক "ভাৰতৰ প্ৰথম বিশ্ব উদ্যোগপতি" হিচাপে সন্মানিত কৰে।[11]

আদিত্য বিক্ৰম বিৰলা,[12] মিনহাজ মাৰ্চেণ্টৰ জীৱনী।[13]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. Hazarika, Sanjoy (1995-10-03). "Aditya Vikram Birla, 51, A Leading Indian Businessman" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/1995/10/03/business/aditya-vikram-birla-51-a-leading-indian-businessman.html. 
  2. 2.0 2.1 Hazarika, Sanjoy (3 October 1995). "Aditya Vikram Birla, 52, A Leading Indian Businessman". The New York Times. https://query.nytimes.com/gst/fullpage.html?res=990CE2DF173FF930A35753C1A963958260। আহৰণ কৰা হৈছে: 6 October 2007. 
  3. "Passing the Baton". Economic Times. 27 May 2005. Archived from the original on 12 October 2007. https://web.archive.org/web/20071012131001/http://www.adityabirla.com/media/press_reports/passing_the_baton.htm। আহৰণ কৰা হৈছে: 6 October 2007. 
  4. "At home: Rajashree Birla" (en-GB ভাষাত). www.ft.com. 2013-01-11. https://www.ft.com/content/a16cbc34-54fa-11e2-a220-00144feab49a। আহৰণ কৰা হৈছে: 2020-06-02. 
  5. "At the helm (Aditya Birla Group Management Team)". Aditya Birla Group. Archived from the original on 9 October 2007. https://web.archive.org/web/20071009235454/http://www.adityabirla.com/the_group/management.htm। আহৰণ কৰা হৈছে: 6 October 2007. 
  6. Gurcharan Das (2002). India Unbound: From Independence to the Global Information Age. Penguin Books. ISBN 978-1861974457. Archived from the original on 2015-05-19. https://web.archive.org/web/20150519002128/https://muftbooks.files.wordpress.com/2014/12/india-unbound-gurcharan-das.pdf। আহৰণ কৰা হৈছে: 2025-11-15. 
  7. "Story of one of India's prominent business families". Money Control. 20 February 2005. http://www.moneycontrol.com/india/news/book-review/storyoneindias-prominent-business-families-/267930। আহৰণ কৰা হৈছে: 6 October 2007. 
  8. Raj, Amrit (16 January 2019). "Bajaj Group plans for Gen Next with a family settlement" (en ভাষাত). www.livemint.com. https://www.livemint.com/Companies/W1KcASuM6q2liXL3ALmJRJ/Bajaj-Group-plans-for-Gen-Next-with-a-family-settlement.html. 
  9. "Aditya Birla Scholarship" (en-US ভাষাত). Experts' Global. 2015-08-22. https://www.expertsglobal.com/aditya-birla-scholarship। আহৰণ কৰা হৈছে: 2020-05-27. 
  10. Chavan to give away Aditya Vikram Birla awards Archived 2024-10-07 at the Wayback Machine. Newstrackindia.com (5 February 2013). Retrieved on 2018-11-09.
  11. Aditya Vikram Birla. indiapost.gov.in (14 January 2013)
  12. Minhaz Merchant (1997). Aditya Vikram Birla, a biography. Viking. ISBN 9780670878598. https://books.google.com/books?id=TjpuAAAAMAAJ. 
  13. "Minhaz Merchant". The Times of India. Archived from the original on 16 June 2013. https://web.archive.org/web/20130616201647/http://blogs.timesofindia.indiatimes.com/headon/page/authorProfile?page=authorProfile। আহৰণ কৰা হৈছে: 4 August 2013. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]