আদিবাহ আমিন
| আদিবাহ আমিন এছ এম জে (SMJ) | |
|---|---|
১৯৮৮ চনত কুৱালালামপুৰত আদিবাহ আমিন | |
| জন্ম | খালিদাহ আদিবাহ বিন্টি আমিন ১৯ ফেব্ৰুৱাৰী, ১৯৩৬ (৯০ বছৰ) জোহৰ বাহৰু, জোহৰ, ব্ৰিটিছ মালয় (বৰ্তমান মালয়েছিয়া) |
| অন্য নাম | শ্ৰী ডালিমা |
| পেচা | লেখিকা, স্তম্ভলেখক, শিক্ষয়িত্ৰী, অভিনেত্ৰী, ভাষাবিদ |
| পিতৃ-মাতৃ | জাইনন মুন্সী চুলেমান (মাতৃ) |
| টোকা ১৯৫০ - ২০১০ | |
খালিদাহ আদিবাহ বিন্টি আমিন (ইংৰাজী: Khalidah Adibah binti Amin; জন্ম ১৯ ফেব্ৰুৱাৰী ১৯৩৬), যি পেছাদাৰীভাৱে আদিবাহ আমিন নামেৰে পৰিচিত, এগৰাকী মালয়েছিয়ান লেখিকা, স্তম্ভলেখক, শিক্ষয়িত্ৰী, অনুবাদক আৰু অভিনেত্ৰী।[1]
জীৱনী
[সম্পাদনা কৰক]আদিবাহ আমিনৰ জন্ম জোহৰ বাহৰুত হৈছে। তেওঁ স্বাধীনতা সংগ্ৰামী তান শ্ৰী জাইনন চুলেমানৰ কন্যা আছিল। তেওঁ ১৯৫৭ চনত মালয় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫৮ চনৰ পৰা ১৯৬১ চনলৈ তেওঁ কুৱালালামপুৰৰ মালয় গাৰ্লছ কলেজত মালয় আৰু ইংৰাজী ভাষাৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ জালান কোলাম আয়েৰ স্কুলৰ প্ৰথমগৰাকী প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
তেওঁ ১৯৭১ চনৰ পৰা ১৯৮৪ চনলৈ 'নিউ ষ্ট্ৰেইটছ টাইমছ' আৰু ১৯৯০-ৰ দশকত 'দ্য ষ্টাৰ' নামৰ বাতৰি কাকতত সাংবাদিক হিচাপে কাম কৰিছিল। ১৯৭০ আৰু ৮০-ৰ দশকত তেওঁ 'নিউ ষ্ট্ৰেইটছ টাইমছ'ত শ্ৰী ডালিমা ছদ্মনামত এটা স্তম্ভ লিখিছিল, যিটো পঢ়ুৱৈৰ মাজত অতি জনপ্ৰিয় আছিল। এই স্তম্ভসমূহ ২০০৯ চনত কিতাপ আকাৰে পুনৰ প্ৰকাশ কৰা হয়।[2]
সাহিত্যিক কেৰিয়াৰ
[সম্পাদনা কৰক]আমিনে মালয় ভাষাত তিনিখন উপন্যাস লিখিছে: বাংচাৱান টুলেন (১৯৫০), চেৰোজা মাছিহ ডি কোলাম (১৯৭২) আৰু টেম্পাট জাটূহ লাগি ডি কেনাং (১৯৮৫)। ইয়াৰ উপৰিও তেওঁ ২০০ তকৈও অধিক অনাতাঁৰ নাটক আৰু চুটিগল্প লিখিছে।[2] ২০০৬ চনত তেওঁৰ ইংৰাজী উপন্যাস দিচ এণ্ড অৱ দ্য ৰেইনবো প্ৰকাশ পায়।[3]
তেওঁ শাহনন আহমেদৰ নো হাৰভেষ্ট বাট এ থৰ্ণ আৰু কেৰিচ মাচৰ জাংগল অৱ হোপ নামৰ গ্ৰন্থ দুখন মালয় ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছিল। অভিনেত্ৰী হিচাপে তেওঁ তিনিখন চলচ্চিত্ৰত অভিনয় কৰিছে: আডিক মাঞ্জা (১৯৮০), হাটি বুকান ক্ৰিষ্টাল (১৯৮৯) আৰু মাট সোম (১৯৯০)।
২০০৮ চনত আমিন ষ্ট্ৰোকত আক্ৰান্ত হয়। তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বৰ্তমান তেওঁ কাম কৰিবলৈ অপৰাগ। ২০২৪ চনৰ ৭ জুনত তেওঁক ৰাষ্ট্ৰীয় সাংবাদিকতাৰ বৰেণ্য ব্যক্তি হিচাপে সন্মানিত কৰা হয়।
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী — মালয়েছিয়া চলচ্চিত্ৰ মহোৎসৱ (১৯৮০), আডিক মাঞ্জা ছবিৰ বাবে।
- এছ ই এ ৰাইট এৱাৰ্ড — থাইলেণ্ড (১৯৮৩)
- ৰাষ্ট্ৰীয় অনুবাদক বঁটা (২০১২)
- ৰাষ্ট্ৰীয় সাংবাদিকতা বৰেণ্য সন্মান — মালয়েছিয়ান প্ৰেছ ইনষ্টিটিউট (২০২৩)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "From Zero to Hero". This End of the Rainbow. http://thisendoftherainbow.blogspot.com/। আহৰণ কৰা হৈছে: 28 March 2015.
- ↑ 2.0 2.1 "As I was Passing by Adibah Amin". Taylor's Library. http://tslhhlib.blogspot.com/2009/06/as-i-was-passing-by-adibah-amin.html। আহৰণ কৰা হৈছে: 28 March 2015.
- ↑ Amin, Adibah (2006). This End of the Rainbow: A Novel. Phoenix Press. ISBN 978-983-42627-6-1. https://books.google.com/books?id=-RFFPQAACAAJ.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আদিবাহ আমিন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।