আদি পুৰাণ
| আদি পুৰাণ | |
|---|---|
আদি পুৰাণ | |
| তথ্য | |
| ধৰ্ম | জৈন ধৰ্ম |
| ৰচয়িতা | জিনাসেন |
| ভাষা | সংস্কৃত |
| কাল | নৱম শতিকা |
আদি পুৰাণ খ্ৰীষ্টীয় নৱম শতিকাৰ দিগম্বৰ সন্ন্যাসী জিনাসেন ৰচিত সংস্কৃত কবিতা। ইয়াত প্ৰথম তীৰ্থংকৰ ঋষভনাথৰ জীৱনৰ বিষয়ে আলোচনা কৰা হৈছে।
ইতিহাস
[সম্পাদনা কৰক]আদি পুৰাণক প্ৰথম তীৰ্থংকৰ ঋষভনাথৰ জীৱনৰ প্ৰশংসা কৰা সংস্কৃত কবিতা হিচাপে জিনাসেনে (এজন দিগম্বৰ সন্ন্যাসী) ৰচনা কৰিছিল। জৈন পৰম্পৰা অনুসৰি খ্ৰীষ্টীয় নৱম শতিকাত ইয়াৰ ৰচনা কৰা হৈছিল।[1][2][3][4]
বিষয়
[সম্পাদনা কৰক]গ্ৰন্থখনে তেওঁৰ নিজৰ অনন্য শৈলীৰে এজন আত্মাৰ সিদ্ধতা আৰু মুক্তি লাভৰ যাত্ৰাক কেন্দ্ৰীভূত কৰিছে। ৰচনাখনত ঋষভদেৱৰ পুত্ৰ দুই ভাতৃ ভৰত আৰু বাহুবলীৰ সমগ্ৰ জগতখনৰ ওপৰত ক্ষমতা আৰু নিয়ন্ত্ৰণৰ সংগ্ৰাম বৰ্ণনা কৰা হৈছে। বাহুবলী জয়ী হোৱাৰ সময়তে ভাতৃৰ সপক্ষে সাংসাৰিক সাধনা ত্যাগ কৰে। মধ্যযুগৰ বহু জৈন পুৰাণে এই গ্ৰন্থত আদৰ্শ বিচাৰি পাইছিল।
বিখ্যাত উক্তি
[সম্পাদনা কৰক]আদি পুৰাণৰ এটা বিখ্যাত উক্তি হৈছে-
জন্মৰ সময়ৰ পৰা সকলো মানুহ ইজনে সিজনৰ সমান; কিন্তু আধ্যাত্মিক পথত তেওঁলোকে লাভ কৰিব পৰা অগ্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত পাৰ্থক্য আছে।[5]
কানাড়া সংস্কৰণ
[সম্পাদনা কৰক]চম্পু শৈলীত লিখা দশম শতিকাৰ এইখন কানাড়া গ্ৰন্থ। গদ্য আৰু পদ্যৰ মিশ্ৰণ আৰু প্ৰথম তীৰ্থংকৰ আদিনাথৰ দহটা জীৱনৰ বিষয়ে ষোল্লটা অধ্যায়ত আলোচনা কৰা হৈছে। এই গ্ৰন্থখন কানাড়া কবি আদিকবি পম্পাৰ (৯৪১ খ্ৰীষ্টাব্দ) প্ৰথম গ্ৰন্থ বুলি জনা যায়।[6] ইয়াৰ আধাৰ জিনাসেন আচাৰ্যৰ মূল সংস্কৃত সংস্কৰণ।
ৰাষ্ট্ৰকুট সামন্তবাদী চালুক্য ৰজা দ্বিতীয় অৰিকেছাৰীৰ দৰবাৰ কবি, তেওঁ চম্পু শৈলীত ৰচিত বিক্ৰমাৰ্জুন বিজয় (পম্পা ভাৰত) আৰু আদিপুৰাণ নামৰ মহাকাব্যৰ বাবেই বেছিকৈ পৰিচিত, যিবোৰ তেওঁ সৃষ্টি কৰিছিল আৰু কানাড়া ভাষাৰ ভৱিষ্যতৰ সকলো গ্ৰন্থৰ আৰ্হি হিচাপে কাম কৰিছিল। জৈন সাহিত্যিক আদিকবি পম্পা, শ্ৰীপন্না আৰু ৰান্নাৰ ৰচনা, যিবোৰক সামূহিকভাৱে "কানাড়া সাহিত্যৰ তিনি ৰত্ন" বুলি কোৱা হয়, দশম শতিকাত মধ্যযুগীয় কানাড়া সাহিত্যৰে ধ্ৰুপদী কানাড়া যুগৰ আগজাননী দিছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Granoff 1993, পৃষ্ঠা. 208.
- ↑ Caillat & Balbir 2008, পৃষ্ঠা. 122.
- ↑ Upinder Singh 2016, পৃষ্ঠা. 26.
- ↑ Jaini 1998, পৃষ্ঠা. 78.
- ↑ Jain 2008, পৃষ্ঠা. 111.
- ↑ Students' Britannica India, 1-5, Popular Prakashan, 2000, p. 78, ISBN 0-85229-760-2, https://books.google.com/books?id=AE_LIg9G5CgC&pg=PA78