সমললৈ যাওক

আদি ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আদি হৈছে চীন-তিব্বতীয় শাখাৰ তিব্বত-বৰ্মী ভাষাৰ অন্তৰ্গত এটা ভাষা। এই ভাষা প্ৰধানকৈ অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে।[1] এই ভাষাক আবৰ, আবৰ-মিৰি বা লহ'বা নামেও জনা যায়।

বৰ্গীকৰণ

[উৎস সম্পাদনা]

আদি হ'ল তানি ভাষাসমূহৰ তিব্বত-বৰ্মী শাখাৰ অন্তৰ্গত ভাষা।[2][3] সাধাৰণতে আদি ভাষাক মিচিং আদি অন্য পূৰ্ব তানি ভাষাসমূহৰ লগত একেলগে গোট খোৱা হয়। ইয়াৰ সঠিক বৰ্গীকৰণকলৈ ভাষা-বিজ্ঞানীয় গৱেষণা চলি আছে।

গৱেষকসকলৰ মতে, তানি ভাষাসমূহৰ বেছিভাগৰ শব্দভঁৰাল আৰু ব্যাকৰণ একে, যদিও আদি ভাষাৰ বিভিন্ন উপভাষাত উচ্চাৰণ আৰু শব্দ ব্যৱহাৰত যথেষ্ট পাৰ্থক্য দেখা যায়।[2]

উপভাষাসমূহ

[উৎস সম্পাদনা]

আদি এটা একক ভাষা নহয়, বৰং একে-প্ৰকাৰৰ কেইবাটাও উপভাষাৰ সমষ্টি। ইয়াৰ প্ৰধান উপভাষাসমূহ হৈছে:[2] পাদাম, মিনিয়ং, শিমঙ, পাছি, ব'ৰি আৰু কাৰকট।

স্থানীয় সমাজসমূহে উপ-উপভাষাও চিনাক্ত কৰে। বক্তাসকল সাধাৰণতে পৰস্পৰক বুজিব পাৰে, যদিও শব্দ, ধ্বনি আৰু বাক্যৰ গঠনত ভিন্নতা থাকে। এই উপভাষাগত ভিন্নতাই অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত আদিসকলৰ বিতৰণ প্ৰতিফলিত কৰে।

লিপি আৰু লিখনপদ্ধতি

[উৎস সম্পাদনা]

ইতিহাসত আদি ভাষাৰ নিজা লিপি নাছিল। বিংশ শতিকাৰ আৰম্ভণিতে খ্ৰীষ্টান ধৰ্মপ্ৰচাৰকে প্ৰথমে এই ভাষা লিখিবলৈ আৰম্ভ কৰে। ১৯০৬ চনত জে. এইচ. ল’ৰেইন আৰু এফ. ডাব্লিউ. সভেজ নামৰ ধৰ্মপ্ৰচাৰকে স্থানীয় বক্তাসকলৰ সহায়ত আবৰ-মিৰি অভিধান প্ৰস্তুত কৰিছিল, যিটো লিখিত আদি ভাষাৰ প্ৰথম আধাৰ হিচাপে ধৰা হয়।[4]

পাছত আদি আগম কেবাং নামৰ সাহিত্যিক সংগঠনটোৱে লিখনপদ্ধতিৰ মানদণ্ড স্থাপনৰ দিশত কাম কৰিছে। এই সংগঠনে ৰোমান লিপিৰ এক ৰূপ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে য’ত ২৮টা আখৰ আৰু দুটা অতিৰিক্ত আখৰ (É আৰু Í) থাকে, যিবোৰে ইংৰাজীত অনুপস্থিত ধ্বনিসমূহক প্ৰতিনিধিত্ব কৰে।[5][6]

এই লিখনপদ্ধতিত ধ্বনিতাত্ত্বিক ভিন্নতা প্ৰতিনিধিত্ব কৰিবলৈ দীৰ্ঘ স্বৰচিহ্ন আদি দিয়া হয়।[6]

সাহিত্য আৰু ভাষা-বিকাশ

[উৎস সম্পাদনা]

আদি ভাষাত পঢ়া-লেখাৰ সূচনা বিংশ শতিকাৰ আৰম্ভণিত ধৰ্মপ্ৰচাৰকসকলৰ হাতত হৈছিল।[4] আৰম্ভণিৰ কামবোৰ ধৰ্মান্তৰণ আৰু শিক্ষামূলক আছিল। পিছত স্থানীয় লেখক আৰু শিক্ষকসকলে পাঠ্যপুথি, লোককথা আদি সাহিত্য সৃষ্টি কৰি ভাষাটোক সংৰক্ষণৰ চেষ্টা কৰিছে।

আদি ভাষা অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠী থকা বিদ্যালয়সমূহত তৃতীয় ভাষা হিচাপে পাঠ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান এই ভাষাকলৈ নতুন সাহিত্যিক আৰু শিক্ষামূলক প্ৰয়াস চলি আছে।[7][4]

ধ্বনি-পদ্ধতি আৰু ব্যাকৰণ

[উৎস সম্পাদনা]

আদি ভাষাৰ ধ্বনি-পদ্ধতি তিব্বত-বৰ্মী ভাষাসমূহৰ লগতে মিলে। ইয়াত বহু ধৰণৰ ব্যঞ্জন আৰু স্বৰধ্বনি আছে, লগতে স্বৰৰ দীঘলতাৰ বৈশিষ্ট্যও গুৰুত্বপূৰ্ণ। আদি ভাষাত প্ৰায় ২০৮৮টা স্বতন্ত্ৰ শব্দ পোৱা যায়।[8]

আদি ভাষাৰ বাক্যৰ সাধাৰণ গঠন বিষয়–কৰ্ম–ক্ৰিয়া (SOV) ৰূপৰ। ই এটা সংযোজকধৰ্মী ভাষা (agglutinative) য’ত বাক্যৰ ব্যৱহাৰ অনুসৰি suffix-ৰ সহায়ত ব্যাকৰণিক সম্পৰ্ক প্ৰকাশ কৰা হয়। ইয়াত ক্ৰিয়াৰ কাল, দৃষ্টিকোণ (aspect) আৰু ভাব (mood) বুজাবলৈ জটিল চিহ্ন-প্ৰণালী আছে। মিলাং আৰু আদি ভাষা ব্যাকৰণৰ দিশে খুবেই সমীপৱৰ্তী।[9]

ব্যৱহাৰ

[উৎস সম্পাদনা]

আদি ভাষা মূলত আদি সমাজৰ মাজত দৈনন্দিন কথোপকথনত ব্যৱহৃত এক অনানুষ্ঠানিক ভাষা। যদিও ইয়াৰ ওপৰত হিন্দী আৰু অসমীয়াৰ দৰে বৃহৎ ভাষাৰ প্ৰভাৱ পৰিছে, তথাপি আদি ভাষা পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাই ইয়াক গ্ৰামাঞ্চলত বৰ্তমানো জনপ্ৰিয় ৰাখিছে।[2]

ইউনেস্কোৰ ২০০৯ চনৰ Atlas of the World's Languages in Danger অনুসাৰে তানি শ্ৰেণীৰ কেইবাটাও ভাষা বিপন্ন বুলি চিনাক্ত কৰা হৈছে, সেয়েহে ভাষাটোৰ নথি-পত্ৰীকৰণ আৰু সমৰ্থনৰ প্ৰয়োজন বৰ্তমানো আছে।[10]

তথ্যসূত্ৰ

[উৎস সম্পাদনা]
  1. P.T Abraham, Tamo. Mibang. "A Grammar of Adi language". University book house (P.) LTD.www.rgu.ac.in. https://rgu.ac.in/wp-content/uploads/2021/03/Book_59.pdf.[সংযোগবিহীন উৎস]
  2. 1 2 3 4 "Adi Language, Etymology, History, Grammar, Phonology, Morphology – IPA". www.internationalphoneticalphabet.org. https://www.internationalphoneticalphabet.org/adi/ আহৰণ কৰা হৈছে: 2025-03-30.
  3. "Adi Language (ADI) – L1 & L2 Speakers, Status, Map, Endangered Level & Official Use | Ethnologue Free" (en ভাষাত). Ethnologue (Free All). https://www.ethnologue.com/language/adi/ আহৰণ কৰা হৈছে: 2025-03-30.
  4. 1 2 3 "Bokar | South Asia Bibles" (en ভাষাত). www.southasiabibles.com. 2022-02-09. https://www.southasiabibles.com/resource/language/bokar আহৰণ কৰা হৈছে: 2025-03-30.
  5. admin (2016-11-13). "Pasighat- XI General Conference of Adi Agom Kebang | Arunachal24" (en-US ভাষাত). https://arunachal24.in/pasighat-xi-general-conference-of-adi-agom-kebang/ আহৰণ কৰা হৈছে: 2025-03-30.
  6. 1 2 author (2019-05-04). "Adoption of Roman script for Tāni Āgom | The Arunachal Times" (en-US ভাষাত). https://arunachaltimes.in/index.php/2019/05/04/adoption-of-roman-script-for-tani-agom/ আহৰণ কৰা হৈছে: 2025-03-30.
  7. admin (2022-04-16). "Arunachal: AAK committed to preserve, promote Adi dialogue" (en-US ভাষাত). https://arunachal24.in/arunachal-aak-committed-to-preserve-promote-adi-dialogue/ আহৰণ কৰা হৈছে: 2025-03-30.
  8. Sasmal, Sajal; Saring, Yang (2023-08-01). "Isolated words recognition of Adi, a low-resource indigenous language of Arunachal Pradesh" (en ভাষাত). International Journal of Information Technology খণ্ড 15 (6): 3079–3092. doi:10.1007/s41870-023-01339-y. ISSN 2511-2112. https://link.springer.com/article/10.1007/s41870-023-01339-y.
  9. "Adi and Milang - Expressive Morphology in the Languages of South Asia". Ebrary. https://ebrary.net/268714/language_literature/milang আহৰণ কৰা হৈছে: 2025-03-30.
  10. Sasmal, Sajal; and Saring, Yang (2025-02-01). "Recognition and Spectral Analysis of Adi Digits". IETE Journal of Research খণ্ড 71 (2): 431–448. doi:10.1080/03772063.2024.2427341. ISSN 0377-2063. https://www.tandfonline.com/doi/full/10.1080/03772063.2024.2427341?src=&.