আদ্ৰিয়ানা গুটিয়ৰেজ
| আৰ্দ্ৰিয়ানা গুটিয়ৰেজ | |
|---|---|
২০১৫ চনত গুটিয়ৰেজ | |
| জন্ম | আৰ্দ্ৰিয়ানা মাৰিয়া গুটিয়ৰেজ আৰেভালো ২৫ ডিচেম্বৰ, ১৯৯৩ (৩২ বছৰ) চিনচেলেজো, চুক্ৰে বিভাগ, কলম্বিয়া |
| উচ্চতা | ১.৭৮ মিটাৰ |
| 'Beauty pageant titleholder' | |
| Title |
|
| Years active | ২০১৫–বৰ্তমান |
| Hair color | মুগা |
| Eye color | মুগা |
| Major competition(s) |
|
আৰ্দ্ৰিয়ানা মাৰিয়া গুটিয়ৰেজ আৰেভালো (ইংৰাজী: Ariadna Gutiérrez; জন্ম: ২৫ ডিচেম্বৰ ১৯৯৩) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ কলম্বিয়া ২০১৪-ৰ মুকুট পিন্ধিছিল। তেওঁ ২০১৫ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ২০১৫ প্ৰতিযোগিতাত কলম্বিয়াক প্ৰতিনিধিত্ব কৰিছিল আৰু পৰিচালক ষ্টিভ হাৰ্ভেই ভুলবশতঃ তেওঁক বিজয়ী বুলি ঘোষণা কৰাৰ পাছত প্ৰথম ৰানাৰ-আপৰ স্থান লাভ কৰিছিল। সৌন্দৰ্য প্ৰতিযোগিতাৰ পিছত গুটিয়ৰেজে ত্ৰিপল এক্স: ৰিটাৰ্ণ অৱ জেণ্ডাৰ কেজ বোলছবিত অভিনয় কৰে আৰু চেলিব্ৰিটি বিগ ব্ৰাদাৰ ১-ত যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]আৰ্দ্ৰিয়ানা মাৰিয়া গুটিয়ৰেজ আৰেভালোৰ জন্ম কলম্বিয়াৰ চুক্ৰে বিভাগৰ চিনচেলেজোত হৈছিল। তেওঁৰ সাত মাহ বয়সত মাক-দেউতাকে বেৰেনকুইলালৈ গুচি যায় আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হয়। গুটিয়ৰেজে বেৰেনকুইলাৰ জাৰ্মান স্কুলত অধ্যয়ন কৰিছিল।[1] তেওঁ মিছ ইউনিভাৰ্ছ ২০১৪ তথা মিছ কলম্বিয়া ২০১৩-ৰ বিজয়ী পাওলিনা ভেগাৰ সম্পৰ্কীয় ভগ্নী।[2]
কেৰিয়াৰ
[সম্পাদনা কৰক]গুটিয়ৰেজক মিছ চুক্ৰে ২০১৪ হিচাপে পুৰস্কৃত কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁক মিছ কলম্বিয়া ২০১৪ হিচাপে মুকুট পিন্ধোৱা হয়। বৰ্তমান গুটিয়ৰেজে এগৰাকী পেছাদাৰী মডেল হিচাপে কাম কৰে।
তেওঁ চুক্ৰে বিভাগক প্ৰতিনিধিত্ব কৰি মিছ কলম্বিয়া ২০১৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু মিছ কলম্বিয়াৰ খিতাপ জয় কৰিছিল। চুক্ৰে বিভাগৰ বাবে এয়া আছিল প্ৰথমটো জয়।[3] এই প্ৰতিযোগিতাৰ ৮০তম সংস্কৰণটো ২০১৪ চনৰ ১৭ নৱেম্বৰত কাৰ্টেজেনা ডি ইণ্ডিয়াছত অনুষ্ঠিত হৈছিল।[4]
২০১৫ চনৰ ১৬ নৱেম্বৰত গুটিয়ৰেজে তেওঁৰ উত্তৰাধিকাৰী এণ্ড্ৰিয়া টোভাৰক মিছ কলম্বিয়া ২০১৫-ৰ মুকুট পিন্ধায়।
গুটিয়ৰেজে ৬৪তম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত কলম্বিয়াক প্ৰতিনিধিত্ব কৰিছিল আৰু পৰিচালক ষ্টিভ হাৰ্ভেই তেওঁক ভুলবশতঃ বিজয়ী ঘোষণা কৰিছিল।[5] অৱশ্যে গুটিয়ৰেজক মুকুট পিন্ধোৱাৰ পিছত হাৰ্ভেই উপলব্ধি কৰে যে তেওঁ ফলাফলটো ভুলকৈ পঢ়িছিল আৰু তেওঁক প্ৰথম ৰানাৰ-আপ তথা ফিলিপাইনছৰ পিয়া ৱাৰ্টজবাকক বিজয়ী হিচাপে ঘোষণা কৰিব লাগিছিল।[6][7]
গুটিয়ৰেজে পিছলৈ এই অভিজ্ঞতাক "অপমানজনক" বুলি অভিহিত কৰিছিল আৰু কৈছিল যে টেলিভিছন প্ৰযোজকসকলে এই ভুলটো অতি বেয়া ধৰণে চম্ভালিছিল।[8] এটা কলম্বিয়ান ৰেডিঅ' ষ্টেচনত তেওঁ মন্তব্য কৰিছিল যে এয়া আছিল এটা "ডাঙৰ অন্যায় আৰু মোৰ বাবে অতি অপমানজনক।" [9][10]
সৌন্দৰ্য প্ৰতিযোগিতাৰ পিছত গুটিয়ৰেজে ২০১৭ চনৰ বোলছবি ত্ৰিপল এক্স: ৰিটাৰ্ণ অৱ জেণ্ডাৰ কেজ-ত আমেৰিকান অভিনেতা ভিন ডিজেলৰ সৈতে অভিনয় কৰে। পিছলৈ তেওঁ ৰিয়েলিটী শ্ব' চেলিব্ৰিটি বিগ ব্ৰাদাৰৰ প্ৰথম আমেৰিকান ছিজনত অংশ লয়। ফাইনেলৰ নিশা তেওঁ বাহিৰ হয় আৰু মাৰ্ক মেকগ্ৰাথৰ সৈতে যুটীয়াভাৱে তৃতীয়/চতুৰ্থ স্থান লাভ কৰে।[11] তেওঁ এতিয়াও মডেল হিচাপে কাম কৰি আছে।[12]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]গুটিয়ৰেজ হ'ল মিছ কলম্বিয়া ২০১৩ আৰু মিছ ইউনিভাৰ্ছ ২০১৪ বিজয়ী পাওলিনা ভেগাৰ সম্পৰ্কীয় ভগ্নী।[13]
জনপ্ৰিয় সংস্কৃতিত
[সম্পাদনা কৰক]ৰুপলছ ড্ৰেগ ৰেচৰ ৯ম ছিজনৰ ৬ষ্ঠ খণ্ডত জেমছ লেইভাই (মঞ্চৰ নাম "ভেলেণ্টিনা") গুটিয়ৰেজক অনুকৰণ কৰিছিল।
টোকা
[সম্পাদনা কৰক]- ↑ লাইভ সম্প্ৰচাৰৰ সময়ত, প্ৰথমতে পৰিচালক ষ্টিভ হাৰ্ভেৰ ভুল ঘোষণাৰ বাবে গুটিয়ৰেজক বিজয়ী হিচাপে ঘোষণা কৰা হৈছিল। হাৰ্ভেই দৰ্শকৰ ওচৰত ক্ষমা বিচৰাৰ পিছত, গুটিয়ৰেজক প্ৰথম ৰানাৰ-আপ আৰু পিয়া ৱাৰ্টজবাকক বিজয়ী হিচাপে ঘোষণা কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Senorita Colombia 2014" (es ভাষাত). sucre.gov.co. http://www.sucre.gov.co। আহৰণ কৰা হৈছে: 2014-12-23.
- ↑ "Miss Colombia: My cousin removed my crown during botched ceremony". Today. 20 January 2016. https://www.today.com.
- ↑ "«Este era mi año» Ariadna Gutiérrez, Señorita Colombia 2014-2015" (spanish ভাষাত). El Espectador. 18 November 2014. https://www.elespectador.com। আহৰণ কৰা হৈছে: 2 February 2025.
- ↑ "Ariadna Gutierrez de Sucre Nueva Senorita Colombia 2014". vidayestilo.tierra.com. http://vidayestilo.terra.com.
- ↑ "Wrong contestant crowned at Miss Universe 2015". CNN. 21 December 2015. http://www.cnn.com। আহৰণ কৰা হৈছে: 21 December 2015.
- ↑ Pierceall, Kimberly (21 December 2015). "Miss Universe host's mistake initially gives crown to Colombia, not Philippines". Globe and Mail (Toronto, Canada). https://www.theglobeandmail.com.
- ↑ "Pia Wurtzbach reunites with Miss Colombia Ariadna Gutierrez" (en ভাষাত). GMA News Online. 2023-09-27. https://www.gmanetwork.com। আহৰণ কৰা হৈছে: 2026-01-23.
- ↑ País, El (2015-12-21). "Vergonha universal no Miss Universo 2015" (pt-br ভাষাত). El País Brasil. https://brasil.elpais.com। আহৰণ কৰা হৈছে: 2026-01-23.
- ↑ "Miss Colombia Ariadna Gutierrez speaks out about 'humiliating' Miss Universe mix-up" (en ভাষাত). Stuff. 2016-01-01. https://www.stuff.co.nz। আহৰণ কৰা হৈছে: 2023-04-18.
- ↑ Washington, Arlene (2015-12-30). "Miss Colombia Talks "Humiliating" Miss Universe Mix-Up, Why She Agrees With Trump" (en-US ভাষাত). The Hollywood Reporter. https://www.hollywoodreporter.com। আহৰণ কৰা হৈছে: 2023-04-18.
- ↑ Ariadna Gutiérrez
- ↑ Yolanda (2024-07-04). "ARIADNA GUTIÉRREZ METAMORPHOSED BY BRASSAÏ" (en-US ভাষাত). VERTIGO Magazine. https://vertigomag.co.uk। আহৰণ কৰা হৈছে: 2026-01-23.
- ↑ "Miss Colombia 2014 Ariadna Gutierrez Says She Feels 'Perfect' Despite Comments She's Overweight, Is Preparing for Miss Universe 2015". Latin Post. 3 February 2015. http://www.latinpost.com। আহৰণ কৰা হৈছে: 31 December 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মিছ কলম্বিয়াৰ অধিকাৰিক ৱেবছাইট Archived 2008-05-16 at the Wayback Machine
- আদ্ৰিয়ানা গুটিয়ৰেজ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত আদ্ৰিয়ানা গুটিয়ৰেজ