আধুনিক অসমীয়া অভিধান
অৱয়ব
আধুনিক অসমীয়া অভিধান | |
---|---|
![]() ১৮শ সংস্কৰণৰ প্ৰচ্ছদ | |
লেখক | মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱা (সম্পা.) |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | অভিধান |
প্ৰকাশক | অসম প্ৰকাশন পৰিষদ |
প্ৰকাশ | ১৯৭৭ |
পৃষ্ঠা সংখ্যা | ৫৩২ |
আধুনিক অসমীয়া অভিধান (১৯৭৭, ইংৰাজী: Adhunik Asamiya Abhidhan) অসমীয়া ভাষাৰ এখন অভিধান৷ অভিধানখন সম্পাদনা কৰিছে ক্ৰমে মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱাই৷ ইয়াৰ প্ৰকাশক হ’ল অসম প্ৰকাশন পৰিষদ৷[1]
বৈশিষ্ট্য
[সম্পাদনা কৰক]অভিধানখনৰ কেতবোৰ বৈশিষ্ট্য হ’ল[1]:
- বাতৰিকাকত, আলোচনী, স্কুল-কলেজৰ পাঠ্যপুথি, শিক্ষিত লোকৰ কথা-বতৰাত ব্যৱহৃত শব্দবোৰক গুৰুত্ব দিয়া৷
- বৰ্তমান সময়ত অপ্ৰচলিত শব্দবোৰ বৰ্জন কৰা৷
- কোনো বিশেষ পৃথক অৰ্থ নথকা ঐতিহাসিক আৰু ভৌগোলিক নামবোৰ বাদ দিয়া৷
- পাৰিভাষিক শব্দবোৰ পৰিশিষ্ট হিচাপে ৰখা৷
প্ৰকাশন ইতিহাস
[সম্পাদনা কৰক]১৯৬৩ চনত অসম প্ৰকাশ পৰিষদে সৰ্বসাধাৰণ পাঠকৰ উপযোগী সংক্ষিপ্ত অসমীয়া অভিধান এখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এখন সম্পাদনা প্ৰণয়ন সমিতি গঠন কৰে৷[1] ১৯৭৭ চনত মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱাৰ সম্পাদনাত আধুনিক অসমীয়া অভিধানৰ প্ৰথম সংস্কৰণটি প্ৰকাশ পায়৷ ড੦ নেওগ ‘ভাকৰি’ শব্দলৈকে শব্দ-বাছনি, আখৰ-জোঁটনি আৰু সংজ্ঞা নিৰূপণৰ কামত জড়িত আছিল৷ পিছৰ কামখিনি বাকী দুজন সম্পাদকৰ প্ৰচেষ্টাত সম্পূৰ্ণ হয়৷ অভিধান প্ৰণয়ৰ কামত প্ৰথম অৱস্থাত বিৰিঞ্চিকুমাৰ বৰুৱাও তেওঁৰ মৃত্যুৰ আগলৈকে জড়িত আছিল৷[1]