আনন্দমোহন ভাগৱতী
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| আনন্দমোহন ভাগৱতী | |
|---|---|
| জন্ম | ২৫ ডিচেম্বৰ, ১৯৩১ যোৰহাট জিলা, অসম |
| পেচা |
|
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
আনন্দমোহন ভাগৱতী (ইংৰাজী: Anandamohon Bhagawati, ১৯৩১-) একাধাৰে নৃত্যশিল্পী, সঙ্গীতজ্ঞ, অভিনেতা, পৰিচালক, নাট্যকাৰ। নাট্যকাৰ হিচাপে পৰিচিত আনন্দমোহন ভাগৱতীয়ে সত্ৰীয়া নৃত্যৰ শিল্পী হিচাপে জীৱন আৰম্ভ কৰি পাছলৈ মঞ্চ আৰু অনাতাঁৰ নাটকক ধৰি চলচ্চিত্ৰশিল্পৰ লগতো জড়িত হৈ পৰে। বিষ্ণুপ্ৰসাদ ৰাভা, গজেন বৰুৱা, প্ৰদীপ চলিহা প্ৰভৃতি ভালেমান গুণী ব্যক্তিৰপৰা নৃত্য-গীত-অভিনয়ৰ শিক্ষা লাভ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
জন্ম
[সম্পাদনা কৰক]আনন্দমোহন ভাগৱতীৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ ডিচেম্বৰ তাৰিখে যোৰহাটত।[উদ্ধৃতিৰ প্ৰয়োজন]
শিক্ষা আৰু কৰ্ম
[সম্পাদনা কৰক]১৯৬১ চনত শ্বিলঙৰ ছেণ্ট এন্থনিজ কলেজৰপৰা বি.এ পাছ কৰি আনন্দমোহন ভাগৱতীয়ে অসম চৰকাৰৰ ৰেচম বিভাগ, খাদী ব'ৰ্ড, অসম সচিবালয়ত ১৯৫৫ৰপৰা ১৯৬৩ চনলৈ বিভিন্ন পদত চাকৰি কৰাৰ পাছত সাংস্কৃতিক সঞ্চালকালয়ৰ চাকৰিত কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৯৫ চনত তেওঁ এই বিভাগৰ ডেপুটী ডিৰেক্টৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। ১৯৮৬ চনত অসম সাহিত্য সভাৰ কামপুৰ অধিবেশনৰ সাংস্কৃতিক সম্মিলনত তেওঁ সভাপতিত্ব কৰিছিল। ১৯৮৩ চনত আনন্দমোহন ভাগবতীক মাজুলিৰ কমলাবাৰী সত্ৰই 'বৰবায়ন' আৰু 'মুক্তিয়াৰ' উপাধি প্ৰদান কৰে।[1]
সাংস্কৃতিক জীৱন
[সম্পাদনা কৰক]তেওঁৰ সাহিত্যকৃতিসমূহৰ ভিতৰত জতুগৃহ নামৰ পূৰ্ণাঙ্গ নাটকখন উল্লেখযোগ্য। অঙ্কীয়া নাট্যশৈলীৰ আধাৰত ৰচিত এই মঞ্চনাটখনিৰ লগতে তেওঁ দুঃশাসন, সব্যসাচী, মাটিৰ মৰম আদি বহুকেইখন নাট বচনা আৰু পৰিচালনা কৰি খ্যাতি অৰ্জন কবে। ফণী শৰ্মাৰ “কিয়” নাটখন ১৯৭৩ চনত পৰিচালনা কৰিও তেওঁ সমাদৰ লাভ কৰিছিল। তেওঁ 'ভদৰী' (১৯৬৭), 'ভাইটি' (১৯৭২), 'নিয়তি' (১৯৭৮), 'উপপথ' (১৯৮০) আদি চলচ্চিত্ৰত নৃত্য পৰিচালনা কৰিছিল। সঙ্গীত পৰিচালক হিচাপে তেওঁৰ একমাত্ৰ চলচ্চিত্ৰখন হ'ল ব্ৰজেন বৰাৰদ্বাৰা পৰিচালিত শ্ৰীমান মাইমন (১৯৯৪)। ভদৰী (১৯৬৭), সন্ধ্যাৰাগ (১৯৭৭), অনিৰ্বাণ (১৯৮১), অগ্নিস্নান (১৯৮৫), আলোকৰ আহ্বান (১৯৮৩), বান (১৯৮৫), ককাদেউতা, নাতি আৰু হাতী (১৯৮৩), আশ্ৰয় (১৯৭৯), সূত্ৰপাত (১৯৮৭) আদি তেওঁৰদ্বাৰা অভিনীত চলচ্চিত্ৰ। এতিয়ালৈকে শতাধিক মঞ্চ আৰু অনাতাঁৰ নাটত অভিনয় কৰা ভাগবতীয়ে ১৯৭২ চনত নৃত্য-গীত অভিনয়েবে ভৰা পুণ্যতীৰ্থ নামৰ অপেৰা এখন মঞ্চস্থ কৰিও সুখ্যাতি লভে।[2]
সাহিত্যিক অৱদান
[সম্পাদনা কৰক]- অবিচাৰ (নাটক, ১৯৫৬)
- কুশানগান (১৯৮৬)
- সংস্কৃতিৰ মালিকা (১৯৮৬)
- সত্ৰীয়া নৃত্যত শাস্ত্ৰীয় সমল আৰু অভিনয়
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ দাস,শোণিত বিজয়, বায়ন মুনীন (২০০৬). কথা বৰেণ্য. প্ৰকাশক গুৱাহাটী: কথা প্ৰকাশন. পৃষ্ঠা. ৩৫২. ISBN 81-89148-14-1.
- ↑ দাস,শোণিত বিজয়, বায়ন মুনীন (২০০৬). কথা বৰেণ্য. প্ৰকাশক গুৱাহাটী: কথা প্ৰকাশন. পৃষ্ঠা. ৩৪৮. ISBN 81-89148-14-1.