সমললৈ যাওক

আনন্দীবেন পেটেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আনন্দীবেন পেটেল

অফিচিয়েল প’ৰট্ৰেইট, ২০১৪
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল
মধ্যপ্ৰদেশৰ ৰাজ্যপাল
ছট্টিছগড়ৰ ৰাজ্যপাল
গুজৰাটৰ মুখ্যমন্ত্ৰী
কাৰ্যকাল
২২ মে ২০১৪ – ৭ আগষ্ট ২০১৬
গুজৰাট বিধানসভাৰ সদস্য
ৰাজ্যসভাৰ সদস্য
কাৰ্যকাল
১৯৯৪ – ১৯৯৮
ব্যক্তিগত তথ্য
জন্ম ২১ নৱেম্বৰ, ১৯৪১ (৮৩ বছৰ)
খাৰোদ, বোম্বে প্ৰদেশ, ব্ৰিটিছ ৰাজ
(বৰ্তমানৰ গুজৰাট)
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী মফটলাল পেটেল (বি. ১৯৬২)
সন্তান
পেচা ৰাজনীতিক

আনন্দীবেন মফটভাই পেটেল (ইংৰাজী: Anandiben Patel ; জন্ম: ২১ নৱেম্বৰ ১৯৪১) [1] [2] এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে ২০১৯ চনৰ পৰা উত্তৰ প্ৰদেশৰ ২০তম আৰু বৰ্তমানৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ২০২০ চনৰ পৰা ২০২১ চনলৈ মধ্যপ্ৰদেশৰ ১৭তম ৰাজ্যপাল আৰু ২০১৮ চনৰ পৰা ২০১৯ চনলৈ ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। পেটেল গুজৰাটৰ প্ৰথম আৰু আজিলৈকে একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ উপৰিও তেওঁ সৰোজিনী নাইডুৰ পিছত উত্তৰ প্ৰদেশৰ দ্বিতীয়গৰাকী মহিলা ৰাজ্যপাল। [3] ১৯৮৭ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ২০০২ চনৰ পৰা ২০০৭ চনলৈ শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী আছিল।

২০০৭ চনৰ পৰা ২০১৪ চনলৈকে গুজৰাট চৰকাৰৰ পথ আৰু গৃহ নিৰ্মাণ, ৰাজহ, নগৰ উন্নয়ন আৰু নগৰ গৃহ নিৰ্মাণ, দুৰ্যোগ ব্যৱস্থাপনা আৰু মূলধনী প্ৰকল্প বিভাগৰ কেবিনেট মন্ত্ৰী আছিল। [4] [5]

২০১৮ চনৰ ১৯ জানুৱাৰীত মধ্যপ্ৰদেশৰ ৰাজ্যপালৰ অতিৰিক্তি দায়িত্বত থকা ওমপ্ৰকাশ কোহলিৰ পৰা ৰাজ্যপালৰ দায়িত্বভাৰ চমজি লয়। কোহলি ২০১৬ চনৰ ১৯ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ ৰাজ্যপালৰ দায়িত্বত আছিল। [6]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]