আনা বটিন
| আনা বটিন | |
|---|---|
২০২৫ চনত বটিন | |
| জন্ম | আনা পেট্ৰিচিয়া বটিন অ'শ্বিয়া ০৪ অক্টোবৰ, ১৯৬০ (৬৫ বছৰ) ছান্টাণ্ডাৰ, স্পেইন |
| শিক্ষানুষ্ঠান | ছেইণ্ট মেৰীছ স্কুল এস্কট ব্ৰিন মাউৰ কলেজ |
| পেচা | চেয়াৰমেন, ছান্টাণ্ডাৰ গ্ৰুপ |
| নিয়োগকৰ্তা |
|
| দাম্পত্যসঙ্গী | গুইলেৰ্মো মৰেনেছ ৱাই মাৰিয়াটেগুই (বি. ১৯৮৩) |
| পিতৃ-মাতৃ |
|
| সন্তান | ৩ |
| আত্মীয়-স্বজন |
|
আনা পেট্ৰিচিয়া বটিন-ছানজ ডি চৌটুওলা অ'শ্বিয়া (ইংৰাজী: Ana Patricia Botin-Sanz de Sautuola O'Shea; জন্ম: ৪ অক্টোবৰ ১৯৬০) এগৰাকী স্পেনিছ বেংকাৰ যিয়ে ২০১৪ চনৰ পৰা ছান্টাণ্ডাৰ গ্ৰুপৰ কাৰ্যবাহী অধ্যক্ষ।[1][2]
এই পদত অধিষ্ঠিত হোৱা বটিন পৰিয়ালৰ চতুৰ্থ প্ৰজন্ম। ইয়াৰ পূৰ্বে তেওঁ ছান্টাণ্ডাৰ ইউ কেৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) আছিল, যিটো পদত তেওঁ ২০১০ চনৰ ডিচেম্বৰৰ পৰা অধ্যক্ষৰ পদ গ্ৰহণ নকৰালৈকে আছিল।
২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত বিবিচি ৰেডিঅ' ৪ ৰ উইমেনছ আৱাৰৰ দ্বাৰা বটিনক ব্ৰিটেইনৰ তৃতীয় শক্তিশালী মহিলা হিচাপে স্থান দিয়া হয়।[3] ২০১৭, ২০১৯ আৰু ২০২০ চনত ফৰ্বছে তেওঁক বিশ্বৰ ৮ম শক্তিশালী মহিলা হিচাপে স্থান দিছিল।[4] ২০২৩ চনত ফৰ্বছে তেওঁক "বিশ্বৰ ১০০ গৰাকী শক্তিশালী মহিলা"ৰ তালিকাত ১৮ নম্বৰ স্থান দিছিল।[5]
২০২৩ চনত ফৰ্চুনৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ তালিকাত তেওঁ ১৯ নম্বৰ স্থান লাভ কৰিছিল।[6]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]বটিনৰ ১৯৬০ চনৰ ৪ অক্টোবৰত স্পেইনৰ ছান্টাণ্ডাৰত জন্মগ্ৰহণ কৰিছিল।[7][8] স্পেইনৰ গ্ৰুপো ছান্টাণ্ডাৰৰ কাৰ্যবাহী অধ্যক্ষ আছিল স্পেইনৰ বেংকাৰ এমিলিঅ’ বটিন-চানজ ডি ছাউটুওলা ৱাই গাৰ্চিয়া দে লছ ৰিঅ’ছ আৰু অ’শ্বিয়াৰ ১ম মাৰ্চিঅ’নেছ পালোমা অ’শ্বিয়াৰ কন্যা। ছেইণ্ট মেৰী স্কুল এস্কটত হাইস্কুলীয়া শিক্ষা লাভ কৰে।.[9] ব্ৰিন মাউৰ কলেজত অৰ্থনীতি অধ্যয়ন কৰিছিল।[10]
কৰ্মজীৱন
[সম্পাদনা কৰক]বটিনে ১৯৮১ চনৰ পৰা ১৯৮৮ চনলৈকে আমেৰিকাৰ জে পি মৰ্গানত কাম কৰিছিল।[11] ১৯৮৮ চনত স্পেইনলৈ উভতি আহি ছান্টাণ্ডাৰ গ্ৰুপত কাম কৰিবলৈ আৰম্ভ কৰে। সেই সময়ছোৱাত তেওঁ ১৯৯৭ চনত বেংকটোৱে চিলিৰ সৰ্ববৃহৎ বেংক বেংকো অছ'ৰ্নো ৱাই লা ইউনিয়নৰ ৫১ শতাংশ অংশীদাৰিত্ব ৪৯৫ মিলিয়ন ডলাৰত অধিগ্ৰহণ কৰাৰ কামত জড়িত আছিল।[12] ২০০২ চনত স্পেইনৰ বেংক বানেষ্টোৰ কাৰ্যবাহী অধ্যক্ষ হয়। ২০১০ চনৰ নৱেম্বৰ মাহত বটিনে এণ্টনিঅ' হৰ্টা অছ'ৰিঅ'ৰ পিছত ছান্টাণ্ডাৰ ইউ কেৰ মুখ্য কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰে।[13]
২০১৩ চনত বটিনক কোকা-কোলা কোম্পানীত পৰিচালক নিযুক্তি দিয়া হয়।[14]
স্বীকৃতি
[সম্পাদনা কৰক]২০০৫ চনত প্ৰথমবাৰৰ বাবে তালিকাভুক্ত কৰা[15] বটিনক ২০১৮, ২০১৯ আৰু ২০২০ চনত ফৰ্বছে বিশ্বৰ অষ্টম শক্তিশালী মহিলা হিচাপে স্থান দিছিল।.[16]
- ২০১৫ – ব্ৰিটিছ বিত্তীয় খণ্ডৰ সেৱাৰ বাবে ডেম কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ।[17]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৮৩ চনত বটিনে সহযোগী বেংকাৰ গুইলাৰমো মৰেনেছ ৱাই মাৰিয়াটেগুইক বিয়া কৰায়, যি এজন ধনী মাটিৰ মালিক বৰ্গেট্টোৰ নৱম মাৰ্কেছৰ পুত্ৰ আছিল।[20] তেওঁলোকৰ তিনিজন পুত্ৰ আছে।[21]
পৰিয়ালটোৰ মাদ্ৰিদৰ দক্ষিণে অৱস্থিত চিউডাড ৰিয়েলত এখন বৃহৎ বাগিচা আছে।[22] ২০১০ চনত মৰেনেছ ৱাই মাৰিয়াটেগুই লণ্ডনৰ বেলগ্ৰেভিয়াত ছটা বেডৰুমৰ ঘৰ কিনিছিল।[23] চুইজাৰলেণ্ডৰ স্কি ৰিজৰ্ট গ্ষ্টাডতো তেওঁলোকৰ এটা ঘৰ আছে।[20]
তেওঁ দুবাৰৰ ৰাষ্ট্ৰীয় জুনিয়ৰ গলফ চেম্পিয়ন আৰু তেওঁৰ প্ৰয়াত ভায়েক বিশ্বৰ প্ৰাক্তন ১ নং চেভ বালেষ্টেৰ'ছৰ পৰা এই খেলবিধ শিকিছিল।[21][24] ২০১৮ চনত তেওঁ অগাষ্টা নেচনেল গলফ ক্লাবৰ চতুৰ্থ মহিলা সদস্য হয়।[25] তেওঁ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ডিয়েগো বটিনৰ পেহী, আৰু জেইম বটিনৰ ভতিজী।[26]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Santander appoints Ana Botin as chairwoman". BBC News. 10 September 2014. https://www.bbc.co.uk/news/business-29149536.
- ↑ "Ms Ana Botín-Sanz de Sautuola y O'Shea" (en ভাষাত). santander.com. https://www.santander.com/csgs/Satellite/CFWCSancomQP01/en_GB/Corporate/Investor-Relations/Ms-Ana-Botin-Sanz-de-Sautuola-y-OShea.html.
- ↑ "BBC Radio 4 - Woman's Hour - The Power List 2013". BBC. http://www.bbc.co.uk/programmes/b007qlvb/features/power-list-100.
- ↑ "World's Most Powerful Women" (en ভাষাত). Forbes. https://www.forbes.com/power-women/list/। আহৰণ কৰা হৈছে: 24 December 2020.
- ↑ "The World's Most Powerful Women 2023" (en ভাষাত). Forbes. https://www.forbes.com/lists/power-women/.
- ↑ "Most Powerful Women" (en ভাষাত). Fortune. https://fortune.com/ranking/most-powerful-women/.
- ↑ "The CNBC Next List: Ana Botín". CNBC. 6 October 2014. https://www.cnbc.com/2014/10/06/ana-botin.html.
- ↑ "Ana Botín-Sanz de Sautuola y O'Shea". Santander. https://www.santander.com/en/shareholders-and-investors/corporate-governance/board-of-directors/mrs-anabotin-sanz-de-sautuola-y-o-shea। আহৰণ কৰা হৈছে: 2 July 2023.
- ↑ Agnew, Harriet; Jenkins, Patrick (16 January 2015). "London: Sexism and the City". Financial Times. https://www.ft.com/content/7c182ab8-9c33-11e4-b9f8-00144feabdc0। আহৰণ কৰা হৈছে: 20 March 2018.
- ↑ Pérez, María Jesús (15 September 2014). "Ana Botín, la discreta sombra de su padre" (es ভাষাত). ABC (Madrid). http://www.abc.es/economia/20140915/abci-ana-botin-perfil-201409142239.html.
- ↑ "Ana Botín: the most powerful woman in finance" (en-US ভাষাত). worldfinance.com. https://www.worldfinance.com/banking/ana-botin-the-most-powerful-woman-in-finance। আহৰণ কৰা হৈছে: 20 February 2020.
- ↑ John Tagliabue (1 January 1997), Spain's Santander Hopes to Become No. 1 in Latin America The New York Times.
- ↑ "Ana Patricia Botin to Head Santander UK". The New York Times. 4 November 2010. https://dealbook.nytimes.com/2010/11/04/ana-patricia-botin-to-head-santander-uk/। আহৰণ কৰা হৈছে: 10 January 2013.
- ↑ "Coca-Cola board elects Ana Botin as a director". Archived from the original on 17 May 2020. https://web.archive.org/web/20200517163254/http://www.vcstar.com/errors/404/। আহৰণ কৰা হৈছে: 4 January 2018.
- ↑ "#99 Ana Patricia Botín". forbes.com. https://www.forbes.com/lists/2005/11/L2WX.html। আহৰণ কৰা হৈছে: 9 July 2008.
- ↑ "The World's Most Powerful Women 2019" (en ভাষাত). Forbes. https://www.forbes.com/power-women/। আহৰণ কৰা হৈছে: 24 December 2020.
- ↑ Trotman, Andrew (8 December 2015). "Santander boss Ana Botin awarded honorary damehood". The Daily Telegraph. https://www.telegraph.co.uk/finance/newsbysector/banksandfinance/12038346/Santander-boss-Ana-Botin-awarded-honorary-damehood.html। আহৰণ কৰা হৈছে: 25 December 2015.
- ↑ Manley, Simon (17 December 2015). "Ana Botín, of @bancosantander receives the FIRST award for Responsible Capitalism 2015 from @sajidjavid in Londonpic.twitter.com/Dku5DijzrR". https://twitter.com/simonmanleyfco/status/677628366414094336.
- ↑ Dobbs, Harry (8 January 2016). "2015 Award". Responsible Capitalism. https://responsible-capitalism.org/2016/01/2015/.
- 1 2 Ruiz, Borja (13 September 2014). "Guillermo Morenés, el consorte de la nueva primera dama de la banca". El Mundo. http://www.elmundo.es/loc/2014/09/13/54133b4cca47410a028b4571.html। আহৰণ কৰা হৈছে: 4 August 2015.
- 1 2 Treanor, Jill (2025-07-05). "Santander’s Ana Botin on buying TSB — and being fired by her father". The Sunday Times. https://www.thetimes.com/business-money/companies/article/santanders-ana-botin-on-buying-tsb-and-being-fired-by-her-father-2c3f7qdl8। আহৰণ কৰা হৈছে: 2025-07-09.
- ↑ Patrick Jenkins (12 September 2014) A worldly scion of Spanish finance picks up the torch Financial Times.
- ↑ Penty, Charles (8 March 2011). "Banking Queen Botin Plans U.K. IPO in Santander Succession Test". Bloomberg. https://www.bloomberg.com/news/articles/2011-03-08/banking-queen-botin-plans-u-k-ipo-seen-determining-santander-succession। আহৰণ কৰা হৈছে: 4 August 2015.
- ↑ Kandell, Jonathan (30 October 2015). "Ana Botín Marks a New Era at Banco Santander". Institutional Investor. https://www.institutionalinvestor.com/article/2bsv8i65wqcslcti7pn28/portfolio/ana-botin-marks-a-new-era-at-banco-santander.
- ↑ Morenilla, Juan (19 March 2018). "Ana Botín, primera socia española del exclusivo club de golf del Augusta National" (es ভাষাত). El País. ISSN 1134-6582. https://elpais.com/deportes/2018/03/19/actualidad/1521464968_298327.html.
- ↑ Devereux, Charlie; Stupples, Benjamin (16 January 2020). "Jaime Botin Is Sentenced to Prison in Picasso Smuggling Fiasco". Bloomberg News. https://www.bloomberg.com/news/articles/2020-01-16/a-botin-took-a-picasso-from-spain-on-a-yacht-it-cost-him-dearly.