আনুংলা জুই লংকুমুৰ
| আনুংলা জুই লংকুমুৰ | |
|---|---|
| পেচা | লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা, সংগীতজ্ঞ, লোক-সংস্কৃতিবিদ |
| জনা যায় | চলচ্চিত্ৰ নিৰ্মাণ, সংগীত, নগা লোক-পৰম্পৰাৰ সংৰক্ষণ |
| উল্লেখযোগ্য কৰ্ম | ফোকলোৰ অৱ ইষ্টাৰ্ণ নাগালেণ্ড, দ্য মেনি দ্যাট আই এম: ৰাইটিংছ ফ্ৰম নাগালেণ্ড (সম্পাদনা) |
| পিতৃ-মাতৃ | তেমচুলা আও (মাতৃ) |
আনুংলা জুই লংকুমুৰ (ইংৰাজী: Anungla Zoe Longkumer) এগৰাকী ভাৰতীয় লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু সংগীতজ্ঞ। তেওঁ নাগালেণ্ডৰ বাসিন্দা। তেওঁ নিজৰ কৰ্মৰ জৰিয়তে নগা লোক-পৰম্পৰা, বিশেষকৈ মৌখিক পৰম্পৰা, মহিলাৰ আখ্যান আৰু নগা পৰিচয় সংৰক্ষণ তথা প্ৰচাৰৰ বাবে পৰিচিত।[1] তেওঁৰ দ্বাৰা সম্পাদিত সংকলন দ্য মেনি দ্যাট আই এম নগা মহিলা লেখিকা আৰু শিল্পীসকলৰ বিভিন্ন কণ্ঠক একত্ৰিত কৰাৰ বাবে উল্লেখযোগ্য।[2][3]
তেওঁ নাগালেণ্ডৰ ডিমাপুৰত বাস কৰে। তেওঁ নাগালেণ্ডৰ পদ্মশ্ৰী বঁটা বিজয়ী তেমচুলা আওৰ কন্যা।[4][5]
কৰ্মজীৱন
[সম্পাদনা কৰক]লংকুমুৰে লেখা-মেলা, চলচ্চিত্ৰ নিৰ্মাণ আৰু সংগীতৰ জৰিয়তে নগা লোক-সংস্কৃতি আৰু সাংস্কৃতিক অভিব্যক্তিসমূহ নথিকৰণ তথা সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়ে।[6] জীৱনৰ এক উল্লেখযোগ্য সময় নাগালেণ্ডৰ বাহিৰত কটোৱাৰ পিছত, বৰ্তমান তেওঁ ডিমাপুৰত স্বতন্ত্ৰভাৱে সমল সম্পাদনা, সংগীত, চলচ্চিত্ৰ নিৰ্মাণ আৰু লোক-সংস্কৃতিৰ গৱেষণাৰ কাম কৰি আছে।[5][7]
তেওঁৰ কামত নগা ইতিহাসৰ বিভিন্ন বিষয় যেনে খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ, পৰম্পৰাগত কাহিনী কোৱাৰ পদ্ধতি আৰু নগা মহিলাৰ অভিজ্ঞতা আদি প্ৰতিফলিত হয়।[7] তেওঁ আমাজন প্ৰাইম ভিডিঅ'ৰ অপৰাধমূলক থ্ৰিলাৰ ধাৰাবাহিক পাতাল লোকৰ দ্বিতীয় ছিজনৰ বাবে গৱেষণা সহযোগী হিচাপে কাম কৰিছিল।[4]
লেখিকা আৰু গৱেষকৰ উপৰিও লংকুমুৰে "এ ৱে অৱ বিয়িং"ৰ দৰে কলা প্ৰদৰ্শনীৰ কিউৰেটৰ হিচাপেও কাম কৰিছে, য’ত নগা পৰম্পৰাগত আৰু সমসাময়িক কলা প্ৰদৰ্শন কৰা হৈছিল।[8]
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]লংকুমুৰৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ’ল ফোকলোৰ অৱ ইষ্টাৰ্ণ নাগালেণ্ড (২০১৭)। এই কিতাপখনত পূব নাগালেণ্ডৰ দুৰ্গম জিলাসমূহত বাস কৰা ছয়টা জনজাতিৰ লোককথা, লোকগীত আৰু বাস্তৱ জীৱনৰ বিৱৰণসমূহৰ অনুবাদ সন্নিবিষ্ট কৰা হৈছে।[7]
তেওঁ দ্য মেনি দ্যাট আই এম: ৰাইটিংছ ফ্ৰম নাগালেণ্ড শীৰ্ষক সংকলনটোৰ সম্পাদনা কৰাৰ লগতে তাত লিখনিও আগবঢ়াইছে। এই সংগ্ৰহটোত নগা মহিলা লেখিকা আৰু শিল্পীসকলৰ কাহিনী, কবিতা আৰু ব্যক্তিগত আখ্যানসমূহ স্থান পাইছে।[9] তেওঁ নগা 'লগ-ড্ৰাম'ৰ ওপৰত এখন ২৬ মিনিটৰ তথ্যচিত্ৰৰ চিত্ৰনাট্য লিখাৰ লগতে বৰ্ণনা আৰু সম্পাদনা কৰিছিল, যিখন ইন্দোনেছিয়া আৰু মালয়েছিয়াৰ আন্তঃৰাষ্ট্ৰীয় উৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰিত হৈছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Assistant Professor of English, All Saints' College, Trivandrum, Kerala, India; Varghese, Liji (2022-06-07). "Narrating "India": Liminal Narratives of Northeast and Assertion of Identity". Rupkatha Journal on Interdisciplinary Studies in Humanities খণ্ড 14 (2). doi:10.21659/rupkatha.v14n2.ne27. https://rupkatha.com/v14n2ne27/। আহৰণ কৰা হৈছে: 2025-05-08.
- ↑ "#anunglazoelongkumer – the shiny diaries". The Shiny Diaries. July 19, 2021. https://theshinydiaries.com/tag/anunglazoelongkumer/। আহৰণ কৰা হৈছে: May 8, 2024.
- ↑ "The Many That I Am: Writings from Nagaland - NortheastReads". NortheastReads. https://northeastreads.com/books/the-many-that-i-am-writings-from-nagaland/। আহৰণ কৰা হৈছে: May 8, 2024.
- 1 2 "Paatal Lok is a stunner, and a rarity that gets Nagaland and Nagas right" (en ভাষাত). India Today. 2025-01-22. https://www.indiatoday.in/television/web-series/story/paatal-lok-season-2-prime-video-series-nagaland-depiction-naga-culture-society-jaideep-ahlawat-crime-drama-tv-2668372-2025-01-22। আহৰণ কৰা হৈছে: 2025-05-08.
- 1 2 Datta, Sudipta (2023-07-21). "Interview with Anungla Zoe Longkumer on editing The Many That I Am an anthology on Nagaland" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/books/interview-anungla-zoe-longkumer-nagaland-anthology-poems-essay-women-stories/article67063232.ece.
- ↑ "Anungla Zoe Longkumer Archives". Zubaan Books. https://zubaanbooks.com/bookauthor/anungla-zoe-longkumer/। আহৰণ কৰা হৈছে: May 8, 2024.
- 1 2 3 "Books by Anungla Zoe Longkumer". NortheastReads. https://northeastreads.com/book-author/anungla-zoe-longkumer/। আহৰণ কৰা হৈছে: May 8, 2024.
- ↑ "A way of being: First ever Kisama Art Gallery". MorungExpress. https://morungexpress.com/a-way-of-being-first-ever-kisama-art-gallery। আহৰণ কৰা হৈছে: 2025-05-08.
- ↑ Sharma, Saurabh (2019-09-18). "Book Review: The Many That I Am: Writings From Nagaland Edited By Anungla Zoe Longkumer" (en-GB ভাষাত). Feminism in India. https://feminisminindia.com/2019/09/19/book-review-the-many-that-i-am-writings-from-nagaland-edited-anungla-zoe-longkumer/। আহৰণ কৰা হৈছে: 2025-05-08.