আনুশেহ্ অনাদিল
Anusheh Anadil আনুশেহ্ অনাদিল | |
|---|---|
জুন ২০০৭ত বেণ্ড বাংলাৰ সৈতে মঞ্চত আনুশেহ্ অনাদিল | |
| পৃষ্ঠভূমি | |
| উৎসস্থান | ঢাকা, বাংলাদেশ |
| সংগীতৰ ধৰণ | লোক সংগীত, লালন গীতি |
| পেচা | সংগীতশিল্পী, গায়িকা-গীতিকাৰ, সাংস্কৃতিক কৰ্মী, সামাজিক উদ্যোগী[1] |
| বাদ্যযন্ত্ৰ | কণ্ঠ |
| সক্ৰিয়তাৰ বছৰ | ১৯৯৮–বৰ্তমান |
| জীৱন-সঙ্গী | সেথ পাণ্ডুৰংগা ব্লুমবাৰ্গ (বি. ২০১৬) |
আনুশেহ্ অনাদিল এগৰাকী বাংলাদেশী সংগীতশিল্পী, শিল্পী, সাংস্কৃতিক কৰ্মী আৰু সামাজিক উদ্যোগী। তেওঁ বাংলা বেণ্ডৰ লগত জড়িত, যিটো বাংলাদেশৰ প্ৰথম মহিলা নেতৃত্বাধীন বেণ্ড হিচাপে পৰিচিত। ২০০২ চনত প্ৰকাশিত তেওঁলোকৰ প্ৰথম এলবাম কিংকৰ্তব্যবিমূঢ়ৰ জৰিয়তে বেণ্ডটোৱে বাংলাদেশ আৰু পশ্চিম বংগ (ভাৰত)ত বিশেষ জনপ্ৰিয়তা লাভ কৰে। আধ্যাত্মিক লোকগীত আৰু নিজা মৌলিক সংগীতৰ সমন্বয়ে তেওঁলোকে গাঁৱৰ বাউল-ফকিৰ পৰম্পৰাক নগৰীয়া জনপ্ৰিয় সংস্কৃতিত আনি এক নতুন ধাৰা সৃষ্টি কৰে। ইয়াৰ জৰিয়তে ফকিৰ লালন শাঁইৰ দৰ্শন নগৰীয়া যুৱ সমাজৰ মাজত নতুন ৰূপে জনপ্ৰিয় হয়। ২০০৫ চনত প্ৰকাশিত তেওঁলোকৰ দ্বিতীয় এলবাম প্ৰত্যুৎপন্নমত্তিত্ব ফকিৰ লালন শাঁইৰ প্ৰতি উৎসৰ্গিত। এই এলবামটোৱে ধৰ্মীয় উগ্ৰবাদ আৰু দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক প্ৰশ্ন তোলে।
আনুশেহ্ অনাদিল এগৰাকী গীতিকাৰো। ২০১২ চনত তেওঁ একক এলবাম ৰাই প্ৰকাশ কৰে। ‘এখন বোধয় ফুল চোৰণৰ পালা’, ‘আমাৰ মনেৰ মানুহ’, ‘তুইতো মজাৰ মানুষ’ আৰু ‘ধৰ্ম বুজে মানৰে সখা’ আদি তেওঁৰ জনপ্ৰিয় গীত। জাহিদ আহমেদে লিখা ‘তোমাৰ ঘৰে বসত কৰে কয়জনা’ গীতটোৰ তেওঁৰ কণ্ঠে বাংলাদেশ আৰু পশ্চিম বংগ দুয়ো ঠাইতে ব্যাপক জনপ্ৰিয়তা লাভ কৰে।
তেওঁ বাংলাদেশত প্ৰথমগৰাকী সংগীতশিল্পী যিয়ে নিজৰ মাদকাসক্তিৰ অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ কথা কৈছিল আৰু জীৱন-শৈলী সলনি কৰি সংগীত আৰু শিপাৰ সৈতে পুনৰ সংযোগে কেনেদৰে তেওঁক এই আসক্তিৰপৰা উদ্ধাৰ কৰিলে সেই বিষয়ে ব্যক্ত কৰিছিল।[2]
পটভূমি আৰু প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]আনুশেহ্ অনাদিলৰ জন্ম ২৬ মাৰ্চ ১৯৭৭ তাৰিখে ঢাকাত হয়। তেওঁৰ পিতৃ জামাল আহমেদ সুফি এগৰাকী উদ্যোগী আৰু মাতৃ লুবনা মৰিয়ম এগৰাকী নৃত্যশিল্পী তথা সাংস্কৃতিক কৰ্মী। তেওঁৰ মাতৃ আৰু খুৰীয়েক নাইলা খান তাৰেখ মাছুদৰ তথ্যচিত্ৰ চলচ্চিত্ৰ মুক্তিৰ গানত অভিনয় কৰিছিল।
তেওঁৰ মাতৃফালৰ দেউতাক লেফটেনেণ্ট কৰ্ণেল কাজী নুৰুজ্জামান, বীৰ উত্তম, বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত মুক্তিবাহিনীৰ সপ্তম ছেক্টৰৰ ছেক্টৰ কমাণ্ডাৰ আছিল।
শৈশৱত আনুশেহে উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতত প্ৰশিক্ষণ লাভ কৰে। বংগৰ বাউল আৰু ফকিৰসকলৰ সৈতে সংস্পৰ্শৰ জৰিয়তে তেওঁলোকৰ দৰ্শন আৰু সংগীতত স্বাধীনতাৰ অনুভৱ কৰে। ১৯৯৮ চনত তেওঁ বাংলা বেণ্ডৰ সৈতে সংগীত জীৱন আৰম্ভ কৰে।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]আনুশেহ্ অনাদিল ‘‘যাত্ৰা বাংলাদেশ’’ৰ প্ৰতিষ্থাপক আৰু সৃজনশীল নিৰ্দেশক। ২০০০ চনত প্ৰতিষ্ঠিত এই প্ৰতিষ্ঠানটোৱে বাংলাদেশৰ লোকশিল্প, হস্তশিল্প আৰু সাংস্কৃতিক ঐতিহ্য প্ৰচাৰ কৰে। ‘‘যাত্ৰা বিৰতি’’ নামৰ ইয়াৰ এক শাখা লোকসংগীত আৰু সজীৱ সাংস্কৃতিক চৰ্চাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]আনুশেহ্ অনাদিলে ১৬ ডিচেম্বৰ ২০১৬ তাৰিখে পণ্ডিত ৰবি শংকৰৰ শিষ্য সেথ পাণ্ডুৰংগা ব্লুমবাৰ্গক বিবাহ কৰে।[5] তেওঁ আগৰ স্বামী বুনোৰ সৈতে দুগৰাকী কন্যা সন্তানৰ মাতৃ।[6]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "The Awardees of 2009" (en ভাষাত). Meeto Memorial Award. Archived from the original on October 27, 2013. https://web.archive.org/web/20131027122754/http://www.meetomemorialaward.org/article10.html। আহৰণ কৰা হৈছে: February 19, 2012.
- ↑ Dasgupta, Priyanka (October 21, 2010). "I had once stabbed a man: Anusheh". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/music/news/I-had-once-stabbed-a-man-Anusheh/articleshow/6780862.cms.
- ↑ David Bergman. "The Bangladeshi Women Making Rural Mystic Music Cool". AsiaCalling.com. http://www.asiacalling.org/en/news/bangladesh/1820-the-bangladeshi-women-making-rural-mystic-music-cool.
- ↑ "In conversation with Anusheh Anadil". http://www.dhakatribune.com/weekend-tribune/2014/apr/11/conversation-anusheh-anadil.
- ↑ "Anusheh’s New Beginning" (en ভাষাত). The Daily Star. https://www.thedailystar.net/showbiz/cover-story/anushehs-new-beginning-1334632.
- ↑ "I had once stabbed a man: Anusheh". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/music/news/I-had-once-stabbed-a-man-Anusheh/articleshow/6780862.cms.
- ↑ "Anusheh song wins Zee Bangla Gourav Award" (en ভাষাত). The Daily Star. June 2, 2011. http://www.thedailystar.net/newDesign/news-details.php?nid=188175.