সমললৈ যাওক

আনোৱাৰা বাহাৰ চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আনোৱাৰা বাহাৰ চৌধুৰী
জন্ম ১৩ ফেব্ৰুৱাৰী, ১৯১৯
মৃত্যু ২৭ অক্টোবৰ, ১৯৮৭ (৬৮ বছৰ)
দাম্পত্যসঙ্গী হবিবুল্লাহ বাহাৰ চৌধুৰী
সন্তান ইকবাল বাহাৰ চৌধুৰী
ছেলিনা বাহাৰ জামান


আনোৱাৰা বাহাৰ চৌধুৰী (ইংৰাজী: Anwara Bahar Chowdhury; ১৩ ফেব্ৰুৱাৰী ১৯১৯ – ২৭ অক্টোবৰ ১৯৮৭) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু সাহিত্যিক।[1]

নেপথ্য আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯১৯ চনৰ ১৩ ফেব্ৰুৱাৰীত মুৰ্ছিদাবাদ জিলাৰ আজিজগঞ্জ চহৰত জন্মগ্ৰহণ কৰা চৌধুৰী মাণিকগঞ্জত ডাঙৰ-দীঘল হৈছিল।[2] মহিলা অধিকাৰ কৰ্মী বেগম ৰকেয়াই প্ৰতিষ্ঠা কৰা সাখাৱট মেম’ৰিয়েল গাৰ্লছ হাইস্কুলত তেওঁৰ নামভৰ্তি হয়। ১৯৩৪ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলকাতাৰ বেথুন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু বি এ ডিগ্ৰী সম্পূৰ্ণ কৰে। ১৯৪১ চনত স্কটিছ চাৰ্চ কলেজৰ পৰা শিক্ষকতাত স্নাতক ডিগ্ৰী লাভ কৰে।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

চৌধুৰী কলিকতা বিশ্ববিদ্যালয়ৰ লেডী ব্ৰাবৰ্ণ কলেজৰ বাংলা সাহিত্যৰ অধ্যাপক আছিল। বেগম ৰকেয়াই প্ৰতিষ্ঠা কৰা অঞ্জুমান-ই-খাৱতীন-ই-ইছলাম বা সদৌ বংগ মুছলিম মহিলা সন্থাৰ সম্পাদিকা হৈছিল। তেওঁ বিদ্যাময়ী ছোৱালী হাইস্কুল, কামৰুন্নেছা ছোৱালী হাইস্কুল আৰু বাংলা বজাৰ চৰকাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]

১৯৫৫ চনত তেওঁ শিক্ষা সঞ্চালকালয়ৰ মহিলা শিক্ষাৰ বিশেষ বিষয়া হয়।[1] ১৯৫৫ চনত ঢাকাত স্থাপিত বুলবুল একাডেমী অৱ ফাইন আৰ্টছ (BAFA)ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল তেওঁ।[1] ১৯৬৯ চনত তেওঁ হাবিবুল্লাহ বাহাৰ মহাবিদ্যালয় স্থাপন কৰে।[3]

চৌধুৰীয়ে কেইবাখনো গ্ৰন্থ লিখিছিল য’ত জীৱনী, স্কুলৰ পাঠ্যপুথি আৰু শিশুৰ বাবে কিতাপ আদি অন্তৰ্ভুক্ত। তেওঁৰ কবিতা সংকলন "অমৰ চেটোনাৰ ৰং" প্ৰকাশ কৰে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Remembrance : Anwara Bahar Choudhury : Educationist, Writer and Cultural Activist". The Daily Star. 27 March 2015. http://www.thedailystar.net/star-weekend/remembrance/anwara-bahar-choudhury-73712। আহৰণ কৰা হৈছে: 18 March 2016. 
  2. "Chowdhury, Anwara Bahar - Banglapedia". en.banglapedia.org. https://en.banglapedia.org/index.php/Chowdhury,_Anwara_Bahar। আহৰণ কৰা হৈছে: 2024-06-10. 
  3. "National University :: College Details". www.nubd.info. Archived from the original on 2020-11-19. https://web.archive.org/web/20201119114616/http://www.nubd.info/college/college.php?code=6459। আহৰণ কৰা হৈছে: 2019-12-02.