সমললৈ যাওক

আন্তৰ্জাতিক মহিলা গণতান্ত্ৰিক সংস্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আন্তৰ্জাতিক মহিলা গণতান্ত্ৰিক সংস্থা
Women International Democratic Federation
ফুলৰ থোপা, WIDF ৰ প্ৰতীক আৰু ৰাছিয়ান লিখনীৰ সৈতে এগৰাকী মহিলাৰ ডাকটিকট
ৰূপালী জয়ন্তী বৰ্ষৰ ডাক টিকট, ১৯৭০
চমু  নাম WIDF
প্ৰতিষ্ঠা ডিচেম্বৰ ১৯৪৫
ধৰণ বেচৰকাৰী সংস্থা
উদ্দেশ্য পৃথিৱীৰ নাৰী সংস্থাসমূহৰ একত্ৰীকৰণ
প্ৰধান  কাৰ্যালয় ছেল ছালভাদোৰ, এল ছালভাদোৰ
অঞ্চল ২৩ কেলে পনিয়েণ্টে এণ্ড এভিনিডা লাস ভিক্টোৰিয়াছ #১২৩, আৰবেনাইজেছন পালোমো, চান ছালভাডৰ
সেৱা  ক্ষেত্ৰ বিশ্বব্যাপি
আনুষ্ঠানিক  ভাষা ইংৰাজী, ফৰাচী, ৰাছিয়ান, স্পেনিছ, আৰবী, জাৰ্মান, পৰ্তুগীজ

আন্তৰ্জাতিক মহিলা গণতান্ত্ৰিক সংস্থা (ইংৰাজী: Women's International Democratic Federation) হৈছে আন্তঃৰাষ্ট্ৰীয় মহিলা অধিকাৰ সংগঠন। ১৯৪৫ চনত স্থাপিত এই সংস্থাটো শীতল যুদ্ধৰ সময়ত আটাইতকৈ সক্ৰিয় আছিল৷ ইতিহাসবিদ ফ্ৰান্সিস্কা ডি হানৰ মতে ই আছিল "১৯৪৫ চনৰ পিছৰ যুগৰ আটাইতকৈ ডাঙৰ আৰু সম্ভৱতঃ আটাইতকৈ প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় মহিলা সংগঠন"[1] ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত ইয়াৰ মুখ্য কাৰ্যালয় বাৰ্লিনৰ পৰা পেৰিছলৈ স্থানান্তৰ কৰা হয়। ২০০২ চনত মাৰ্চিয়া কেম্পছক সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে কাৰ্যালয়টো ব্ৰাচিলিয়ালৈ স্থানান্তৰিত হয়। ইয়াৰ পিছত ২০০৭ চনত সংস্থাৰ সচিবালয় চাও পাওলোত অৱস্থিত হয়। ২০১৬ চনৰ পৰা সভানেত্ৰী হিচাপে এল ছালভাডৰৰ লৰেনা পেনাই নেতৃত্ব দি আছে৷ ইয়াৰ মুখ্য কাৰ্যালয় ছান ছালভাডৰত অৱস্থিত। সংস্থাৰ আলোচনী ৱমেন অৱ দ্য হোল ৱৰ্ল্ড আৰবী, ইংৰাজী, ফৰাচী, জাৰ্মান, ৰাছিয়ান আৰু স্পেনীছ ছটা ভাষাত প্ৰকাশ পাইছিল।

যুদ্ধ প্ৰতিৰোধৰ প্ৰচেষ্টাত মহিলাসকলক জড়িত কৰাৰ লগতে ফেচিবাদী শাসন ব্যৱস্থাৰ বৰ্ণবাদী আৰু যৌনতাবাদী মতাদৰ্শৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যেৰে ১৯৪৫ চনত পেৰিছত ফেচিষ্ট বিৰোধী সংগঠন হিচাপে এই সংস্থাটো প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আয়োজক সন্মিলনত ইউজেনী কটনক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয় আৰু সংস্থাটোৰ লক্ষ্যসমূহ সংজ্ঞায়িত কৰা হয়৷ তাৰ ভিতৰত ফেচিবাদৰ বিৰুদ্ধে যুঁজত সক্ৰিয় অংশগ্ৰহণ আৰু বিশ্ব শান্তিৰ সপক্ষে, শিশু কল্যাণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি জনস্বাস্থ্য ৰক্ষা কৰা, মহিলাৰ অধিকাৰৰ মৰ্যাদা উন্নত কৰা, আৰু মহিলাসকলৰ মাজত আন্তৰ্জাতিকতাবাদী বন্ধুত্ব গঢ়ি তোলা।

শীতল যুদ্ধৰ যুগত উদ্ধাৰ কৰা এফ বি আইৰ ফাইলত সংস্থাক কমিউনিষ্ট প্ৰৱল আৰু ছোভিয়েট সমৰ্থক বুলি বৰ্ণনা কৰা হৈছিল। ১৯৫০ চনৰ পৰা বহু দেশত ১ জুনত শিশু দিৱস হিচাপে পালন কৰা আন্তৰ্জাতিক শিশু সুৰক্ষা দিৱস ১৯৪৯ চনত অনুষ্ঠিত হোৱা WIDF অভিযানৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হয়। ১৯৫১ চনত ফ্ৰান্সৰ কৰ্তৃপক্ষই এই সংগঠনটো নিষিদ্ধ কৰি পূব বাৰ্লিনলৈ স্থানান্তৰিত কৰে। আন আন আন্তঃৰাষ্ট্ৰীয় মহিলা সংগঠনসমূহে চিন্তিত হৈ পৰিছিল যে ডব্লিউআইডিএফে মহিলাৰ অধিকাৰ আৰু মাতৃত্বৰ ক্ষেত্ৰত অংশগ্ৰহণ একত্ৰিত কৰাৰ বাবে কৰা আবেদনক অপপ্ৰচাৰ হিচাপে ব্যৱহাৰ কৰি আমেৰিকা বিৰোধী আৱেগ বৃদ্ধি আৰু সাম্যবাদক প্ৰসাৰিত কৰিব। ইতিহাসৰ বিভিন্ন সময়ত ডব্লিউ আই ডি এফে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ (ECOSOC)ৰ সৈতে পৰামৰ্শমূলক মৰ্যাদা লাভ কৰিছিল। মহিলাৰ মৰ্যাদা আয়োগ (CSW)ত WIDF প্ৰতিনিধিসকলৰ প্ৰস্তাৱৰ ফলতেই ৰাষ্ট্ৰসংঘই ১৯৭৫ চনক আন্তঃৰাষ্ট্ৰীয় মহিলা বছৰ হিচাপে ঘোষণা কৰে।

দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ পৰাই কমিউনিষ্ট, উদাৰবাদী বা সমাজবাদী বাওঁপন্থী মহিলাসকলে ফেচিবাদৰ বিৰুদ্ধে যুঁজ আৰু নাজীবাদৰ বৰ্ণবাদী আৰু যৌনতাবাদী মতাদৰ্শৰ প্ৰসাৰত সক্ৰিয় আছিল।[2] যুদ্ধৰ সময়ত বহুতো কৰ্মী, যিসকল মূলতঃ অভিজাত আৰু বুদ্ধিজীৱী আছিল, সমগ্ৰ ইউৰোপতে ফেচিষ্ট বিৰোধী সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰু ভৱিষ্যতে সংঘাত ৰোধ কৰিব পৰা সামাজিক আৰু ৰাজনৈতিক নীতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় কাঠামো গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল।[3]

A grey-haired woman in a white blouse with a broach at the neck wearing dark suitcoat
ইউজেনী কটন, ১৯৫২ চন

১৯৪৪ চনত ইউজেনী কটনে ইউনিয়ন ডেছ ফেমছ ফ্ৰান্সেইজ (ফৰাচী মহিলাৰ সংঘ)ৰ এখন বৈঠকত অংশগ্ৰহণ কৰে, যাৰ ফলত মহিলা আন্তঃৰাষ্ট্ৰীয় গণতান্ত্ৰিক ফেডাৰেচন গঠনৰ ধাৰণাটোৰ জন্ম হয়। ইয়াৰ পিছত ১৯৪৫ চনত লণ্ডনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনত অংশগ্ৰহণ কৰে য’ত তেওঁ বেলজিয়াম, চীন, ফ্ৰান্স, ইটালী, ছোভিয়েট ইউনিয়ন, স্পেইন, যুক্তৰাজ্য, যুগোস্লাভিয়াৰ মহিলাৰ এটা দলৰ সৈতে সাক্ষাৎ কৰে। যদিও ইউৰোপত যুদ্ধৰ অন্ত পৰিছিল; মাত্ৰ ছমাহৰ আগতে আৰু এছিয়াত তেতিয়াও চলি আছিল, তেতিয়া বাওঁপন্থী মহিলাসকলক একত্ৰিত কৰিবলৈ আন্তৰ্জাতিক পদক্ষেপ সমিতি গঠন আৰু আন্তঃৰাষ্ট্ৰীয় কংগ্ৰেছ আয়োজন কৰাৰ বাবে ঐকমত্যত উপনীত হয়।[4]এই অনুষ্ঠানৰ পৃষ্ঠপোষক আছিল ইউনিয়ন ডেছ ফেমছ ফ্ৰান্সেজ আৰু ছোভিয়েট মহিলা ফেচিষ্ট বিৰোধী সমিতি। WIDF ৰ উৎপত্তিৰ বিষয় আভ্যন্তৰীণ উৎসসমূহ প্ৰতিষ্ঠাপকসকলৰ ৰাজনৈতিক সংযোগৰ ক্ষেত্ৰত অস্পষ্ট৷ ইয়াৰ পৰিৱৰ্তে যুদ্ধৰ সময়ত আৰু তাৰ লগে লগে প্ৰতিৰোধ আৰু ফেচিষ্ট বিৰোধী আন্দোলনত তেওঁলোকৰ ঘনিষ্ঠতা আৰু সকলো প্ৰগতিশীল মহিলাৰ বাবে মুকলি হোৱা এটা সংগঠন প্ৰতিষ্ঠা কৰাৰ তেওঁলোকৰ উদ্দেশ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. de Haan 2012a, পৃষ্ঠা. 1.
  2. de Haan 2012a, পৃষ্ঠা. 6.
  3. de Haan 2012a, পৃষ্ঠা. 7–8.
  4. de Haan 2010, পৃষ্ঠা. 558.
  5. de Haan 2010, পৃষ্ঠা. 558–559.