আন্দলিব ৱাজিদ
| আন্দলিব ৱাজিদ | |
|---|---|
আন্দলিব ৱাজিদ | |
| শিক্ষানুষ্ঠান | জ্যোতি নিবাস কলেজ |
| পেচা | লেখিকা |
| জনা যায় | দ্য তামান্না ট্ৰিলজি মোৰ দ্যান জাষ্ট বিৰিয়ানি |
আন্দলিব ৱাজিদ (ইংৰাজী: Andaleeb Wajid) এগৰাকী বেংগালুৰু নিবাসী ভাৰতীয় লেখিকা। তেওঁ ২০০৯ চনত তেওঁৰ প্ৰথম উপন্যাস কাইট ষ্ট্ৰিংছ প্ৰকাশ কৰে আৰু এতিয়ালৈকে প্ৰায় ৪০খন গ্ৰন্থ লিখিছে।[1][2] তেওঁৰ লেখাসমূহ বিশেষকৈ মুছলমান পৰিয়াল, সামাজিক সম্পৰ্ক, পৰিৱৰ্তন, প্ৰেম আৰু দৈনন্দিন জীৱনৰ অভিজ্ঞতাক কেন্দ্ৰ কৰি থাকে। আনদলিবে তেওঁৰ কাহিনীৰ জৰিয়তে সমাজত বিদ্যমান ধাৰণাসমূহক প্ৰশ্নবোধ কৰে আৰু পাঠকসকলক চিন্তনলৈ বাধ্য কৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]আন্দলিব ৱাজিদ ১০ বছৰ বয়সতে লিখা আৰম্ভ কৰিছিল। তেওঁ বাল্ডউইন গাৰ্লছ হাইস্কুলত বিদ্যালয় শিক্ষা গ্ৰহণ কৰিছিল আৰু পাছলৈ জ্যোতি নিবাস কলেজত অধ্যয়ন কৰিছিল। তেওঁ বিবাহিতা আৰু তেওঁৰ দুজন পুত্ৰ আছে। তেওঁৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা আৰু পৰিয়ালৰ জীৱন তেওঁৰ লেখা-কৰ্মত স্পষ্টভাৱে প্ৰভাৱ পেলাইছে।
গ্ৰন্থসূচী
[সম্পাদনা কৰক]উপন্যাস
[সম্পাদনা কৰক]উপন্যাসসমূহৰ পৰিচয়
[সম্পাদনা কৰক]- কাইট ষ্ট্ৰিংছ (২০০৯): এটা মুছলমান পৰিয়ালৰ কিশোৰৰ কাহিনী, যি কোনো স্পষ্ট কাৰণৰ বাবে বিদ্ৰোহী।
- ব্লিংকাৰ্ছ অফ (২০১১): নূৰ নামৰ এজনী ছোৱালীৰ প্ৰেম কাহিনী। এই উপন্যাসৰ জৰিয়তে ৱাজিদে সৌন্দৰ্যৰ দৃষ্টিভংগীক একপ্ৰকাৰৰ প্ৰশ্ন কৰিছে।
- মাই ব্ৰাদাৰ্ছ ৱেডিং (২০১৩): এজনী ছোৱালীৰ কাহিনী, যিয়ে তেওঁৰ ভায়েকৰ বাবে ছোৱালী বিচৰাৰ অভিজ্ঞতা ব্লগ কৰা আৰম্ভ কৰে।
- মোৰ দ্যান জাষ্ট বিৰিয়ানি (২০১৪): একেটা পৰিয়ালৰ তিনিটা পুৰণি প্ৰজন্মৰ মহিলাৰ কাহিনী বৰ্ণনা কৰে। কিতাপখন লেখকৰ পিতৃৰ মৃত্যুৰ তিনিটা মাহ পূৰ্বৰ ভিডিঅ’ৰপৰা অনুপ্ৰাণিত হৈছিল। ভিডিঅ’ত মাতৃ খুব সুখী দেখা গৈছিল, কিন্তু তেওঁ কল্পনাও নকৰিছিল যে তিনিটা মাহৰ ভিতৰত তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হ'ব।
- তামান্না ত্ৰয়ী (২০১৪): তামান্না নামৰ এগৰাকী যুৱতী সম্পৰ্কীয় তিনিখন কিতাপৰ শৃংখলা। কাহিনী আগবঢ়োতে দেখুৱায় কেনেকৈ তামান্নাৰ জীৱনত ঘটিবলগীয়া ঘটনা আৰু তেওঁৰ মাতৃৰ কিশোৰ অৱস্থাৰ ঘটনাৱলী এই শৃংখলাত প্ৰকাশ পায়।
- হোৱেন সি ৱেণ্ট এৱে (২০১৬): এগৰাকী মহিলাৰ কাহিনী, যিয়ে নিজৰ স্বামী আৰু সন্তানক এৰি অদৃশ্য হৈ যায়। এই গল্পত ১৬বছৰীয়া সময়ছোৱাৰ কাহিনী বৰ্ণনা কৰা হৈছে আৰু কিয় তেওঁ এৰি গৈছিল আৰু কেতিয়াও উভতি নাহিল সেয়া বুজাবলৈ চেষ্টা কৰিছে।
- আছমাৰাজ ছামাৰ (২০১৬): এজনী ১৭বছৰীয়া ছোৱালীৰ কাহিনী, যিয়ে গ্ৰীষ্মকালত তেওঁৰ ককা-আইতাৰ সৈতে থাকিবলৈ যায়। তেওঁ সুখী নহয়, কিন্তু কাহিনী আগবঢ়োতে তেওঁৰ জীৱন স্থায়ীভাৱে সলনি হয়।
- টুৱেণ্টি-নাইন গোয়িং অন থাৰ্টি (২০১৮): বেংগালুৰুৰ এজনী ছোৱালী প্ৰিয়াৰ কাহিনী, যাৰ বয়স ৩০ বছৰ।
- হাউচ অৱ স্ক্ৰিমছ (২০১৮): এজন যুৱকৰ পৰিয়ালকেন্দ্ৰিক ভয়ংকৰ কাহিনী।
প্ৰভাৱ
[সম্পাদনা কৰক]আন্দলিব ৱাজিদৰ লেখাসমূহে ভাৰতীয় সাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰিছে। তেওঁৰ উপন্যাসসমূহ বিশেষকৈ পৌৰাণিক কাহিনী, আধুনিক জীৱন আৰু নাৰী জীৱনৰ অভিজ্ঞতাক সমন্বয়ক প্ৰতিফলিত কৰে। তেওঁৰ কাহিনীসমূহে পাঠকৰ মনোযোগ আকৰ্ষণ কৰে আৰু জীৱনৰ বিভিন্ন দিশৰ বাস্তৱতা দেখুৱায়।
আন্দলিব ৱাজিদৰ কাহিনীসমূহ কেৱল কল্পনা নহয়, বৰ্ণনাৰ মাজেৰে পাঠকক বাস্তৱ জীৱনৰ অনুভূতিৰ সৈতে জড়িত কৰে। তেওঁ প্ৰেম, সম্পৰ্ক, পৰিয়াল আৰু সামাজিক পৰিসৰেৰে সম্পৰ্কিত বিষয়বোৰ সহজ ভাষাত উপস্থাপন কৰে, আৰু তেওঁৰ শৈলী পাঠকৰ মনৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰে। সেয়ে তেওঁৰ উপন্যাসসমূহে পঢ়ুৱৈক অনুপ্ৰাণিত কৰে।[13][14] তেওঁৰ লেখাসমূহে নৱীন পাঠকৰ বাবে ভাৰতীয় সাহিত্যৰ এক অনন্য অভিজ্ঞতা প্ৰদান কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Women's Day: Writing is like breathing for me. I have to do it, says Andaleeb Wajid" (en ভাষাত). Moneycontrol. ৮ মাৰ্চ ২০২২. https://www.moneycontrol.com/news/interview/womens-day-writing-is-like-breathing-for-me-i-have-to-do-it-says-andaleeb-wajid-8205851.html। আহৰণ কৰা হৈছে: ২০২৩-০১-২৭.
- ↑ Wajid, Andaleeb (১০ জুলাই ২০২১). "'My husband died of Covid-19. To channel my pain, I went back to writing the novel I had started'" (en ভাষাত). Scroll.in. https://scroll.in/article/999803/my-husband-died-of-covid-19-to-channel-my-pain-i-went-back-to-writing-the-novel-i-had-started। আহৰণ কৰা হৈছে: ২০২৩-০১-২৭.
- ↑ Wajid, Andaleeb (2009). Kite strings. প্ৰকাশক New Delhi: Cedar Books. ISBN 978-81-223-1083-2. OCLC 456521409.
- ↑ Khan, Salam (2011). Blinkers off (First ed., 2011 সম্পাদনা). প্ৰকাশক [Place of publication not identified]: The Times Group Books. ISBN 978-93-80942-33-9. OCLC 941027589.
- ↑ Wajid, Andaleeb (2013). My brother's wedding. প্ৰকাশক New Delhi: Rupa Publications India. ISBN 978-81-291-2399-2. OCLC 843540001. https://archive.org/details/mybrothersweddin0000waji.
- ↑ Wajid, Andaleeb (2014). More than just biryani. প্ৰকাশক New Delhi. ISBN 978-93-81506-40-0. OCLC 875365579.
- ↑ "In the pages of a book" (en-IN ভাষাত). The Hindu. 2014-05-21. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/in-the-pages-of-a-book/article6033310.ece.
- ↑ Wajid, Andaleeb (2015). When she went away. প্ৰকাশক Chennai. ISBN 978-93-83331-23-9. OCLC 945955408.
- ↑ "When She Went Away" (en-US ভাষাত). Varsha Seshan's Official Website. 2018-06-27. https://www.varshaseshan.com/when-she-went-away/। আহৰণ কৰা হৈছে: 2023-01-27.
- ↑ Wajid, Andaleeb (2016). Asmara's summer. প্ৰকাশক Gurgaon. ISBN 978-0-14-342540-3. OCLC 945718501.
- ↑ WAJID, ANDALEEB (2018). TWENTY-NINE GOING ON THIRTY. প্ৰকাশক [Place of publication not identified]: Penguin Books India. ISBN 978-0-14-344118-2. OCLC 1028585642.
- ↑ Web, Women's (2018-11-14). "Those Screams Inside The House At Night... What Were They?" (en ভাষাত). Women's Web. Archived from the original on 2023-01-27. https://web.archive.org/web/20230127074742/https://www.womensweb.in/2018/11/house-of-screams-andaleeb-wajid-excerpt-nov18wk3sr/। আহৰণ কৰা হৈছে: 2023-01-27.
- ↑ "Andaleeb Wajid is the author of fourteen published novels". Penguin Random House India. https://www.penguin.co.in/book_author/andaleeb-wajid/। আহৰণ কৰা হৈছে: 2025-02-20.
- ↑ "Andaleeb Wajid: Writing is like breathing for me". Moneycontrol. https://www.moneycontrol.com/news/interview/womens-day-writing-is-like-breathing-for-me-i-have-to-do-it-says-andaleeb-wajid-8205851.html। আহৰণ কৰা হৈছে: 2025-02-20.