সমললৈ যাওক

আন্না আন্দ্ৰেভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আন্না আন্দ্ৰেভা
জন্ম আন্না আলেক্সিভনা প্ৰচোলভা টম্বোভ
১৭ আগষ্ট, ১৯১৭
টম্বোভ, ৰাছিয়ান এম্পায়াৰ
মৃত্যু ২৭ ফেব্ৰুৱাৰী, ২০০৮ (৯০ বছৰ)
মস্কো, ৰাছিয়া
ৰাষ্ট্ৰীয়তা ৰাছিয়ান
বঁটা, সন্মান, পুৰস্কাৰ আদি * Repin's All-Union Prise for the textile design: "Borodino" 1961
  • Lenin's All Union Award for the textile design "Moscow streets" 1959


আন্না আন্দ্ৰেভা (১৭ আগষ্ট, ১৯১৭ – ২৭ ফেব্ৰুৱাৰী, ২০০৮) এগৰাকী ৰাছিয়ান বস্ত্ৰ ডিজাইনাৰ আছিল। ১৯৪৬ চনৰ পৰা ১৯৮৪ চনলৈকে মস্কোৰ ৰেড ৰোজ ৰেচম কাৰখানাত আন্দ্ৰেভা এগৰাকী আগশাৰীৰ শিল্পী আছিল।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

আন্দ্ৰেভাৰ বস্ত্ৰ ডিজাইন, "কিউবছ", "অলিম্পিক",[2] "আৰ্বান গ্ৰীড", "ছোভিয়েট স্প'ৰ্ট", আৰু "ছ'ভিয়েট কচম'ছ" আদিৰ বাবে গণ উৎপাদন হৈছিল আৰু ১৯৬০ আৰু ১৯৭০ চনত সমাজবাদী গণৰাজ্যৰ ভিতৰত বিতৰণ কৰা আটাইতকৈ জনপ্ৰিয় প্ৰিণ্টসমূহৰ ভিতৰত আছিল[3] আৰু ইয়াক প্ৰায়ে ইউএছএছআৰৰ ডেকোৰেটিভ আৰ্টছ আলোচনীত প্ৰকাশ কৰা হৈছিল (ডেকোৰেটিভনো ইস্কুষ্টভো এছএছএছআৰ)।[4][5]

আন্তঃৰাষ্ট্ৰীয় বস্ত্ৰ প্ৰদৰ্শনীত উপস্থাপন কৰা আৰু আনকি ছোভিয়েট চৰকাৰে ফৰাচী আৰু ইটালীৰ বস্ত্ৰ উদ্যোগলৈও ব্যৱসায় কৰা আইকনিক ছোভিয়েট অপটিকেল জ্যামিতিক আৰু ফুলৰ প্ৰিণ্টৰ তেওঁ সৃষ্টিকৰ্তাও। গণ উৎপাদনৰ বাবে কৰা বিস্তৃত কামৰ বাহিৰেও আন্দ্ৰেভাক চৰকাৰী উদ্দেশ্যৰ বাবে একচেটিয়া ডিজাইন প্ৰস্তুত কৰিবলৈ প্ৰায়ে মাতি অনা হৈছিল। তেওঁৰ অংকনৰ পিছত ৰেচমৰ চাদৰ সাংস্কৃতিক কূটনীতিৰ অংশ হিচাপে অন্য দেশৰ ৰাজনৈতিক নেতাসকলক ছোভিয়েট চৰকাৰী প্ৰতিনিধি দল প্ৰদান কৰা হৈছিল। মহাকাশৰ প্ৰথমজন মানুহ ইউৰি গাগাৰিনক উৎসৰ্গিত তেওঁৰ ৰচনা “কচমছ” ১৯৬১ চনত নিকিতা ক্ৰুছেভৰ প্ৰথম যুক্তৰাজ্য ভ্ৰমণৰ সময়ত দ্বিতীয় ৰাণী এলিজাবেথৰ ওচৰত আনুষ্ঠানিকভাৱে উপহাৰ দিয়া হৈছিল। মহিলা বিশ্ব কংগ্ৰেছৰ বাবে তেওঁৰ ডিজাইন ১৯৬৩ চনৰ ২৪–২৯ জুলাইত মস্কোৰ পঞ্চম বিশ্ব মহিলা কংগ্ৰেছৰ প্ৰতীক হৈ পৰে। ৬০ৰ দশকত আন্দ্ৰেভাই মস্কোত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে কেইবাটাও ডিজাইন তৈয়াৰ কৰিছিল।[6][7] উৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ বাবে ৰাজ্যিক পৃষ্ঠপোষকতাত কাম কৰা এগৰাকী সজ্জাগত শিল্পী হিচাপে তেওঁক সূক্ষ্ম কলা লগৰ আনসকলতকৈ কৌশল আৰু আৰ্হিৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰাৰ অধিক স্বাধীনতা প্ৰদান কৰা হৈছিল।[8]

বৃহৎ জ্যামিতিক টেপেষ্ট্ৰী অন্তৰ্ভুক্ত কৰা তেওঁৰ ধাৰাবাহিক "বিদ্যুৎকৰণ"ই চেণ্ট পিটাৰ্ছবাৰ্গ মেনেজত অক্টোবৰ বিপ্লৱৰ চল্লিশ বছৰীয়া জয়ন্তীৰ অল ইউনিয়ন প্ৰদৰ্শনীত কেন্দ্ৰীয় বিষয় হিচাপে সেৱা আগবঢ়াইছিল। তেওঁৰ এই কামক অপটিকেল আৰ্টৰ ছোভিয়েট এনালগ বুলিও জনা যায়।[9] আন্দ্ৰেভাৰ ডিজাইনে মণ্ট্ৰিয়েলত ১৯৬৭ চনৰ এক্সপ’ত ছোভিয়েট বস্ত্ৰ উদ্যোগক প্ৰতিনিধিত্ব কৰিছিল। ছোভিয়েট সাজ-পোছাক ডিজাইনাৰ আলা লেভাশ্বেভাৰ সৈতে আন্দ্ৰেভাই টকিঅ'ত ১৯৭০ চনৰ এক্সপ'ত ছোভিয়েট বস্ত্ৰ ধাৰণাসমূহৰ এটা বিশেষ প্ৰদৰ্শনী মঞ্চ নিৰ্মাণ কৰে।[10][11]

“হিষ্টোৰী অফ ফেশ্বন’’ প্ৰদৰ্শনী ২০১৫
“দা থ’’’ প্ৰদৰ্শনী, মস্কো সংগ্ৰহালয়, ২০১৭
“মস্কো ফেব্ৰিক’’ প্ৰদৰ্শনী, মস্কো সংগ্ৰহালয়, ২০১৯

১৯৪৬ চনত যোগদান কৰা ইউ এছ এছ আৰৰ আৰ্টিষ্ট ইউনিয়নত আন্দ্ৰেভাই কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল। ১৯৬০ চনৰ পৰা ১৯৭০ চনলৈকে তেওঁ ইয়াৰ বস্ত্ৰ আৰু সজ্জা কলা বিভাগৰ মুৰব্বী আছিল। সমাজবাদী ব্লকৰ ভিতৰত বস্ত্ৰ উদ্যোগ আৰু ৰেচম উৎপাদনৰ বাবে নেটৱৰ্ক স্থাপনৰ দায়িত্বও আছিল। তেওঁ মধ্য এছিয়া, জৰ্জিয়া, আৰ্মেনিয়া আৰু উৰালৰ ৰেচম কাৰখানাসমূহৰ লগতে ইউনিয়নৰ বাবে চেনেটৰিয়ামসমূহৰ কলাত্মক সমিতিসমূহৰ তত্বাৱধান কৰিছিল।[12][13]

ব্যক্তিগত তথ্য

[সম্পাদনা কৰক]

১৯১৭ চনত আন্দ্ৰেভাই ৰাছিয়াৰ এটা ধনী বণিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। যেতিয়া পৰিয়ালটোৰ ঘৰ ৰাছিয়াৰ “ৰেড আৰ্মী’’য়ে জব্দ কৰে, তেতিয়া ৯ বছৰীয়া আন্দ্ৰেভাই দূৰৈৰ আত্মীয়ৰ সৈতে থাকিবলৈ মস্কোলৈ পলায়ন কৰে।[14] মস্কো টেক্সটাইল ইনষ্টিটিউটত প্ৰৱেশ কৰাৰ পূৰ্বে আন্দ্ৰেভাই ৰাবফাক স্কুল অৱ ৱৰ্কাৰছত পঢ়িছিল। ভ্লাদিমিৰ ফেভ’ৰস্কি আৰু ইগ’ৰ গ্ৰাবাৰৰ লেবত প্ৰৱেশ কৰিলে।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Exhibition “History of fashion: from avant-garde to GOST”, VDNH Exhibitions & Events, 2015
  2. MoMA artist collection, Moma.org. 2018
  3. "Thaw"- a fantastic experiment", Onscenes.weebly.com, 14 Feb 2017
  4. Alpatova I.A. “New in textile”. Decorative Arts in the USSR magazine, Moscow, 1961, №5, p. 9.
  5. Kaplan N. “Story line drawings in textile design”. Decorative Arts in the USSR magazine, Moscow, 1961, №11, p. 19-24.
  6. Alpatova I.A. “About the composition of a textile drawing”. Decorative Arts in the USSR magazine, Moscow, 1964, №2, p. 15-19.
  7. Derzhavin B., Pestel S. “Story line in the textile drawing”. Decorative Arts in the USSR magazine, Moscow, 1961, №2, p. 13-15.
  8. Karpova, Yulia (2020). Comradely objects Design and material culture in Soviet Russia, 1960s-80s. প্ৰকাশক [s.l.]. পৃষ্ঠা. 14. ISBN 978-1-5261-3986-3. OCLC 1163806230. https://www.worldcat.org/oclc/1163806230. 
  9. Catalogue of the exhibition of Elia Belutin’s Studio “From Manezh to Manezh”, Moscow, Soviet Artist, 1990.
  10. Goff S. «Fabric Cybernetics», tribunemag.co.uk, Aug 23, 2020
  11. Mak I. «How did the design of the soviet textile emerged as an art», vedomosti.ru, Oct 30, 2019
  12. Guseva K. «Anna Andreeva and her experimental designs», russianartandculture.com, 13 Sep 2018
  13. Kishkovsky S. «From textile factory to MoMA» Archived 2021-05-05 at the Wayback Machine, Russian Art Focus, 12 issue, Nov. 2019
  14. Erizanu, Paula. "How Soviet artist Anna Andreeva found freedom from state censors in fabric". The Calvert Journal. https://www.calvertjournal.com/features/show/12144/soviet-textile-artist-anna-andreeva-freedom-state-censors-fabric। আহৰণ কৰা হৈছে: 2021-04-02.